--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৰ্প দংশন নহয়, নহয় কোনো বিষাক্ত পোকৰো দংশন । উৰহৰ কামোৰতে প্ৰাণ গ’ল এজন কাৰাবন্দীৰ। এই ঘটনা ঘটিছে আমেৰিকাৰ আটলাণ্টাৰ কাৰাগাৰত।  উৰহৰ কামোৰত বন্দীৰ মৃত্যু হোৱাৰ অভিযোগে এতিয়া বহুতকে  আচৰিত কৰি তুলিছে।

 অভিযোগ অনুসৰি কাৰাগাৰত থকা  পোক-পতংগ আৰু উৰহৰ কামোৰৰ ফলতে এজন বন্দীৰ মৃত্যু হৈছে। মৃত কয়েদীজনৰ পৰিয়ালে দাবী কৰিছে যে পোক-পতংগ আৰু উৰহে  জীৱিত অৱস্থাতে কাৰাবন্দী জনৰ বিভিন্ন অংগ খাই পেলায়!  


সেয়ে অসহ্য যন্ত্ৰণা ভুগি  অৱশেষত তেওঁৰ মৃত্যু হয়। জানিব পৰা মতে  ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত লেচন থম্পছন নামৰ লোক জনক  শাস্তি প্ৰদান কৰা হৈছিল। তেওঁক কিছুদিন সাধাৰণ কাৰাগাৰত ৰখা হৈছিল  যদিও  বিচাৰকসকলে দোষী ব্যক্তিজনক মানসিকভাৱে অসুস্থ বুলি ঘোষণা কৰে।  তাৰ পিছতে তেওঁক ফুলটন কাউণ্টি কাৰাগাৰৰ মনোৰোগ শাখালৈ স্থানান্তৰ কৰা হৈছিল। 

তাতেই তেওঁক উৰহ আৰু আন পতংগই কামুৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। উল্লেখ্য আমেৰিকাৰ সেই কাৰাগাৰ খন অতি লেতেৰা বুলি বহুতে অভিযোগ কৰি আহিছে। লেতেৰা পৰিবেশৰ বাবেই কাৰাগাৰ খনত জাক জাক উৰহ আৰু আন পতংগই বাহ বান্ধিছে। তেনে পতংগ আৰু উৰহৰ কামোৰতে  বন্দী জনৰ মৃত্যু হোৱা বুলি লোক জনৰ পৰিয়ালে অভিযোগ কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস