--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৰ্প দংশন নহয়, নহয় কোনো বিষাক্ত পোকৰো দংশন । উৰহৰ কামোৰতে প্ৰাণ গ’ল এজন কাৰাবন্দীৰ। এই ঘটনা ঘটিছে আমেৰিকাৰ আটলাণ্টাৰ কাৰাগাৰত।  উৰহৰ কামোৰত বন্দীৰ মৃত্যু হোৱাৰ অভিযোগে এতিয়া বহুতকে  আচৰিত কৰি তুলিছে।

 অভিযোগ অনুসৰি কাৰাগাৰত থকা  পোক-পতংগ আৰু উৰহৰ কামোৰৰ ফলতে এজন বন্দীৰ মৃত্যু হৈছে। মৃত কয়েদীজনৰ পৰিয়ালে দাবী কৰিছে যে পোক-পতংগ আৰু উৰহে  জীৱিত অৱস্থাতে কাৰাবন্দী জনৰ বিভিন্ন অংগ খাই পেলায়!  


সেয়ে অসহ্য যন্ত্ৰণা ভুগি  অৱশেষত তেওঁৰ মৃত্যু হয়। জানিব পৰা মতে  ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত লেচন থম্পছন নামৰ লোক জনক  শাস্তি প্ৰদান কৰা হৈছিল। তেওঁক কিছুদিন সাধাৰণ কাৰাগাৰত ৰখা হৈছিল  যদিও  বিচাৰকসকলে দোষী ব্যক্তিজনক মানসিকভাৱে অসুস্থ বুলি ঘোষণা কৰে।  তাৰ পিছতে তেওঁক ফুলটন কাউণ্টি কাৰাগাৰৰ মনোৰোগ শাখালৈ স্থানান্তৰ কৰা হৈছিল। 

তাতেই তেওঁক উৰহ আৰু আন পতংগই কামুৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। উল্লেখ্য আমেৰিকাৰ সেই কাৰাগাৰ খন অতি লেতেৰা বুলি বহুতে অভিযোগ কৰি আহিছে। লেতেৰা পৰিবেশৰ বাবেই কাৰাগাৰ খনত জাক জাক উৰহ আৰু আন পতংগই বাহ বান্ধিছে। তেনে পতংগ আৰু উৰহৰ কামোৰতে  বন্দী জনৰ মৃত্যু হোৱা বুলি লোক জনৰ পৰিয়ালে অভিযোগ কৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব