--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনে আজি আনুষ্ঠানিকভাৱে ইউক্ৰেইনৰ ডনবাছ অঞ্চলত এক বিশেষ সামৰিক অভিযান ৰ ঘোষণা কৰিছে। সমান্তৰালকৈ ইউক্ৰেইনৰ বহুঠাইৰ পৰা মিছাইল আক্ৰমণৰ প্ৰতিবেদন আহিছে। যুদ্ধৰ সাম্ভাব্য আক্ৰমণক লৈ বৰ্তমান সমগ্ৰ পৃথিৱীতে উত্তেজনা সৃষ্টি হৈছে। ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা অনুসৰি, ইউক্ৰেইনত ২০,০০০ ভাৰতীয় শিক্ষাৰ্থী অধ্যয়ন কৰি আছে। ইয়াৰ ভিতৰত, কমেও ১৮০গৰাকী শিক্ষাৰ্থী কাশ্মীৰী, যিসকল বৰ্তমান ইউক্ৰেইনত আবদ্ধ হৈ আছে। জম্মু-কাশ্মীৰ ছাত্ৰসন্থাৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নাছিৰ খুহমীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ইউক্ৰেইনৰ মহাবিদ্যালয়সমূহত পেছাদাৰী আৰু অ-পেছাদাৰী পাঠ্যক্ৰমৰ অধীনত অধ্যয়ন কৰি থকা ১৮০ৰ পৰা ২০০ কাশ্মীৰী শিক্ষাৰ্থী আবদ্ধ হৈ অঞ্চলতে ৰাছিয়াৰ সেনাই এক বৃহৎ সামৰিক অভিযান আৰম্ভ কৰিছে। আন এক প্ৰতিবেদন অনুসৰি, শ্ৰীনগৰৰ হাইদৰপোৰাৰ বাসিন্দা এজাজ আহমেদে কয় যে ‘মোৰ একমাত্ৰ পুত্ৰ ইউক্ৰেইনত পঢ়ি আছে। মই এতিয়া খুবেই চিন্তিত হৈ পৰিছো, কাৰণ মই তেওঁৰ সৈতে কোনোধৰণে যোগাযোগ কৰিব পৰা নাই। তেওঁ কয় যে ইউক্ৰেইনত অধ্যয়ন কৰি থকা সকলো শিক্ষাৰ্থীৰ অভিভাৱকে তেওঁলোকৰ সন্তানক সুৰক্ষিতভাৱে ঘৰলৈ উভতি অহাৰ বাবে শ্ৰীনগৰৰ প্ৰেছ এনক্লেভত একত্ৰিত হোৱাৰ সিদ্ধান্ত লৈছে। জম্মু-কাশ্মীৰ প্ৰশাসনে সংবাদ মাধ্যমক সদৰী কৰা অনুসৰি, কাশ্মীৰৰ ৰাজভৱনে ইউক্ৰেইনত অধ্যয়ন কৰি থকা সকলো শিক্ষাৰ্থীক দ্ৰুতগতিত ঘূৰাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ‘প্ৰশাসনে ইতিমধ্যে ইউক্ৰেইনৰ দূতাবাস কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি আছো আৰু সকলো কাশ্মীৰি শিক্ষাৰ্থীক সুৰক্ষিতভাৱে ঘূৰাই আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক