--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনে আজি আনুষ্ঠানিকভাৱে ইউক্ৰেইনৰ ডনবাছ অঞ্চলত এক বিশেষ সামৰিক অভিযান ৰ ঘোষণা কৰিছে। সমান্তৰালকৈ ইউক্ৰেইনৰ বহুঠাইৰ পৰা মিছাইল আক্ৰমণৰ প্ৰতিবেদন আহিছে। যুদ্ধৰ সাম্ভাব্য আক্ৰমণক লৈ বৰ্তমান সমগ্ৰ পৃথিৱীতে উত্তেজনা সৃষ্টি হৈছে। ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা অনুসৰি, ইউক্ৰেইনত ২০,০০০ ভাৰতীয় শিক্ষাৰ্থী অধ্যয়ন কৰি আছে। ইয়াৰ ভিতৰত, কমেও ১৮০গৰাকী শিক্ষাৰ্থী কাশ্মীৰী, যিসকল বৰ্তমান ইউক্ৰেইনত আবদ্ধ হৈ আছে। জম্মু-কাশ্মীৰ ছাত্ৰসন্থাৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নাছিৰ খুহমীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ইউক্ৰেইনৰ মহাবিদ্যালয়সমূহত পেছাদাৰী আৰু অ-পেছাদাৰী পাঠ্যক্ৰমৰ অধীনত অধ্যয়ন কৰি থকা ১৮০ৰ পৰা ২০০ কাশ্মীৰী শিক্ষাৰ্থী আবদ্ধ হৈ অঞ্চলতে ৰাছিয়াৰ সেনাই এক বৃহৎ সামৰিক অভিযান আৰম্ভ কৰিছে। আন এক প্ৰতিবেদন অনুসৰি, শ্ৰীনগৰৰ হাইদৰপোৰাৰ বাসিন্দা এজাজ আহমেদে কয় যে ‘মোৰ একমাত্ৰ পুত্ৰ ইউক্ৰেইনত পঢ়ি আছে। মই এতিয়া খুবেই চিন্তিত হৈ পৰিছো, কাৰণ মই তেওঁৰ সৈতে কোনোধৰণে যোগাযোগ কৰিব পৰা নাই। তেওঁ কয় যে ইউক্ৰেইনত অধ্যয়ন কৰি থকা সকলো শিক্ষাৰ্থীৰ অভিভাৱকে তেওঁলোকৰ সন্তানক সুৰক্ষিতভাৱে ঘৰলৈ উভতি অহাৰ বাবে শ্ৰীনগৰৰ প্ৰেছ এনক্লেভত একত্ৰিত হোৱাৰ সিদ্ধান্ত লৈছে। জম্মু-কাশ্মীৰ প্ৰশাসনে সংবাদ মাধ্যমক সদৰী কৰা অনুসৰি, কাশ্মীৰৰ ৰাজভৱনে ইউক্ৰেইনত অধ্যয়ন কৰি থকা সকলো শিক্ষাৰ্থীক দ্ৰুতগতিত ঘূৰাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ‘প্ৰশাসনে ইতিমধ্যে ইউক্ৰেইনৰ দূতাবাস কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি আছো আৰু সকলো কাশ্মীৰি শিক্ষাৰ্থীক সুৰক্ষিতভাৱে ঘূৰাই আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩ জুলাইত সংঘটিত হ’ব গ্ৰহণ যোগ! এই ৩টা ৰাশিৰ হ'ব ক্ষতি
ভাৰতৰ বজাৰত প্ৰৱেশ বহু প্রত্যাশিত এ আই+ স্মার্টফ'ন
আমেৰিকাৰ বায়ুসেনাৰ শীৰ্ষ পদত অসম সন্তান মনজিত বৰ্মন
অসমত থকাৰ বাবেই কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃত নহ'ল টোকোলাই চাহ গৱেষণা কেন্দ্র
আজি পৱিত্ৰ গুৰু পূৰ্ণিমা, আজিৰে পৰা কপাল ফুলিব এইকেইটা ৰাশিৰ ভাগ্য
ভাৰতলৈ সুখবৰ ! ভাৰতীয় মূলৰ ছাবিহ খানক এপ'লৰ নতুন COO হিচাপে নিযুক্তি
২১ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন
এমাহৰ ভিতৰতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই