--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ট্রাম্পে ভাৰতৰ বিৰুদ্ধে আৰোপ কৰা ৫০% শুল্ক আজিৰে পৰা কাৰ্যকৰী কৰাৰ আদেশ-পত্ৰত স্বাক্ষৰ কৰিছে।

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ শুল্ক দম্ভালিক প্ৰত্যুত্তৰ দিয়াৰ বাবে সাজু হৈছে বিশ্বৰ আগশাৰীৰ ২০জন নেতা।


উল্লেখযোগ্য যে ট্রাম্পে ভাৰতৰ বিৰুদ্ধে আৰোপ কৰা ৫০% শুল্ক আজিৰে পৰা কাৰ্যকৰী কৰাৰ আদেশ-পত্ৰত স্বাক্ষৰ কৰিছে। ইয়াৰ উপৰি আন কেইবাখনো দেশৰ বিৰুদ্ধেও আমেৰিকাই সমানুপাতিক শুল্ক আৰোপ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিজনে সমগ্র বিশ্বৰ বিৰুদ্ধে শুল্ক যুদ্ধ আৰম্ভ কৰাৰ সময়তে চীনৰ তিয়ানজিনত শ্বাংহাই সহযোগিতা সংগঠনৰ শীৰ্ষ সন্মিলনত এই নেতাসকল মিলিত হ'ব।


প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপৰি চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনকো শীর্ষ সন্মিলনত একেখন মঞ্চতে দেখা পোৱা যাব। এই শীর্ষ সম্মিলন আমেৰিকাৰ বাবে উদ্বেগৰ কাৰণ হ'ব পাৰে।


 উল্লেখযোগ্য যে ট্রাম্পৰ শুল্ক দম্ভালিৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে শ্বাংহাই সহযোগিতা সংগঠনৰ শীৰ্ষ সম্মিলনে বিশ্বত এক নতুন সমীকৰণ সৃষ্টি কৰিব পাৰে। চীনৰ সহকাৰী বিদেশ মন্ত্রী লিউ বিনে প্রকাশ কৰা মতে, বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰি আন কেইবাখনো দেশৰ নেতা চামিল হ'ব। দুদিনীয়া শীর্ষ সন্মিলনত ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এন্টনিঅ' গুটাৰেছো উপস্থিত থাকিব। তেওঁ জনোৱা মতে, শীর্ষ সন্মিলনত এখন যুটীয়া ঘোষণা-পত্রতো নেতাসকলে হস্তাক্ষৰ কৰিব। চীনৰ বিদেশ মন্ত্ৰীজনে প্রকাশ কৰা অনুসৰি শীর্ষ সন্মিলনত মোদী, পুটিন, জিনপিঙৰ উপৰি ইৰানৰ ৰাষ্ট্ৰপতি মাছুজ পেজেস্কিয়ান, তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেছেপ তৈয়প এর্দোগান, মালয়েছিয়াৰ প্রধানমন্ত্রী আনোৱাৰ ইব্রাহীম আৰু পাকিস্তানৰ উপ-প্রধানমন্ত্রী তথা বিদেশ মন্ত্রী ইশ্বাক ডৰো উপস্থিত থাকিব।


উল্লেখযোগ্য যে শীর্ষ সন্মিলনৰ জৰিয়তে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পলৈ এটা শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব বুলি কোৱা হৈছে। বিনে প্রকাশ কৰা মতে, এইবাৰ শীৰ্ষ সম্মিলন অলপ সুকীয়াধৰণৰ হ'ব। এইবাৰ সন্মিলন এক বিশেষ দেশৰ চৰিত্ৰৰ পৰা পৃথক হ'ব বুলি তেওঁ কয়। বিনে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পৰ নাম নোলোৱাকৈ তেওঁক সমালোচনা কৰি কয় যে একাংশ দেশে নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থক আন দেশৰ ওপৰত জাপি দিবলৈ বিচাৰিছে। ইফালে চীনত প্রধানমন্ত্রী মোদী আৰু ৰাষ্ট্ৰপতি পুটিনক বিশেষভাৱে আদৰণি জনাব চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে। জিনপিঙে দুয়োজন নেতাকে ব্যক্তিগতভাৱে আদৰণি জনাব।


এটা বাতৰি প্ৰতিষ্ঠানে প্রকাশ কৰা অনুসৰি এই শীর্ষ সন্মিলনৰ জৰিয়তে ভাৰতকে ধৰি এই দেশকেইখনে এক শক্তিশালী ঐক্য প্ৰদৰ্শন কৰিব আমেৰিকাক। শীর্ষ সন্মিলন ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। জানিব পৰা মতে, শীর্ষ সন্মিলনৰ একাষৰত ৰাষ্ট্ৰপতি জিনপিঙে প্রধানমন্ত্রী মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাও কৰিব। দুয়োখন দেশৰ মাজৰ সম্পৰ্ক স্বাভাৱিক কৰাত প্ৰধানমন্ত্ৰীৰ এই ভ্রমণে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি কোৱা হৈছে। উল্লেখযোগ্য যে শ্বাংহাই সহযোগিতা সংগঠনৰ সদস্য দেশৰ সংখ্যা হ'ল ১০খন।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ