--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ট্রাম্পে ভাৰতৰ বিৰুদ্ধে আৰোপ কৰা ৫০% শুল্ক আজিৰে পৰা কাৰ্যকৰী কৰাৰ আদেশ-পত্ৰত স্বাক্ষৰ কৰিছে।

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ শুল্ক দম্ভালিক প্ৰত্যুত্তৰ দিয়াৰ বাবে সাজু হৈছে বিশ্বৰ আগশাৰীৰ ২০জন নেতা।


উল্লেখযোগ্য যে ট্রাম্পে ভাৰতৰ বিৰুদ্ধে আৰোপ কৰা ৫০% শুল্ক আজিৰে পৰা কাৰ্যকৰী কৰাৰ আদেশ-পত্ৰত স্বাক্ষৰ কৰিছে। ইয়াৰ উপৰি আন কেইবাখনো দেশৰ বিৰুদ্ধেও আমেৰিকাই সমানুপাতিক শুল্ক আৰোপ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতিজনে সমগ্র বিশ্বৰ বিৰুদ্ধে শুল্ক যুদ্ধ আৰম্ভ কৰাৰ সময়তে চীনৰ তিয়ানজিনত শ্বাংহাই সহযোগিতা সংগঠনৰ শীৰ্ষ সন্মিলনত এই নেতাসকল মিলিত হ'ব।


প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপৰি চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনকো শীর্ষ সন্মিলনত একেখন মঞ্চতে দেখা পোৱা যাব। এই শীর্ষ সম্মিলন আমেৰিকাৰ বাবে উদ্বেগৰ কাৰণ হ'ব পাৰে।


 উল্লেখযোগ্য যে ট্রাম্পৰ শুল্ক দম্ভালিৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে শ্বাংহাই সহযোগিতা সংগঠনৰ শীৰ্ষ সম্মিলনে বিশ্বত এক নতুন সমীকৰণ সৃষ্টি কৰিব পাৰে। চীনৰ সহকাৰী বিদেশ মন্ত্রী লিউ বিনে প্রকাশ কৰা মতে, বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰি আন কেইবাখনো দেশৰ নেতা চামিল হ'ব। দুদিনীয়া শীর্ষ সন্মিলনত ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এন্টনিঅ' গুটাৰেছো উপস্থিত থাকিব। তেওঁ জনোৱা মতে, শীর্ষ সন্মিলনত এখন যুটীয়া ঘোষণা-পত্রতো নেতাসকলে হস্তাক্ষৰ কৰিব। চীনৰ বিদেশ মন্ত্ৰীজনে প্রকাশ কৰা অনুসৰি শীর্ষ সন্মিলনত মোদী, পুটিন, জিনপিঙৰ উপৰি ইৰানৰ ৰাষ্ট্ৰপতি মাছুজ পেজেস্কিয়ান, তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেছেপ তৈয়প এর্দোগান, মালয়েছিয়াৰ প্রধানমন্ত্রী আনোৱাৰ ইব্রাহীম আৰু পাকিস্তানৰ উপ-প্রধানমন্ত্রী তথা বিদেশ মন্ত্রী ইশ্বাক ডৰো উপস্থিত থাকিব।


উল্লেখযোগ্য যে শীর্ষ সন্মিলনৰ জৰিয়তে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পলৈ এটা শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব বুলি কোৱা হৈছে। বিনে প্রকাশ কৰা মতে, এইবাৰ শীৰ্ষ সম্মিলন অলপ সুকীয়াধৰণৰ হ'ব। এইবাৰ সন্মিলন এক বিশেষ দেশৰ চৰিত্ৰৰ পৰা পৃথক হ'ব বুলি তেওঁ কয়। বিনে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পৰ নাম নোলোৱাকৈ তেওঁক সমালোচনা কৰি কয় যে একাংশ দেশে নিজৰ ৰাষ্ট্ৰীয় স্বাৰ্থক আন দেশৰ ওপৰত জাপি দিবলৈ বিচাৰিছে। ইফালে চীনত প্রধানমন্ত্রী মোদী আৰু ৰাষ্ট্ৰপতি পুটিনক বিশেষভাৱে আদৰণি জনাব চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে। জিনপিঙে দুয়োজন নেতাকে ব্যক্তিগতভাৱে আদৰণি জনাব।


এটা বাতৰি প্ৰতিষ্ঠানে প্রকাশ কৰা অনুসৰি এই শীর্ষ সন্মিলনৰ জৰিয়তে ভাৰতকে ধৰি এই দেশকেইখনে এক শক্তিশালী ঐক্য প্ৰদৰ্শন কৰিব আমেৰিকাক। শীর্ষ সন্মিলন ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। জানিব পৰা মতে, শীর্ষ সন্মিলনৰ একাষৰত ৰাষ্ট্ৰপতি জিনপিঙে প্রধানমন্ত্রী মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাও কৰিব। দুয়োখন দেশৰ মাজৰ সম্পৰ্ক স্বাভাৱিক কৰাত প্ৰধানমন্ত্ৰীৰ এই ভ্রমণে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি কোৱা হৈছে। উল্লেখযোগ্য যে শ্বাংহাই সহযোগিতা সংগঠনৰ সদস্য দেশৰ সংখ্যা হ'ল ১০খন।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু