--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ WWEৰ প্ৰাক্তন হেভীৱেট চেম্পিয়ন ব্ৰে ৱায়ট (Bray Wyatt) আৰু নাই। মাত্ৰ ৩৬ বছৰ বয়সতে জীৱন নাট সামৰি নেদেখা পৃথিৱীৰ সিপাৰলৈ গুচি গল ব্ৰে ৱায়ট। ব্ৰে ৱায়ট আছিল WWEৰ শ্ৰেষ্ঠ খেলুৱৈসকলৰ ভিতৰত এজন। তেওঁ দৰ্শকৰ মাজত জনপ্ৰিয় আছিল। তেওঁৰ জন্ম আমেৰিকাৰ ফ্ল’ৰিডা চহৰত হৈছিল। তেওঁৰ মৃত্যুৰ খবৰ ট্ৰিপল এইচে নিজৰ ছচিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে প্ৰকাশ কৰিছে। ডব্লিঅ’ ডব্লিঅ’ ইৰ মুখ্য সমল বিষয়া ট্ৰিপল এইচে টুইটযোগে এই খবৰ প্ৰকাশ কৰাৰ পাছতে তেওঁৰ অনুৰাগীসকল দুখত ভাগি পৰিছে।

WWEৰ মুখ্য কণ্টেণ্ট অফিচাৰ ট্ৰিপল এইচে এই খবৰ প্ৰকাশ কৰিছে নিজৰ টুইটাৰ (এক্স) একাউণ্টৰ জৰিয়তে। তেওঁ লিখিছে, ‘‘এইমাত্ৰ ,মই হল অব ফেমাৰ মাইক ৰটুণ্ডাৰ ফালৰ পৰা এটা কল আহিছে, যিয়ে কয় যে উইণ্ডহাম ৰটুণ্ডা যাক ব্ৰে ৱায়ট নামেৰে জনা যায়, তেওঁৰ মৃত্যু হৈছে। পৰিয়াললৈ আমাৰ সমবেদনা…।’’

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ব্ৰে ৱায়টৰ মৃত্যু হৃদয়ন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যোৱাৰ ফলত হয়। তেওঁ এই বছৰৰ আৰম্ভণিতে কোভিড–১৯ৰো চিকাৰ হৈছিল। ইয়াৰ ফলত তেওঁৰ হৃদৰোগ কিছু বাঢ়ি গৈছিল। যাৰ ফলত হঠাৎ হাৰ্ট এটেক অহাৰ ফলত তেওঁৰ মৃত্যু হয়। ২০০৯ চনত ফ্ল’ৰিডা চেম্পিয়নশ্বীপ ৰেষ্টলিংত তেওঁ প্ৰথমবাৰ অংশগ্ৰহণ কৰিছিল। ২০০৯ চনৰ এপ্ৰিলত তেওঁক প্ৰথমবাৰৰ বাবে টেলিভিছনত দেখা গৈছিল।

World Wrestling Entertainment (WWE) খেলুৱৈ ব্ৰে ৱায়টে ২০০৯ চনৰ ৫ ফেব্ৰুৱাৰীত Florida Championship Wrestlingত প্ৰথমবাৰৰ বাবে ৰিঙত অৱতীৰ্ণ হৈছিল। ইয়াৰ পিছত আৰু তেওঁ পিচলৈ ঘূৰি চাবলগীয়া নহ'ল। বৰ্ণময় কেৰিয়াৰত তেওঁ ডব্লিঅ’ ডব্লিঅ’ ইৰ খিতাপ অৰ্জন কৰি খেলুৱৈ জীৱন ধন্য় কৰিছিল। ইয়াৰোপৰি তেওঁ WWE Universal Championshipত ২বাৰকৈ খিতাপ অৰ্জন কৰিছিল। ১৯৮৭ চনৰ ২৩ মে' আমেৰিকাৰ ফ্ল'ৰিডা চহৰত জন্মগ্ৰহণ কৰিছিল খেলুৱৈগৰাকীয়ে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইল-ইৰানৰ যুদ্ধত আমেৰিকাৰ প্ৰৱেশ
দৰভংগা আদালতত গ্ৰেপ্তাৰ বিখ্যাত অধিবক্তা অম্বাৰ ইমাম হাছমী
কানাডাৰ পৰা ভাৰত জ্বলোৱাৰ পৰিকল্পনা খালিস্তানীৰ
মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ ছেমি ফাইনেলত
ৰাজ্যত কঠোৰভাৱে বলৱৎ হ'ব গো-সুৰক্ষা আইন
যুদ্ধত জড়িত হ'ব নে নহয় দুসপ্তাহত সিদ্ধান্ত ল'ব ট্রাম্পে
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত