--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ WWEৰ প্ৰাক্তন হেভীৱেট চেম্পিয়ন ব্ৰে ৱায়ট (Bray Wyatt) আৰু নাই। মাত্ৰ ৩৬ বছৰ বয়সতে জীৱন নাট সামৰি নেদেখা পৃথিৱীৰ সিপাৰলৈ গুচি গল ব্ৰে ৱায়ট। ব্ৰে ৱায়ট আছিল WWEৰ শ্ৰেষ্ঠ খেলুৱৈসকলৰ ভিতৰত এজন। তেওঁ দৰ্শকৰ মাজত জনপ্ৰিয় আছিল। তেওঁৰ জন্ম আমেৰিকাৰ ফ্ল’ৰিডা চহৰত হৈছিল। তেওঁৰ মৃত্যুৰ খবৰ ট্ৰিপল এইচে নিজৰ ছচিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে প্ৰকাশ কৰিছে। ডব্লিঅ’ ডব্লিঅ’ ইৰ মুখ্য সমল বিষয়া ট্ৰিপল এইচে টুইটযোগে এই খবৰ প্ৰকাশ কৰাৰ পাছতে তেওঁৰ অনুৰাগীসকল দুখত ভাগি পৰিছে।

WWEৰ মুখ্য কণ্টেণ্ট অফিচাৰ ট্ৰিপল এইচে এই খবৰ প্ৰকাশ কৰিছে নিজৰ টুইটাৰ (এক্স) একাউণ্টৰ জৰিয়তে। তেওঁ লিখিছে, ‘‘এইমাত্ৰ ,মই হল অব ফেমাৰ মাইক ৰটুণ্ডাৰ ফালৰ পৰা এটা কল আহিছে, যিয়ে কয় যে উইণ্ডহাম ৰটুণ্ডা যাক ব্ৰে ৱায়ট নামেৰে জনা যায়, তেওঁৰ মৃত্যু হৈছে। পৰিয়াললৈ আমাৰ সমবেদনা…।’’

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ব্ৰে ৱায়টৰ মৃত্যু হৃদয়ন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ যোৱাৰ ফলত হয়। তেওঁ এই বছৰৰ আৰম্ভণিতে কোভিড–১৯ৰো চিকাৰ হৈছিল। ইয়াৰ ফলত তেওঁৰ হৃদৰোগ কিছু বাঢ়ি গৈছিল। যাৰ ফলত হঠাৎ হাৰ্ট এটেক অহাৰ ফলত তেওঁৰ মৃত্যু হয়। ২০০৯ চনত ফ্ল’ৰিডা চেম্পিয়নশ্বীপ ৰেষ্টলিংত তেওঁ প্ৰথমবাৰ অংশগ্ৰহণ কৰিছিল। ২০০৯ চনৰ এপ্ৰিলত তেওঁক প্ৰথমবাৰৰ বাবে টেলিভিছনত দেখা গৈছিল।

World Wrestling Entertainment (WWE) খেলুৱৈ ব্ৰে ৱায়টে ২০০৯ চনৰ ৫ ফেব্ৰুৱাৰীত Florida Championship Wrestlingত প্ৰথমবাৰৰ বাবে ৰিঙত অৱতীৰ্ণ হৈছিল। ইয়াৰ পিছত আৰু তেওঁ পিচলৈ ঘূৰি চাবলগীয়া নহ'ল। বৰ্ণময় কেৰিয়াৰত তেওঁ ডব্লিঅ’ ডব্লিঅ’ ইৰ খিতাপ অৰ্জন কৰি খেলুৱৈ জীৱন ধন্য় কৰিছিল। ইয়াৰোপৰি তেওঁ WWE Universal Championshipত ২বাৰকৈ খিতাপ অৰ্জন কৰিছিল। ১৯৮৭ চনৰ ২৩ মে' আমেৰিকাৰ ফ্ল'ৰিডা চহৰত জন্মগ্ৰহণ কৰিছিল খেলুৱৈগৰাকীয়ে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস