--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্লিপৱাকিং বা টোপনিত খোজকঢ়াটো এটা বেমাৰ। ই এনে এক ৰোগ যিয়ে মানুহক টোপনিৰ দৰে অৱস্থাত খোজ কাঢ়িবলৈ প্ৰৰোচিত কৰে। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত এটা অদ্ভুত কথা উল্লেখ কৰা হৈছে য’ত এজন ল’ৰাই টোপনি গৈ থকা অৱস্থাত ১৬০ কিলোমিটাৰতকৈও অধিক দূৰত্ব অতিক্ৰম কৰিছিল। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে মঙলবাৰে প্ৰকাশ কৰা অনুসৰি ৩৬ বছৰ পূৰ্বে আমেৰিকাৰ ইণ্ডিয়ানাৰ পেৰুত ৰেলপথত এই ঘটনা সংঘটিত হৈছিল। মাইকেল ডিক্সনে খালী ভৰিৰে খোজকাঢ়ি আছিল আৰু পিন্ধিছিল কেৱল পাইজামা।

১৯৮৭ চনৰ ৬ এপ্ৰিলত মাজনিশা ২.৪৫ বজাত এটা ১১ বছৰীয়া ল’ৰাক ৰে’লৱেৰ এজন ক্ৰুৱে দেখা পায় আৰু ল’ৰাজনৰ অস্বাভাৱিক অৱস্থাৰ বিষয়ে আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে যেতিয়া তেওঁৰ ঠিকনাৰ বিষয়ে সোধাত ডিক্সনে কয় যে তেওঁ ইলিনয়ৰ ডেনভিলৰ বাসিন্দা। ডিক্সনে টোপনিত খোজকাঢ়ি নিজৰ ঘৰৰ ওচৰৰ ষ্টেচনৰ পৰা মালবাহী ৰেলত উঠি মাজনিশা ইমান দূৰ যাত্ৰা কৰিছিল। পিছত তেওঁ মিয়ামি কাউন্টি কল্যাণ বিভাগৰ এজন কেছৱৰ্কাৰক কয় যে তেওঁৰ ৰে’লত উঠা বা নমাৰ কথা মনত নাই। ভৰিত ঘাঁ হৈছিল আৰু নাৰ্চে তেওঁক চোৱাচিতা কৰিছিল। ইয়াৰ বাহিৰেও ল’ৰাটোৰ একো ক্ষতি হোৱা নাছিল।


ডিক্সনৰ মাকক পুত্ৰৰ বিষয়ে খবৰ দিয়াৰ লগে লগে পুত্ৰক ল’বলৈ আহিল। মাইকেলৰ মাতৃয়ে কয় যে তেওঁ শেষবাৰৰ বাবে নিশা ১০ বজাত পুত্ৰক দেখা পাইছিল, তেওঁ তেতিয়া বিচনাত আছিল। মাতৃয়ে কয় যে মাইকেলে আগতে টোপনিত খোজ কাঢ়িছিল যদিও ঘৰৰ পৰা ওলাই যাব বুলি কেতিয়াও ভবা নাছিল। 

মাইকেল ডিক্সনৰ এই ঘটনা লিপিবদ্ধ হৈ আছে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত।












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস