--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্লিপৱাকিং বা টোপনিত খোজকঢ়াটো এটা বেমাৰ। ই এনে এক ৰোগ যিয়ে মানুহক টোপনিৰ দৰে অৱস্থাত খোজ কাঢ়িবলৈ প্ৰৰোচিত কৰে। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত এটা অদ্ভুত কথা উল্লেখ কৰা হৈছে য’ত এজন ল’ৰাই টোপনি গৈ থকা অৱস্থাত ১৬০ কিলোমিটাৰতকৈও অধিক দূৰত্ব অতিক্ৰম কৰিছিল। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে মঙলবাৰে প্ৰকাশ কৰা অনুসৰি ৩৬ বছৰ পূৰ্বে আমেৰিকাৰ ইণ্ডিয়ানাৰ পেৰুত ৰেলপথত এই ঘটনা সংঘটিত হৈছিল। মাইকেল ডিক্সনে খালী ভৰিৰে খোজকাঢ়ি আছিল আৰু পিন্ধিছিল কেৱল পাইজামা।

১৯৮৭ চনৰ ৬ এপ্ৰিলত মাজনিশা ২.৪৫ বজাত এটা ১১ বছৰীয়া ল’ৰাক ৰে’লৱেৰ এজন ক্ৰুৱে দেখা পায় আৰু ল’ৰাজনৰ অস্বাভাৱিক অৱস্থাৰ বিষয়ে আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে যেতিয়া তেওঁৰ ঠিকনাৰ বিষয়ে সোধাত ডিক্সনে কয় যে তেওঁ ইলিনয়ৰ ডেনভিলৰ বাসিন্দা। ডিক্সনে টোপনিত খোজকাঢ়ি নিজৰ ঘৰৰ ওচৰৰ ষ্টেচনৰ পৰা মালবাহী ৰেলত উঠি মাজনিশা ইমান দূৰ যাত্ৰা কৰিছিল। পিছত তেওঁ মিয়ামি কাউন্টি কল্যাণ বিভাগৰ এজন কেছৱৰ্কাৰক কয় যে তেওঁৰ ৰে’লত উঠা বা নমাৰ কথা মনত নাই। ভৰিত ঘাঁ হৈছিল আৰু নাৰ্চে তেওঁক চোৱাচিতা কৰিছিল। ইয়াৰ বাহিৰেও ল’ৰাটোৰ একো ক্ষতি হোৱা নাছিল।


ডিক্সনৰ মাকক পুত্ৰৰ বিষয়ে খবৰ দিয়াৰ লগে লগে পুত্ৰক ল’বলৈ আহিল। মাইকেলৰ মাতৃয়ে কয় যে তেওঁ শেষবাৰৰ বাবে নিশা ১০ বজাত পুত্ৰক দেখা পাইছিল, তেওঁ তেতিয়া বিচনাত আছিল। মাতৃয়ে কয় যে মাইকেলে আগতে টোপনিত খোজ কাঢ়িছিল যদিও ঘৰৰ পৰা ওলাই যাব বুলি কেতিয়াও ভবা নাছিল। 

মাইকেল ডিক্সনৰ এই ঘটনা লিপিবদ্ধ হৈ আছে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত।












FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল