--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভয় আছিলেই। ক’ভিডে পুনৰ মূৰ দাঙি উঠিব পাৰে বুলি আশংকা আছিল। নতুন প্ৰকাৰে সংহাৰ মাতিব পাৰে বুলিও আছিল আশংকা। আৰু এতিয়া সেইটোৱেই হৈছে। ক’ভিডৰ নতুন প্ৰকাৰক লৈ এতিয়া আকৌ উদ্বেগৰ সৃষ্টি হৈছে। নতুন প্ৰকাৰটো হৈছে ‘এক্স ই’ (XE)। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, কৰ’না ভাইৰাছৰ এই নতুন প্ৰকাৰটো ১০ শতাংশ অধিক সংক্ৰামক। এতিয়ালৈকে, অ’মিক্ৰনৰ বি.এ.২ উপ-প্ৰকাৰটো কৰ’নাৰ আটাইতকৈ সংক্ৰামক প্ৰকাৰ হিচাপে চিহ্নিত হৈ আহিছিল। এই মুহূৰ্তত, এই প্ৰকাৰটো সমগ্ৰ বিশ্বতে বিয়পি পৰিছে।

কি এই কৰ’নাৰ এই নতুন প্ৰকাৰ? 
জানিব পৰা মতে কৰ’নাৰ এইটো এটা হাইব্ৰিড বা উৎপৰিৱৰ্তিত প্ৰকাৰ। ই অ’মিক্ৰনৰ উপ-প্ৰকাৰ বি.এ.১ আৰু বি.এ.২-ৰ এক মিশ্ৰিত ৰূপ হিচাপে চিহ্নিত হৈ আহিছে।

প্ৰথমে ক’ত পোৱা গৈছিল এই প্ৰকাৰ?
এই সপ্তাহত প্ৰকাশিত এখন প্ৰতিবেদনত কোৱা হৈছে, ‘এই প্ৰকাৰটো প্ৰথমবাৰৰ বাবে ১৯ জানুৱাৰীত ইংলেণ্ডত পোৱা গৈছিল। তেতিয়াৰ পৰা, এই প্ৰকাৰটো প্ৰায় ৬০০জন লোকৰ দেহত পোৱা গৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, প্ৰাৰম্ভিক অধ্যয়ন আৰু গৱেষণাত এই প্ৰকাৰটো বি.এ ২-তকৈ ১০শতাংশ অধিক সংক্ৰামক বুলি জানিব পৰা গৈছে। অৱশ্যে, এই বিষয়টোৰ ওপৰত এক নিশ্চিত সিদ্ধান্তত উপনীত হ'বলৈ অধিক অধ্যয়ন তথা গৱেষণাৰ জৰিয়তে তথ্য আহৰণৰ প্ৰয়োজন হ’ব।’

অন্যান্য সংক্ৰামক প্ৰকাৰ
শেহতীয়াকৈ, ইংলেণ্ডৰ স্বাস্থ্য সুৰক্ষা সংস্থাই জনাইছে যে কৰ’নাৰ তিনিটা নতুন প্ৰকাৰ চিনাক্ত কৰা হৈছে। এইবোৰ হৈছে- এক্স ডি, এক্স ই আৰু এক্স এফ। এক্স ডি হৈছে ফৰাচী ডেল্টা অ’মিক্ৰনৰ নাম। এইটো বি. এ.১ আৰু ডেল্টা প্ৰকাৰৰ মিশ্ৰিত প্ৰকাৰ। মন কৰিব যে কৰ’না মহামাৰীয়ে তৃতীয় বছৰত ভৰি দিয়াৰ সময়ত এই ভাইৰাছটোৰ গতি-প্ৰকৃতি কি হ'ব তাক লৈ ব্যাপক অধ্যয়ন অব্যাহত ৰাখিছে বিভিন্ন বিশেষজ্ঞসকলে। উল্লেখ্য যে, বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে এটা ডাঙৰ মন্তব্য কৰিছিল। তেওঁ মন্তব্য কৰিছিল যে, কৰ’না ভাইৰাছে এটা নতুন ৰূপ লৈ আহিব পাৰে।

অৱশ্যে, সেই ক্ষেত্ৰত, ভাইৰাছটোৰ মাৰাত্মকতা হ্ৰাস হ'ব। একে সময়তে, সাধাৰণ ৰাইজৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হ'ব। টিকাকৰণ আৰু পূৰ্বৰ সংক্ৰমণৰ ফলত সাধাৰণ মানুহৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা সৃষ্টি হ'ব। বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বীয়ে আশংকা কৰা মতে অ’মিক্ৰনতকৈ অধিক বিপদজনক আৰু সংক্ৰামক-বিপদজনক প্ৰকাৰে মূৰ দাঙি উঠিলে ক’ভিডত মৃত্যুৰ হাৰ বৃদ্ধি হ'ব পাৰে। অৱশ্যে আশাপ্ৰদভাৱে দেশত সংক্ৰমণ হ্ৰাস পাইছে। অৱশ্যে, আইআইটি কানপুৰৰ গৱেষকসকলৰ মতে, জুন-জুলাইত, কৰ’নাৰ চতুৰ্থ ঢৌৱে দেশত আঘাত কৰিব পাৰে। তেওঁলোকে আশংকা কৰিছিল যে ২২ জুনৰ ভিতৰত দেশত এটা চতুৰ্থ ঢৌৰ আক্ৰমণ চলিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক