--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে দুদিনীয়া ভ্ৰমণৰ বাবে ইজিপ্তৰ কায়ৰো চহৰত উপস্থিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক সুৰীয়া আদৰণি জনোৱা হয়। এই ভ্ৰমণৰ সময়ত মোদীয়ে ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিছিকে ধৰি ইজিপ্তৰ শীৰ্ষস্থানীয় নেতৃত্বৰ সৈতে আলোচনাত মিলিত হ’ব।

মোদীৰ আদৰণি অনুষ্ঠানতে শাৰী পৰিধান কৰি ইজিপ্তৰ এগৰাকী মহিলাই ‘শ্বোলে’ চিনেমাৰ জনপ্ৰিয় গীত ‘য়েহ দোস্তী হম নেহী ত’ৰেংগে’ৰে উষ্ম আদৰণি জনায়। গীতটি পৰিৱেশনৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে মনোযোগেৰে গীতটো শুনি থকা দেখা গৈছিল আৰু মহিলাগৰাকীৰ হিন্দীৰ সীমিত জ্ঞান আৰু পূৰ্বে কেতিয়াও ভাৰত ভ্ৰমণ নকৰাৰ কথা প্ৰকাশ কৰাত আশ্বৰ্য প্ৰকাশ কৰিছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক উদ্দেশ্যি কয় যে, "আপুনি ইজিপ্তৰ নে ভাৰতীয় মহিলা কোনেও ক’ব নোৱাৰিব"৷ প্ৰধানমন্ত্ৰীৰ সন্মুখত গীত পৰিৱেশন কৰাৰ পাছত তেওঁৰ অনুভৱৰ বিষয়ে সোধাত জনাই যে তেওঁ নিজকে “সন্মানিত” অনুভৱ কৰিছে আৰু কয় যে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি যথেষ্ট সুখী৷

তদুপৰি যুৱতীগৰাকীয়ে জনাই যে তেওঁ ছয় বছৰ বয়সৰ পৰা আৰম্ভ কৰি বিগত ১২-১৩ বছৰ ধৰি হিন্দী গীতৰ অভ্যাস কৰি আহিছে৷

উল্লেখ্য যে ইজিপ্তৰ ৰাষ্ট্ৰপতি এল-চিছিৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোদী বৰ্তমান ইজিপ্ত ভ্ৰমণত আছে, যিটো ভ্ৰমণ ২৬ বছৰৰ পাছত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ। বিমানবন্দৰত মোদীৰ বাবে অপেক্ষা কৰি আছিল একাংশ বিশেষ ব্যক্তি, য’ত ইজিপ্তৰ প্ৰধানমন্ত্ৰী মোস্তাফা মেডবৌলিয়ে মোদীক আলিংগন কৰে। তেওঁৰ আগমনৰ লগে লগে আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ লগতে গাৰ্ড অৱ অনাৰৰ ব্যৱস্থাও ইজিপ্তৰ তৰফৰ পৰা কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন