--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে দুদিনীয়া ভ্ৰমণৰ বাবে ইজিপ্তৰ কায়ৰো চহৰত উপস্থিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক সুৰীয়া আদৰণি জনোৱা হয়। এই ভ্ৰমণৰ সময়ত মোদীয়ে ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিছিকে ধৰি ইজিপ্তৰ শীৰ্ষস্থানীয় নেতৃত্বৰ সৈতে আলোচনাত মিলিত হ’ব।

মোদীৰ আদৰণি অনুষ্ঠানতে শাৰী পৰিধান কৰি ইজিপ্তৰ এগৰাকী মহিলাই ‘শ্বোলে’ চিনেমাৰ জনপ্ৰিয় গীত ‘য়েহ দোস্তী হম নেহী ত’ৰেংগে’ৰে উষ্ম আদৰণি জনায়। গীতটি পৰিৱেশনৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে মনোযোগেৰে গীতটো শুনি থকা দেখা গৈছিল আৰু মহিলাগৰাকীৰ হিন্দীৰ সীমিত জ্ঞান আৰু পূৰ্বে কেতিয়াও ভাৰত ভ্ৰমণ নকৰাৰ কথা প্ৰকাশ কৰাত আশ্বৰ্য প্ৰকাশ কৰিছিল।

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক উদ্দেশ্যি কয় যে, "আপুনি ইজিপ্তৰ নে ভাৰতীয় মহিলা কোনেও ক’ব নোৱাৰিব"৷ প্ৰধানমন্ত্ৰীৰ সন্মুখত গীত পৰিৱেশন কৰাৰ পাছত তেওঁৰ অনুভৱৰ বিষয়ে সোধাত জনাই যে তেওঁ নিজকে “সন্মানিত” অনুভৱ কৰিছে আৰু কয় যে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি যথেষ্ট সুখী৷

তদুপৰি যুৱতীগৰাকীয়ে জনাই যে তেওঁ ছয় বছৰ বয়সৰ পৰা আৰম্ভ কৰি বিগত ১২-১৩ বছৰ ধৰি হিন্দী গীতৰ অভ্যাস কৰি আহিছে৷

উল্লেখ্য যে ইজিপ্তৰ ৰাষ্ট্ৰপতি এল-চিছিৰ আমন্ত্ৰণত প্ৰধানমন্ত্ৰী মোদী বৰ্তমান ইজিপ্ত ভ্ৰমণত আছে, যিটো ভ্ৰমণ ২৬ বছৰৰ পাছত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ। বিমানবন্দৰত মোদীৰ বাবে অপেক্ষা কৰি আছিল একাংশ বিশেষ ব্যক্তি, য’ত ইজিপ্তৰ প্ৰধানমন্ত্ৰী মোস্তাফা মেডবৌলিয়ে মোদীক আলিংগন কৰে। তেওঁৰ আগমনৰ লগে লগে আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ লগতে গাৰ্ড অৱ অনাৰৰ ব্যৱস্থাও ইজিপ্তৰ তৰফৰ পৰা কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস