--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সুস্থ হৈ থকাৰ বাবে সঠিক খাদ্যাভ্যাস গুৰুত্বপূৰ্ণ। সেয়ে বিশেষজ্ঞসকলে কেৱল পুষ্টিকৰ খাদ্য খোৱাই নহয়, দৈনন্দিন খাদ্যত প্ৰচুৰ পৰিমাণে শাক-পাচলি আৰু ফলমূল খাবলৈও পৰামৰ্শ দিয়ে। ডাঃ জন পেজুটো আৰু পশ্চিম নিউ ইংলেণ্ড বিশ্ববিদ্যালয়ৰ এটা দলে কৰা এক অধ্যয়নত এক আচৰিত তথ্য পোৱা গৈছে। কোৱা হয় যে দীৰ্ঘায়ুৰ চাবিকাঠি আঙুৰত লুকাই থাকে। কেৱল দীৰ্ঘায়ু নহয়, নিয়মীয়াকৈ আঙুৰ সেৱন কৰিলে যকৃতৰ চৰ্বি কমোৱাতো সহায়ক হয়।

 স্মৰ্তব্য যে পশ্চিমীয়া দেশৰ বাসিন্দাসকলে অধিক চৰ্বিযুক্ত খাদ্য পছন্দ কৰে। অধ্যয়নত দেখা গৈছে যে প্ৰতিদিনে ২ কাপ আঙুৰৰ ৰস খালে চৰ্বিযুক্ত লিভাৰৰ পৰা মুক্তি পোৱাৰ উপৰি আয়ুসো বৃদ্ধি পায়।

 ডাঃ জন পেজুৱে কয় যে ৬০০ৰো অধিক বৈজ্ঞানিকক অধ্যয়নৰ সৈতে জড়িত কৰা হৈছে। কেইবাখনো গৱেষণাপত্ৰ ইতিমধ্যে প্ৰকাশ পাইছে। এই গৱেষণাত তেওঁ কয় যে আঙুৰে জিন প্ৰকাশৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন আনিব পাৰে। যিটো সঁচাকৈয়ে আচৰিত। আঙুৰত থকা এন্টিঅক্সিডেন্টে জিনৰ মাত্ৰা বৃদ্ধি কৰে আৰু উচ্চ চৰ্বিযুক্ত খাদ্যৰ লগত জড়িত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। পেজুৱে লগতে কয় যে ‘গৱেষণাত দেখা গৈছে যে প্ৰতিদিনে আঙুৰ খোৱা লোকসকলে কমেও ৪ৰ পৰা ৫ বছৰ কাল অধিক সময় জীয়াই থাকে’।

 আন এক অধ্যয়ন তথা ‘এন্টিঅক্সিডেন্টছ’ আলোচনীত প্ৰকাশিত ডাঃ পেজু আৰু তেওঁৰ দলটোৱে কৰা অধ্যয়নত আঙুৰে মগজুত জিনৰ বিকাশৰ ধৰণ আমূলভাৱে সলনি কৰিব পাৰে। কেৱল সেয়াই নহয়, ব্যৱহাৰ বা আচৰণৰতো পৰিৱৰ্তন আনিব পাৰে। উচ্চ চৰ্বিযুক্ত খাদ্য গ্ৰহণ কৰিলে এই দুয়োটাতে বাধাগ্ৰস্ত হয়। ডাঃ জেফ্ৰি আইডলৰ নেতৃত্বত কৰা আন এক অধ্যয়নত দেখা গৈছে যে আঙুৰ নিয়মীয়াকৈ সেৱন কৰিলে কেৱল জিন প্ৰকাশৰ পৰিৱৰ্তনেই নহয়, বিপাকীয় ক্ৰিয়াও সলনি হয়। যিটো এক ধৰণৰ আচৰিত তথ্য বুলি বিবেচিত হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ