--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিপদে লগ নেৰা হৈছে দেশৰ অগ্ৰণী বিমান পৰিবহন কোম্পানী ইণ্ডিগ’ক। শেহতীয়া কেইটামান দিনত যাত্ৰাপথত দেখা দিয়া কাৰিকৰী বিজুতিৰ ফলত যাত্ৰাপথ সলনি কৰি অন্য কোনো পৃথক বিমানবন্দৰত বিমান অৱতৰণ কৰিবলৈ বাধ্য হৈছে ইণ্ডিগ’ৰ কেইবাখনো বিমানে। বৃহস্পতিবাৰে পুনৰ এনে এক পৰিস্থিতিৰ সন্মুখীন হৈছে ইণ্ডিগ’ৰ এখন বিমান।

অৱশ্যে এইবাৰ কাৰিকৰী বিজুতিৰ বাবে নহয়, বিমান যাত্ৰীৰ উদ্বেগজনক দাবীৰ বাবেহে এনেদৰে গন্তব্যস্থানৰ পৰিৱৰ্তে পৃথক স্থানত বিমান অৱতৰণ কৰিবলৈ বাধ্য হৈছে। দিল্লী অভিমুখী ইণ্ডিগোৰ 6E 2126 বিমানখৰ এজন যাত্ৰীয়ে যাত্ৰাপথতে তেওঁৰ বেগত বোমা কঢ়িয়াই নিয়া বুলি দাবী কৰে।

যাত্ৰীগৰাকীৰ এনে অদ্ভুত দাবীৰ পাছতে বিমানখনত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। বিমানত থকা যাত্ৰীৰ লগতে বিমান পৰিচালক সকল এই আশ্চৰ্যকৰ দাবীত হতবাক হৈ পৰে। এনে পৰিস্থিতিত পাইলটে বিমানখন পাটনা বিমানবন্দৰত অৱতৰণ কৰিবলৈ বাধ্য হয়।

বিমানখন বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে বিমানবন্দৰত থকা বোমা স্কোৱাড আৰু আৰক্ষীয়ে লগে লগে বিমানখনত তালাচী চলায়। বোমা কঢ়িয়াই নিয়া বুলি দাবী কৰা ব্যক্তিজনৰ বেগসমূহ পৰীক্ষা কৰাৰ পাছতো কোনো ধৰণৰ বিস্ফোৰক সামগ্ৰীৰ সন্ধান পোৱা নগ'ল।

স্থানীয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে আৰক্ষীয়ে ইতিমধ্যে যাত্ৰীগৰাকীক বিমানবন্দৰতে আটক কৰিছে। ধৃত যাত্ৰীজনক ঋষি চান্দ সিং বুলি চিনাক্ত কৰা হৈছে।

আনহাতে বিমানবন্দৰৰ নিৰাপত্তা বিষয়াসকলে ধৃত যাত্ৰীগৰাকী মানসিকভাৱে সুস্থ নহয় বুলি দাবী কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক