--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিপদে লগ নেৰা হৈছে দেশৰ অগ্ৰণী বিমান পৰিবহন কোম্পানী ইণ্ডিগ’ক। শেহতীয়া কেইটামান দিনত যাত্ৰাপথত দেখা দিয়া কাৰিকৰী বিজুতিৰ ফলত যাত্ৰাপথ সলনি কৰি অন্য কোনো পৃথক বিমানবন্দৰত বিমান অৱতৰণ কৰিবলৈ বাধ্য হৈছে ইণ্ডিগ’ৰ কেইবাখনো বিমানে। বৃহস্পতিবাৰে পুনৰ এনে এক পৰিস্থিতিৰ সন্মুখীন হৈছে ইণ্ডিগ’ৰ এখন বিমান।

অৱশ্যে এইবাৰ কাৰিকৰী বিজুতিৰ বাবে নহয়, বিমান যাত্ৰীৰ উদ্বেগজনক দাবীৰ বাবেহে এনেদৰে গন্তব্যস্থানৰ পৰিৱৰ্তে পৃথক স্থানত বিমান অৱতৰণ কৰিবলৈ বাধ্য হৈছে। দিল্লী অভিমুখী ইণ্ডিগোৰ 6E 2126 বিমানখৰ এজন যাত্ৰীয়ে যাত্ৰাপথতে তেওঁৰ বেগত বোমা কঢ়িয়াই নিয়া বুলি দাবী কৰে।

যাত্ৰীগৰাকীৰ এনে অদ্ভুত দাবীৰ পাছতে বিমানখনত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। বিমানত থকা যাত্ৰীৰ লগতে বিমান পৰিচালক সকল এই আশ্চৰ্যকৰ দাবীত হতবাক হৈ পৰে। এনে পৰিস্থিতিত পাইলটে বিমানখন পাটনা বিমানবন্দৰত অৱতৰণ কৰিবলৈ বাধ্য হয়।

বিমানখন বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে বিমানবন্দৰত থকা বোমা স্কোৱাড আৰু আৰক্ষীয়ে লগে লগে বিমানখনত তালাচী চলায়। বোমা কঢ়িয়াই নিয়া বুলি দাবী কৰা ব্যক্তিজনৰ বেগসমূহ পৰীক্ষা কৰাৰ পাছতো কোনো ধৰণৰ বিস্ফোৰক সামগ্ৰীৰ সন্ধান পোৱা নগ'ল।

স্থানীয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে আৰক্ষীয়ে ইতিমধ্যে যাত্ৰীগৰাকীক বিমানবন্দৰতে আটক কৰিছে। ধৃত যাত্ৰীজনক ঋষি চান্দ সিং বুলি চিনাক্ত কৰা হৈছে।

আনহাতে বিমানবন্দৰৰ নিৰাপত্তা বিষয়াসকলে ধৃত যাত্ৰীগৰাকী মানসিকভাৱে সুস্থ নহয় বুলি দাবী কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ