--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপি মিত্ৰজোঁটৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপাদি মুৰ্মুকলৈ বিতৰ্কিত মন্তব্য কৰি এতিয়া বিপদত পৰিছে চলচ্চিত্ৰ  নিৰ্মাতা ৰাম গোপাল বাৰ্মা।  চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে তেওঁৰ  টুইটত কৰা এক মন্তব্যকলৈয়েই এতিয়া বিতৰ্কৰ সূচনা হৈছে।  বিজেপিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপাদি মুৰ্মুৰ সন্দৰ্ভত 'মহাভাৰত'ৰ প্ৰসংগ টানি আনি বাৰ্মাই শেহতীয়াকৈ এটা টুইট কৰিছে। 

সেই  বিতৰ্কিত টুইটৰ বাবেই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।কিন্তু টুইটত কি লিখিছিল বাৰ্মাই? বাৰ্মাই তেওঁৰ টুইটত লিখিছিল " যদি দ্ৰৌপদী ৰাষ্ট্ৰপতি হয় ,তেন্তে পাণ্ডৱসকল কোন? আৰু অধিক গুৰুত্বপূৰ্ণ কথাটো হ’ল কৌৰৱসকল কোন?"

বাৰ্মাৰ এনে টুইটৰ বিৰুদ্ধে তেলেংগানাৰ বিজেপি নেতা গুদুৰ নাৰায়ণ ৰেড্ডীয়ে   অভিযোগ দাখিল কৰিছে। বাৰ্মাৰ বিৰুদ্ধে অনুসূচীত জাতি/জনজাতি সম্প্ৰদায়ক অসন্মান কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। ৰেড্ডীয়ে  লগতে কয়, "আৰক্ষীয়ে আমাক প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে বাৰ্মাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব, ইয়াৰ পিছত, মই নাভাবো যে তেওঁ পুনৰ টুইট কৰিব বা কাৰো বিৰুদ্ধে এনে কঠোৰ মন্তব্য দিব।"

 চলচ্চিত্ৰ নিৰ্মাতা বাৰ্মাৰ বিৰুদ্ধে আৰক্ষী ছানাত এজাহাৰ দাখিল হোৱাৰ পিছতে বাৰ্মাই  এটা  স্পষ্টীকৰণ প্ৰকাশ কৰিছে।স্পষ্টীকৰণটোত বাৰ্মাই এইবুলি উল্লেখ কৰিছে : "মহাভাৰতৰ দ্ৰৌপদী মোৰ ফেভিউৰেট চৰিত্ৰ। কিন্তু যিহেতু নামটো ইমান দুৰ্লভ, মই কেৱল সম্পৰ্কিত চৰিত্ৰবোৰ মনত ৰাখিছিলো আৰু সেয়েহে মোৰ মন্তব্যও তেনে দৃষ্টিভংগীৰেই প্ৰকাশ কৰিছিলো। কাৰো অনুভূতিত আঘাত হনাৰ উদ্দেশ্যে একেবাৰে নাছিল।" 

তেলেংগানাৰ আন এজন বিজেপি বিধায়কে ৰাম গোপাল বাৰ্মাক সমালোচনা কৰি কয় যে পৰিচালকজনে এনে টুইট "মাতাল অৱস্থাত" পোষ্ট কৰিছে। তেওঁ লগতে কয়, "বাৰ্মাই সদায় এনে ধৰণৰ বিতৰ্কিত মন্তব্য কৰি বাতৰিৰ শিৰোনামত থাকিবলৈ চেষ্টা কৰে।" 

বাৰ্মাই অলপতে বলীউডৰ অভিনেতা অজয় দেৱগন আৰু কানাড়া অভিনেতা সুদীপ সঞ্জীৱক হিন্দীক ৰাষ্ট্ৰীয় ভাষা বুলি কৰা দাবীৰ বাবে সমালোচনা কৰিবলৈ গৈ বিতৰ্কৰ সূচনা  কৰিছিল। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ