--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপি মিত্ৰজোঁটৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপাদি মুৰ্মুকলৈ বিতৰ্কিত মন্তব্য কৰি এতিয়া বিপদত পৰিছে চলচ্চিত্ৰ  নিৰ্মাতা ৰাম গোপাল বাৰ্মা।  চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে তেওঁৰ  টুইটত কৰা এক মন্তব্যকলৈয়েই এতিয়া বিতৰ্কৰ সূচনা হৈছে।  বিজেপিৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপাদি মুৰ্মুৰ সন্দৰ্ভত 'মহাভাৰত'ৰ প্ৰসংগ টানি আনি বাৰ্মাই শেহতীয়াকৈ এটা টুইট কৰিছে। 

সেই  বিতৰ্কিত টুইটৰ বাবেই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।কিন্তু টুইটত কি লিখিছিল বাৰ্মাই? বাৰ্মাই তেওঁৰ টুইটত লিখিছিল " যদি দ্ৰৌপদী ৰাষ্ট্ৰপতি হয় ,তেন্তে পাণ্ডৱসকল কোন? আৰু অধিক গুৰুত্বপূৰ্ণ কথাটো হ’ল কৌৰৱসকল কোন?"

বাৰ্মাৰ এনে টুইটৰ বিৰুদ্ধে তেলেংগানাৰ বিজেপি নেতা গুদুৰ নাৰায়ণ ৰেড্ডীয়ে   অভিযোগ দাখিল কৰিছে। বাৰ্মাৰ বিৰুদ্ধে অনুসূচীত জাতি/জনজাতি সম্প্ৰদায়ক অসন্মান কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। ৰেড্ডীয়ে  লগতে কয়, "আৰক্ষীয়ে আমাক প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে বাৰ্মাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব, ইয়াৰ পিছত, মই নাভাবো যে তেওঁ পুনৰ টুইট কৰিব বা কাৰো বিৰুদ্ধে এনে কঠোৰ মন্তব্য দিব।"

 চলচ্চিত্ৰ নিৰ্মাতা বাৰ্মাৰ বিৰুদ্ধে আৰক্ষী ছানাত এজাহাৰ দাখিল হোৱাৰ পিছতে বাৰ্মাই  এটা  স্পষ্টীকৰণ প্ৰকাশ কৰিছে।স্পষ্টীকৰণটোত বাৰ্মাই এইবুলি উল্লেখ কৰিছে : "মহাভাৰতৰ দ্ৰৌপদী মোৰ ফেভিউৰেট চৰিত্ৰ। কিন্তু যিহেতু নামটো ইমান দুৰ্লভ, মই কেৱল সম্পৰ্কিত চৰিত্ৰবোৰ মনত ৰাখিছিলো আৰু সেয়েহে মোৰ মন্তব্যও তেনে দৃষ্টিভংগীৰেই প্ৰকাশ কৰিছিলো। কাৰো অনুভূতিত আঘাত হনাৰ উদ্দেশ্যে একেবাৰে নাছিল।" 

তেলেংগানাৰ আন এজন বিজেপি বিধায়কে ৰাম গোপাল বাৰ্মাক সমালোচনা কৰি কয় যে পৰিচালকজনে এনে টুইট "মাতাল অৱস্থাত" পোষ্ট কৰিছে। তেওঁ লগতে কয়, "বাৰ্মাই সদায় এনে ধৰণৰ বিতৰ্কিত মন্তব্য কৰি বাতৰিৰ শিৰোনামত থাকিবলৈ চেষ্টা কৰে।" 

বাৰ্মাই অলপতে বলীউডৰ অভিনেতা অজয় দেৱগন আৰু কানাড়া অভিনেতা সুদীপ সঞ্জীৱক হিন্দীক ৰাষ্ট্ৰীয় ভাষা বুলি কৰা দাবীৰ বাবে সমালোচনা কৰিবলৈ গৈ বিতৰ্কৰ সূচনা  কৰিছিল। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন