ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে ২০০২ চনৰ গুজৰাট সংঘৰ্ষৰ গোচৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দোষমুক্ত কৰাৰ এদিন পিছতে গুজৰাট আৰক্ষীয়ে শনিবাৰে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান আৰ বি শ্ৰীকুমাৰক গ্ৰেপ্তাৰ কৰে ।
নিৰীহ লোকক মিছাকৈ গোচৰত জড়িত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগত সমাজকৰ্মী তিস্তা চেতলৱাডকো কালি গ্ৰেপ্তাৰ কৰা হৈছিল।
আহমেদাবাদৰ অপৰাধ শাখাৰ এজন বিষয়াই দাখিল কৰা অভিযোগত ভাৰতীয় আৰক্ষী সেৱাৰ (আইপিএছ) প্ৰাক্তন বিষয়া সঞ্জীৱ ভট্টৰ নামো উল্লেখ কৰা হৈছে, তেওঁ ইতিমধ্যে আন এটা গোচৰত কাৰাগাৰত আছে।
মুম্বাইৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা তিস্তা চেতলৱাডে দাবী কৰিছিল যে তেওঁৰ গ্ৰেপ্তাৰ অবৈধ আৰু তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি আহি পৰিছে।
তেওঁক আহমেদাবাদলৈ অনাৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।ইতিমধ্যে সঞ্জীৱ ভট্টক আৰক্ষীৰ জিম্মাত মৃত্যুৰ গোচৰত আজীৱন কাৰাদণ্ড বিহা হৈছে।
তিস্তা চেতলৱাদক মুম্বাইৰ জুহু অঞ্চলত থকা তেওঁৰ ঘৰৰ পৰা আটক কৰা হৈছিল আৰু পিছত ছাণ্টাক্ৰুজ আৰক্ষী থানালৈ লৈ যোৱা হৈছিল।
আহমেদাবাদ অপৰাধ শাখাৰ পৰিদৰ্শক ডি বি বৰদলৈয়ে দাখিল কৰা অভিযোগত কোৱা হৈছে যে তিস্তা চেতলৱাড়, সঞ্জীৱ ভট্ট আৰু আৰ বি শ্ৰীকুমাৰে "মৃত্যুদণ্ডৰ শাস্তিযোগ্য অপৰাধত কেইবাজনো লোকক দোষী সাব্যস্ত কৰিবলৈ মিছা প্ৰমাণ প্ৰস্তুত কৰি আইনৰ প্ৰক্ৰিয়াৰ অপব্যৱহাৰ কৰিছিল।"
অভিযোগ অনুসৰি তেওঁলোকে "নিৰীহ লোকৰ বিৰুদ্ধে মিছা আৰু বিদ্বেষপূৰ্ণ অপৰাধমূলক প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, আৰু মিছা তথ্য-পাতি প্ৰস্তুত কৰিছিল। অভিযোগ অনুসৰি সেই তথ্য-পাতি বোৰে বহুলোকক ক্ষতি আৰু আঘাত কৰাৰ উদ্দেশ্যৰে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল ।"
তিনিওগৰাকী ব্যক্তিৰ বিৰুদ্ধে এনে অভিযোগ ২০০২ চনৰ গুজৰাট সংঘৰ্ষৰ গোচৰৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে গঠন কৰা বিশেষ অনুসন্ধানকাৰী গোটৰ (এছআইটি) সন্মুখত দাখিল কৰাৰ লগতে ন্যায়াধীশ নানাৱতী-শ্বাহ তদন্ত আয়োগৰ সন্মুখতো দাখিল কৰা হৈছিল।
তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪৬৮, ৪৭১ (জালিয়াতি), ১৯৪ (অপৰাধীক দোষী সাব্যস্ত কৰাৰ উদ্দেশ্যৰে মিছা প্ৰমাণ দিয়া ), ২১১ (আঘাত কৰাৰ বাবে অপৰাধমূলক প্ৰক্ৰিয়া আৰম্ভ কৰা), ২১৮ (ব্যক্তিজনক আটক কৰাৰ বাবে ভুল তথ্য প্ৰস্তুত কৰা), আৰু ১২০ (বি) (অপৰাধমূলক ষড়যন্ত্ৰ) অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছে।
গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উচ্চতম ন্যায়ালয়ত আনসকলৰ বিৰুদ্ধে দাখিল কৰা আবেদনত তিস্তা চেতলৱাড় তেওঁৰ বেচৰকাৰী সংস্থা জাকিয়া জাফৰীৰ সৈতে সহ-আবেদনকাৰী আছিল। আদালতে শুকুৰবাৰে আবেদনখন খাৰিজ কৰিছিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অন্যান্যসকলক দিয়া ক্লিন শ্বিট বাহাল ৰাখিছিল।
অভিযোগটোত তিস্তা চেতলৱাড়ৰ বিৰুদ্ধে সাক্ষীসকলক প্ৰভাৱান্বিত কৰা আৰু তেওঁলোকক পূৰ্বে-টাইপ কৰা শপতনামাত স্বাক্ষৰ কৰোৱাৰ অভিযোগ উত্থাপন কৰা হৈছিল। আনকি জাকিয়া জাফৰীকো তিস্তা চেতলৱাডে শিক্ষাদান কৰিছিল, যিটো ২০০৩ চনৰ ২২ আগষ্টত নানাৱতী আয়োগৰ সন্মুখত তেওঁৰ বক্তব্যৰ পৰা স্পষ্ট হৈছিল।
অভিযোগটোত কোৱা হৈছে যে আইপিএছ বিষয়া সঞ্জীৱ ভট্ট আৰু আৰ বি শ্ৰীকুমাৰে ২০০২ চনৰ গোধ্ৰা সংঘৰ্ষৰ সময়ত সশস্ত্ৰ গোটৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) আছিল। ডিজিপিয়ে গুজৰাট চৰকাৰৰ বিৰুদ্ধে থকা নানাৱতী তদন্ত আয়োগৰ সন্মুখত কেইবাটাও জবানবন্দী দিছিল।
সঞ্জীৱ ভট্টই এছআইটিলৈ মেইল কৰা বিভিন্ন নথিপত্ৰ জাল কৰাৰ অভিযোগ উত্থাপিত হৈছিল।
সংঘৰ্ষৰ সময়ত জাকিয়া জাফৰীৰ স্বামী আৰু কংগ্ৰেছৰ প্ৰাক্তন সংসদ সদস্য এহছান জাফৰী নিহত হৈছিল।উল্লেখ্য ২০০২ চনৰ গুজৰাট সংঘৰ্ষ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৱেদন খাৰিজ কৰি নৰেন্দ্ৰ মোদীক ক্লীনশ্বীট দিয়াৰ এদিন পাছতে গুজৰাটত গ্ৰেপ্তাৰ হৈছে তিস্তা ছেতালভাদ৷ গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী গোটে আজি মানৱ অধিকাৰ কৰ্মী তথী সাংবাদিক তিস্তা ছেতালবাদৰ এনজিঅ’ৰ সৈতে জড়িত বিদেশী পুঁজিৰ গোচৰত গ্ৰেপ্তাৰ কৰে।
তিস্তা ছেতালভাদৰ এনজিঅ’ই ২০০২ চনৰ সংঘৰ্ষৰ বিষয়ে আৰক্ষীক তথ্য প্ৰদান কৰিছিল আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়দানত তেওঁৰ নাম উল্লেখ কৰা হৈছে যিয়ে নৰেন্দ্ৰ মোদীক এছআইটিৰ ক্লীনশ্বীটক সমৰ্থন কৰিছিল।
সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা সাক্ষাৎকাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তিস্তা ছেতালভাদক তীব্ৰ সমালোচনা কৰি গুজৰাট সংঘৰ্ষ সন্দৰ্ভত তেওঁৰ এনজিঅ’ই ভিত্তিহীন তথ্য দিয়াৰ কিছু ঘণ্টাৰ পাছতেই গুজৰাট এটিএছে এই পদক্ষেপ গ্ৰহণ কৰিছে৷ তিস্তা ছেটালভাদৰ অধিবক্তাই জনোৱা মতে, আৰক্ষীয়ে তেওঁৰ ঘৰত সোমাই তেওঁক আক্ৰমণ কৰে। প্ৰথমে কৰ্মীজনক ছান্টা ক্ৰুজ থানালৈ লৈ যোৱা হয়। ইয়াৰ পৰা আহমেদাবাদ চহৰৰ থানালৈ লৈ যোৱা হ’ব।
অমিত শ্বাহে এক বিশেষ সাক্ষাৎকাৰত কয় যে, মই ৰায়টো অতি ভালদৰে পঢ়িছোঁ। ৰায়দানত তিস্তা ছেতালভাদৰ নাম স্পষ্টকৈ উল্লেখ আছে। তেওঁ চলাই থকা এনজিঅ’টোৱে ভিত্তিহীন তথ্য দিছিল আৰক্ষীক৷ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে গুজৰাটৰ হিংসাত্মক ঘটনাত নিহত কংগ্ৰেছ সাংসদ এহছান জাফ্ৰিৰ পত্নী জাকিয়া জাফ্ৰিৰ আবেদন নাকচ কৰি কয় যে এই আবেদন গুণগত মানৰ পৰা বঞ্চিত৷
ন্যায়াধীশ এ এম খানৱিলকাৰৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে গুজৰাট সংঘৰ্ষৰ গোচৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ২০১২ চনত দিয়া বিশেষ তদন্তকাৰী দল বা এছআইটিৰ ক্লীনশ্বীটক সমৰ্থন কৰি কয় যে গোচৰৰ সহ-আবেদনকাৰী ছেতালভাদে জাকিয়া জাফ্ৰিৰ আৱেগক বিপথে পৰিচালিত কৰিছিল।