--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইল-পেলেষ্টাইনৰ যুঁজ খন ক্ৰমাৎ অধিক ৰক্তক্ষয়ী হৈ পৰিছে। এনে সময়তে পেলেষ্টাইনৰ সমৰ্থনত ওলাই আহিছে বহু মুছলমান নেতা। যদি ইজৰাইলী সেনাই  গাজাৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখে,তেন্তে  মুছলমান বিশ্বই প্ৰতিশোধ ল'ব বুলি এইবাৰ সকীয়াই দিলে  ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খোমেনিয়ে । খোমেনিয়ে মঙলবাৰে এই সতৰ্কবাণী জাৰি কৰে। 

গাজাত ইজৰাইল-হামাছৰ যুদ্ধৰ ১১ সংখ্যক  দিনটোত  ইৰাণৰ চৰকাৰী টেলিভিছনত খোমেনিয়ে কয়, "যদি পেলেষ্টাইনী জনসাধাৰণৰ বিৰুদ্ধে ইহুদী শাসকসকলে অত্যাচাৰ অব্যাহত ৰাখে , তেন্তে কোনেও মুছলমান বিশ্বৰ প্ৰতিৰোধ শক্তিৰ সন্মুখত তিষ্ঠি থাকিব নোৱাৰিব।" তেওঁ লগতে কয় যে গাজাত বোমা বিস্ফোৰণ শীঘ্ৰে  বন্ধ হ'ব লাগিব। খোমেনীয়ে চৰকাৰী সংবাদ মাধ্যমত কৰা এনে ঘোষণাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  

তেওঁ দাবী কৰে যে ৭ অক্টোবৰৰ পুৱতি নিশা গাজা সীমান্তৰ ওচৰৰ ইজৰাইলী ভূখণ্ডত হামাছৰ কেইবাটাও ৰকেট আক্ৰমণৰ ঘটনাত ইৰাণৰ কোনো সমৰ্থন নাই।  তেওঁ পোনপটীয়াকৈ ইজৰাইলৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্ৰহণৰো ভাবুকি দিয়ে। যোৱা সপ্তাহত আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ চৰকাৰক সতৰ্ক কৰি দিছিল যে তেহৰানে  ইজৰাইল-হামাছ যুদ্ধত জড়িত হ'লে ইয়াৰ পৰিণাম ভয়ংকৰ হ'ব।

ইজৰাইলী বাহিনীয়ে ইতিমধ্যে লেবানন সীমান্তত ইৰাণ সমৰ্থিত ছিয়া  সশস্ত্ৰ বাহিনী হিজবুল্লাৰ সৈতে যুদ্ধ কৰি আহিছে। তেল আভিভে কৈছে যে মঙলবাৰে পুৱতি নিশা লেবাননৰ সীমান্ত পাৰ হৈ ইজৰাইলী অঞ্চললৈ যাবলৈ চেষ্টা কৰাৰ সময়ত চাৰিজন হিজবুল্লা যুঁজাৰু নিহত হৈছে। এনে পৰিস্থিতিত খোমেনীৰ "মুছলমান বিশ্বৰ প্ৰতি প্ৰতিশোধ" লোৱাৰ ভাবুকি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। ইৰাণৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰ আব্দোল্লাহিয়ানে সোমবাৰে ইজৰাইলক সতৰ্ক কৰি দিছিল যে "যদি ইহুদীসকলৰ আক্ৰমণ বন্ধ নহয়, তেন্তে আমিও  বন্দুক সাজু ৰাখিছো।" 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে