--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইল-পেলেষ্টাইনৰ যুঁজ খন ক্ৰমাৎ অধিক ৰক্তক্ষয়ী হৈ পৰিছে। এনে সময়তে পেলেষ্টাইনৰ সমৰ্থনত ওলাই আহিছে বহু মুছলমান নেতা। যদি ইজৰাইলী সেনাই  গাজাৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখে,তেন্তে  মুছলমান বিশ্বই প্ৰতিশোধ ল'ব বুলি এইবাৰ সকীয়াই দিলে  ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খোমেনিয়ে । খোমেনিয়ে মঙলবাৰে এই সতৰ্কবাণী জাৰি কৰে। 

গাজাত ইজৰাইল-হামাছৰ যুদ্ধৰ ১১ সংখ্যক  দিনটোত  ইৰাণৰ চৰকাৰী টেলিভিছনত খোমেনিয়ে কয়, "যদি পেলেষ্টাইনী জনসাধাৰণৰ বিৰুদ্ধে ইহুদী শাসকসকলে অত্যাচাৰ অব্যাহত ৰাখে , তেন্তে কোনেও মুছলমান বিশ্বৰ প্ৰতিৰোধ শক্তিৰ সন্মুখত তিষ্ঠি থাকিব নোৱাৰিব।" তেওঁ লগতে কয় যে গাজাত বোমা বিস্ফোৰণ শীঘ্ৰে  বন্ধ হ'ব লাগিব। খোমেনীয়ে চৰকাৰী সংবাদ মাধ্যমত কৰা এনে ঘোষণাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  

তেওঁ দাবী কৰে যে ৭ অক্টোবৰৰ পুৱতি নিশা গাজা সীমান্তৰ ওচৰৰ ইজৰাইলী ভূখণ্ডত হামাছৰ কেইবাটাও ৰকেট আক্ৰমণৰ ঘটনাত ইৰাণৰ কোনো সমৰ্থন নাই।  তেওঁ পোনপটীয়াকৈ ইজৰাইলৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্ৰহণৰো ভাবুকি দিয়ে। যোৱা সপ্তাহত আমেৰিকা যুক্তৰাষ্ট্ৰই ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ চৰকাৰক সতৰ্ক কৰি দিছিল যে তেহৰানে  ইজৰাইল-হামাছ যুদ্ধত জড়িত হ'লে ইয়াৰ পৰিণাম ভয়ংকৰ হ'ব।

ইজৰাইলী বাহিনীয়ে ইতিমধ্যে লেবানন সীমান্তত ইৰাণ সমৰ্থিত ছিয়া  সশস্ত্ৰ বাহিনী হিজবুল্লাৰ সৈতে যুদ্ধ কৰি আহিছে। তেল আভিভে কৈছে যে মঙলবাৰে পুৱতি নিশা লেবাননৰ সীমান্ত পাৰ হৈ ইজৰাইলী অঞ্চললৈ যাবলৈ চেষ্টা কৰাৰ সময়ত চাৰিজন হিজবুল্লা যুঁজাৰু নিহত হৈছে। এনে পৰিস্থিতিত খোমেনীৰ "মুছলমান বিশ্বৰ প্ৰতি প্ৰতিশোধ" লোৱাৰ ভাবুকি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। ইৰাণৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰ আব্দোল্লাহিয়ানে সোমবাৰে ইজৰাইলক সতৰ্ক কৰি দিছিল যে "যদি ইহুদীসকলৰ আক্ৰমণ বন্ধ নহয়, তেন্তে আমিও  বন্দুক সাজু ৰাখিছো।" 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত