--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি সৰু পৰ্দাৰ বিখ্যাত অভিনেত্ৰী বৈশালী ঠক্কৰে আত্মহত্যা কৰে। 'য়ে ৰিস্তা ক্যা কেহলাতা হে' খ্যাত বৈশালী ঠক্কৰৰ  মৃত্যুৰ খবৰটোৱে সকলোকে স্তম্ভিত কৰি তুলিছে। সকলোতে চৰ্চা চলিছে যে কি কাৰণত এই অভিনেত্ৰীগৰাকীয়ে প্ৰাণ হেৰুৱাইছিল। জানিব পৰা মতে বৈশালী ঠক্কৰৰ আত্মহত্যাৰ খবৰ পোৱাৰ পাছতেই তেওঁৰ গৃহ চহৰ ইন্দোৰৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল। এনে অৱস্থাত বৈশালী ঠক্কৰ আত্মহত্যা সন্দৰ্ভত ৰাজ্য আৰক্ষীৰ পৰা এটা ডাঙৰ বক্তব্য ওলাই আহিছে।

উল্লেখযোগ্য যে বিগত এবছৰ ধৰি বৈশালী  মনোৰঞ্জন জগতৰ পৰা দূৰত্ব বজাই ৰাখিছিল। যাৰ বাবে তাই ইন্দোৰৰ নিজৰ ঘৰত থাকিছিল। ১৬ অক্টোবৰ অৰ্থাৎ আজি পোহৰলৈ আহিছিল তেওঁৰ আত্মহত্যাৰ খবৰ।এই তথ্য লাভ কৰাৰ পাছত ঘটনাৰ বুজ লবলৈ ইন্দোৰ আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। য’ৰ পৰা তেওঁলোকে বৈশালীৰ মৃতদেহৰ লগতে এখন ছুইচাইড নোট উদ্ধাৰ কৰিছে। এনে অৱস্থাত এতিয়া বৈশালীৰ আত্মহত্যাৰ আঁৰৰ কাৰণ সন্দৰ্ভত ইন্দোৰৰ এচিপি মতিউৰ ৰহমানৰ এটা ডাঙৰ বক্তব্য ওলাই আহিছে, য’ত তেওঁ কৈছে যে - ‘বৈশালী ঠাক্কৰ নামৰ অভিনেত্ৰীগৰাকীয়ে ফাঁচী লগাই আত্মহত্যা কৰিছে। এখন চুইচাইড নোট পোৱা গৈছে য’ত লিখা আছে যে তেওঁক পুৰণি প্ৰেমিকে হাৰাশাস্তি কৰি আছিল। তেওঁক হাৰাশাস্তি কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।'  এই তথ্য সংবাদ সংস্থা এএনআইৰ টুইটৰ জৰিয়তে দিয়া হৈছে।


বৈশালী ঠক্কৰৰ  মৃত্যুৰ বাবে টিভি উদ্যোগত শোকৰ ছাঁ পৰিছে। ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ কৰিছে বৈশালী ঠক্কৰৰ সকলো অনুৰাগীয়ে। জানিব পৰা মতে, ষ্টাৰ প্লাছৰ বিখ্যাত অনুষ্ঠান 'য়ে ৰিস্তা ক্যা কেহলাতা হে'ৰ  জৰিয়তে নিজৰ বিশেষ পৰিচয় গঢ়ি তোলা বৈশালী ঠক্কৰে কেৰিয়াৰৰ সময়ছোৱাত ছছুৰাল ছিমাৰ কা, ছুপাৰ চিষ্টাৰছ, মনমোহনী ২ আদি সকলো ছিৰিয়েলত নিজৰ অভিনয়ৰে দৰ্শকৰ মন‌ মোহিবলৈ সক্ষম হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি