--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি সৰু পৰ্দাৰ বিখ্যাত অভিনেত্ৰী বৈশালী ঠক্কৰে আত্মহত্যা কৰে। 'য়ে ৰিস্তা ক্যা কেহলাতা হে' খ্যাত বৈশালী ঠক্কৰৰ  মৃত্যুৰ খবৰটোৱে সকলোকে স্তম্ভিত কৰি তুলিছে। সকলোতে চৰ্চা চলিছে যে কি কাৰণত এই অভিনেত্ৰীগৰাকীয়ে প্ৰাণ হেৰুৱাইছিল। জানিব পৰা মতে বৈশালী ঠক্কৰৰ আত্মহত্যাৰ খবৰ পোৱাৰ পাছতেই তেওঁৰ গৃহ চহৰ ইন্দোৰৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল। এনে অৱস্থাত বৈশালী ঠক্কৰ আত্মহত্যা সন্দৰ্ভত ৰাজ্য আৰক্ষীৰ পৰা এটা ডাঙৰ বক্তব্য ওলাই আহিছে।

উল্লেখযোগ্য যে বিগত এবছৰ ধৰি বৈশালী  মনোৰঞ্জন জগতৰ পৰা দূৰত্ব বজাই ৰাখিছিল। যাৰ বাবে তাই ইন্দোৰৰ নিজৰ ঘৰত থাকিছিল। ১৬ অক্টোবৰ অৰ্থাৎ আজি পোহৰলৈ আহিছিল তেওঁৰ আত্মহত্যাৰ খবৰ।এই তথ্য লাভ কৰাৰ পাছত ঘটনাৰ বুজ লবলৈ ইন্দোৰ আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। য’ৰ পৰা তেওঁলোকে বৈশালীৰ মৃতদেহৰ লগতে এখন ছুইচাইড নোট উদ্ধাৰ কৰিছে। এনে অৱস্থাত এতিয়া বৈশালীৰ আত্মহত্যাৰ আঁৰৰ কাৰণ সন্দৰ্ভত ইন্দোৰৰ এচিপি মতিউৰ ৰহমানৰ এটা ডাঙৰ বক্তব্য ওলাই আহিছে, য’ত তেওঁ কৈছে যে - ‘বৈশালী ঠাক্কৰ নামৰ অভিনেত্ৰীগৰাকীয়ে ফাঁচী লগাই আত্মহত্যা কৰিছে। এখন চুইচাইড নোট পোৱা গৈছে য’ত লিখা আছে যে তেওঁক পুৰণি প্ৰেমিকে হাৰাশাস্তি কৰি আছিল। তেওঁক হাৰাশাস্তি কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।'  এই তথ্য সংবাদ সংস্থা এএনআইৰ টুইটৰ জৰিয়তে দিয়া হৈছে।


বৈশালী ঠক্কৰৰ  মৃত্যুৰ বাবে টিভি উদ্যোগত শোকৰ ছাঁ পৰিছে। ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ কৰিছে বৈশালী ঠক্কৰৰ সকলো অনুৰাগীয়ে। জানিব পৰা মতে, ষ্টাৰ প্লাছৰ বিখ্যাত অনুষ্ঠান 'য়ে ৰিস্তা ক্যা কেহলাতা হে'ৰ  জৰিয়তে নিজৰ বিশেষ পৰিচয় গঢ়ি তোলা বৈশালী ঠক্কৰে কেৰিয়াৰৰ সময়ছোৱাত ছছুৰাল ছিমাৰ কা, ছুপাৰ চিষ্টাৰছ, মনমোহনী ২ আদি সকলো ছিৰিয়েলত নিজৰ অভিনয়ৰে দৰ্শকৰ মন‌ মোহিবলৈ সক্ষম হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?