--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইতিহাস ৰচিলে পিভি সিন্ধুৱে ।অলিম্পিকত ভাৰতৰ হৈ দুটা পদক লাভ কৰা বেডমিণ্টনৰ তাৰকা পি ভি সিন্ধুৱে কমনৱেলথ গেমছ ২০২২ৰ শেষৰ দিনটোত ভাৰতক প্ৰদান কৰিছে সোণৰ পদক । কমনৱেলথ গেমছত ভাৰতৰ এয়া ৫৬ সংখ্যক পদক। একে সময়তে কমনৱেলথ গেমছত সিন্ধুৰ এয়া প্ৰথমটো সোণৰ পদক।

পিভি সিন্ধুৱে সমগ্ৰ খেলখনতে  দেখুৱাইছিল এক সুন্দৰ প্ৰদৰ্শন।  প্ৰথমখন খেলত তেওঁ ২১-১৫  জয়লাভ কৰে, তাৰ পাছত দ্বিতীয়খন খেলত ২১-১৩  জয়লাভ কৰে। প্ৰতিখন খেলতে নিজৰ দখল বজাই ৰখা সিন্ধুৱে দ্বিতীয়খন খেলত পিভি সিন্ধুৱে ব কানাডাৰ খেলুৱৈ লীকক পৰাস্ত কৰি দ্বিতীয়খন খেলতো ২১-১৩ জয়লাভ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় । 

কমনৱেলথ গেমছত তাৰকা পিভি সিন্ধুৱে এতিয়া বৰ্তমানৰ স্বৰ্ণসহ ৫টা পদক লাভ কৰিছে। মহিলা একক শাখাত ২০১৮ চনত ৰূপৰ পদক আৰু ২০১৪ চনত ব্ৰঞ্জৰ পদক লাভ কৰে।

পিভি সিন্ধুৰ জন্ম হৈছিল ১৯৯৫ চনৰ ৫ জুলাইত । তেওঁ হৈছে ভাৰতৰ এগৰাকী তাৰকা বেডমিণ্টন খেলুৱৈ। ভাৰতৰ অন্যতম সফল ক্ৰীড়াবিদ হিচাপে গণ্য কৰা সিন্ধুৱে অলিম্পিকৰ দৰে বিভিন্ন প্ৰতিযোগিতা আৰু বি ডব্লিউ এফ চাৰ্কিটত ২০১৯ চনৰ বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। বেডমিণ্টন বিশ্ব চেম্পিয়ন হোৱা তেওঁ প্ৰথম আৰু একমাত্ৰ ভাৰতীয় । আনহাতে অলিম্পিক গেমছত একেৰাহে দুটা পদক লাভ কৰা ভাৰতৰ দ্বিতীয়গৰাকী ব্যক্তিগত খেলুৱৈ।

২০১৬ চনৰ চাইনা অ’পেনত প্ৰথমবাৰৰ বাবে ছুপাৰছিৰিজ খিতাপ দখল কৰিছিল সিন্ধুৱে আৰু তাৰ পিছত ২০১৭ চনত আৰু চাৰিটা ফাইনেল খেলি দক্ষিণ কোৰিয়া আৰু ভাৰতত খিতাপ দখল কৰিছিল। ইয়াৰ উপৰিও ২০১৮ চনৰ কমনৱেলথ গেমছ আৰু ২০১৮ এছিয়ান গেমছত এটাকৈ ৰূপৰ পদক লাভ কৰিছে,  ক্ৰমে ৮৫ লাখ মাৰ্কিন ডলাৰ, ৫৫ লাখ ডলাৰ আৰু ৭২ লাখ ডলাৰ উপাৰ্জন কৰি সিন্ধুৱে ২০১৮, ২০১৯ আৰু ২০২১ চনত ফৰ্বছৰ সৰ্বাধিক দৰমহা পোৱা মহিলা খেলুৱৈৰ তালিকাত স্থান লাভ কৰে। ক্ৰীড়া সন্মান অৰ্জুন বঁটা আৰু মেজৰ ধ্যানচান্দ খেল ৰত্নৰ লগতে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী লাভ কৰিছে। ২০২০ চনৰ জানুৱাৰী মাহত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণেৰেও সন্মানিত হৈছিল খেলুৱৈ গৰাকী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement