--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইতিহাস ৰচিলে পিভি সিন্ধুৱে ।অলিম্পিকত ভাৰতৰ হৈ দুটা পদক লাভ কৰা বেডমিণ্টনৰ তাৰকা পি ভি সিন্ধুৱে কমনৱেলথ গেমছ ২০২২ৰ শেষৰ দিনটোত ভাৰতক প্ৰদান কৰিছে সোণৰ পদক । কমনৱেলথ গেমছত ভাৰতৰ এয়া ৫৬ সংখ্যক পদক। একে সময়তে কমনৱেলথ গেমছত সিন্ধুৰ এয়া প্ৰথমটো সোণৰ পদক।

পিভি সিন্ধুৱে সমগ্ৰ খেলখনতে  দেখুৱাইছিল এক সুন্দৰ প্ৰদৰ্শন।  প্ৰথমখন খেলত তেওঁ ২১-১৫  জয়লাভ কৰে, তাৰ পাছত দ্বিতীয়খন খেলত ২১-১৩  জয়লাভ কৰে। প্ৰতিখন খেলতে নিজৰ দখল বজাই ৰখা সিন্ধুৱে দ্বিতীয়খন খেলত পিভি সিন্ধুৱে ব কানাডাৰ খেলুৱৈ লীকক পৰাস্ত কৰি দ্বিতীয়খন খেলতো ২১-১৩ জয়লাভ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় । 

কমনৱেলথ গেমছত তাৰকা পিভি সিন্ধুৱে এতিয়া বৰ্তমানৰ স্বৰ্ণসহ ৫টা পদক লাভ কৰিছে। মহিলা একক শাখাত ২০১৮ চনত ৰূপৰ পদক আৰু ২০১৪ চনত ব্ৰঞ্জৰ পদক লাভ কৰে।

পিভি সিন্ধুৰ জন্ম হৈছিল ১৯৯৫ চনৰ ৫ জুলাইত । তেওঁ হৈছে ভাৰতৰ এগৰাকী তাৰকা বেডমিণ্টন খেলুৱৈ। ভাৰতৰ অন্যতম সফল ক্ৰীড়াবিদ হিচাপে গণ্য কৰা সিন্ধুৱে অলিম্পিকৰ দৰে বিভিন্ন প্ৰতিযোগিতা আৰু বি ডব্লিউ এফ চাৰ্কিটত ২০১৯ চনৰ বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। বেডমিণ্টন বিশ্ব চেম্পিয়ন হোৱা তেওঁ প্ৰথম আৰু একমাত্ৰ ভাৰতীয় । আনহাতে অলিম্পিক গেমছত একেৰাহে দুটা পদক লাভ কৰা ভাৰতৰ দ্বিতীয়গৰাকী ব্যক্তিগত খেলুৱৈ।

২০১৬ চনৰ চাইনা অ’পেনত প্ৰথমবাৰৰ বাবে ছুপাৰছিৰিজ খিতাপ দখল কৰিছিল সিন্ধুৱে আৰু তাৰ পিছত ২০১৭ চনত আৰু চাৰিটা ফাইনেল খেলি দক্ষিণ কোৰিয়া আৰু ভাৰতত খিতাপ দখল কৰিছিল। ইয়াৰ উপৰিও ২০১৮ চনৰ কমনৱেলথ গেমছ আৰু ২০১৮ এছিয়ান গেমছত এটাকৈ ৰূপৰ পদক লাভ কৰিছে,  ক্ৰমে ৮৫ লাখ মাৰ্কিন ডলাৰ, ৫৫ লাখ ডলাৰ আৰু ৭২ লাখ ডলাৰ উপাৰ্জন কৰি সিন্ধুৱে ২০১৮, ২০১৯ আৰু ২০২১ চনত ফৰ্বছৰ সৰ্বাধিক দৰমহা পোৱা মহিলা খেলুৱৈৰ তালিকাত স্থান লাভ কৰে। ক্ৰীড়া সন্মান অৰ্জুন বঁটা আৰু মেজৰ ধ্যানচান্দ খেল ৰত্নৰ লগতে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী লাভ কৰিছে। ২০২০ চনৰ জানুৱাৰী মাহত ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণেৰেও সন্মানিত হৈছিল খেলুৱৈ গৰাকী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু