--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বয়স ৪০, কিন্তু উদ্যম ২০০৬ ৰ মেলবৰ্ণ কমনৱেলথৰ দৰেই অক্ষুণ্ণ। নাম তেওঁৰ অচন্ত শৰৎ কমল। ভাৰতীয়  টেনিছ খেলুৱৈ ইতিহাসত এক জীৱন্ত কিংবদন্তীত পৰিণত হোৱা অচন্ত শৰৎ কমলে নিজৰ স্বৰ্ণিল যাত্ৰা অব্যাহত ৰাখি চলিত বাৰ্মিংহাম কমনৱেলথ গেমছত অৰ্জন কৰিছে আন এক স্বৰ্ণ পদক। ইংলেণ্ডৰ লিয়াম পিচফৰ্ডক ১১-১৩, ১১-৭, ১১-২, ১১-৬, ১১-৮ ব্যৱধানত পৰাস্ত কৰি আজি কমনৱেলথৰ অন্তিম দিনা পুৰুষৰ চিংগলছত স্বৰ্ণ পদক আজুৰি আনে কমলে।  

উল্লেখ্য যে, ২০০৬ চলত শৰৎ কমলে মেলবৰ্ণ কমনৱেলথ গেমছত ব্যক্তিগত শাখাত স্বৰ্ণ পদক অৰ্জন কৰিছিল। আজিৰ জয়েৰে ১৬ টা বছৰৰ পিছত কমনৱেলথত দ্বিতীয়টো ব্যক্তিগত স্বৰ্ণ জয় কৰে তাৰকাগৰাকীয়ে। চলিত বাৰ্মিংহাম কমনৱেলথ গেমছত শৰৎ কমলৰ সামগ্ৰিকভাৱে এইয়া চতুৰ্থটো পদক তথা তৃতীয়টো স্বৰ্ণ। 

বাৰ্মিংহামত এক চমকপ্ৰদ অভিযানেৰে কমলে ইতিপূৰ্বে পুৰুষৰ দলীয় শাখা আৰু মিক্সড ডাবলছ শাখাত স্বৰ্ণ তথা পুৰুষৰ ডাবলছত ৰূপৰ পদক দেশক উপহাৰ দিছে। যোৱা ২ আগষ্টত শৰৎ কমল নেতৃত্বাধীন ভাৰতীয় দলটোৱে ছিংগাপুৰক ৩-১ ব্যৱধানত পৰাস্ত কৰি পুৰুষৰ দলীয় শাখাত সোণৰ পদক অৰ্জন কৰিছিল।

আনহাতে শ্ৰীজা আকুলাৰ সৈতে যুটি বান্ধি মিক্সড ডাবলছ শাখাত দেওবাৰে মালয়েছিয়াৰ জাভেন চুং আৰু কাৰেন লিনেৰ বিৰুদ্ধে ৩-১ ব্যৱধানত জয়েৰে লাভ কৰিছিল দ্বিতীয়টো স্বৰ্ণ। অৱশ্য একেদিনাই পুৰুষৰ ডাবলছত সাথিয়ান গণচেকৰণৰ সৈতে যুটি বান্ধি আন এক স্বৰ্ণৰ আশাৰে ফাইনেলত অৱতীৰ্ণ হৈছিল যদিও ইংলেণ্ডৰ পল ড্ৰিংকহল আৰু লিয়াম পিচফৰ্ডৰ হাতত পৰাস্ত হোৱাৰ পিছত ৰূপৰ পদকত ক্ষান্ত থাকিবলগীয়া হয় কমল।

দেশৰ এই কিংবদন্তী তাৰকা গৰাকীয়ে কমনৱেলথ গেমছৰ ইতিহাসত আজিৰ এই স্বৰ্ণ পদকৰ সৈতে ত্ৰয়োদশ সংখ্যক পদক অৰ্জন কৰে। ২০০৬ চনৰ মেলবৰ্ণ কমনৱেলথ গেমছত ব্যক্তিগত শাখাত প্ৰথমটো স্বৰ্ণ জয়ৰ পাছত কমলে এতিয়ালৈকে ৭ টা স্বৰ্ণ, ৩ টা ব্ৰঞ্জ আৰু ৩ টা ৰূপৰ পদক অৰ্জন কৰিছে।

ইফালে আজি কমনৱেলথ গেমছৰ সামৰণিৰ দিনা ভাৰতীয় দলে অভূতপূৰ্ব প্ৰদৰ্শন দাঙি ধৰে। অন্তিম দিনা ভাৰতীয় দলটোৱে পদক তালিকাত সংযোগ কৰে চাৰিটাকৈ স্বৰ্ণ পদক, এটা ৰূপ আৰু এটা ব্ৰঞ্জ। বিশেষকৈ আজি ভাৰতৰ বেডমিণ্টন দলটোৱে ভাৰতক এক আকাংক্ষিত ফল প্ৰদান কৰে। জি সাথিয়ানে দিনটোৰ আৰম্ভণিতে টেবুল টেনিছত পুৰুষৰ চিংগলছত ব্ৰঞ্জৰ পদক জয়েৰে অন্তম দিনৰ অভিযানৰ পাতনি মেলে।

ইয়াৰ পিছতে আৰম্ভ হয় ভাৰতীয় বেডমিণ্টন দলৰ স্বৰ্ণময় যাত্ৰা। তাৰকা খেলুৱৈ তথা দুবাৰৰ অলিম্পিক পদক জয়ী পি ভি সিন্ধুৱে মহিলাৰ চিংগলছৰ ফাইনেলত কানাডাৰ মিচেল লিক পৰাস্ত কৰি স্বৰ্ণ অৰ্জন কৰাৰ পিছতে লক্ষ সেনে পুৰুষৰ চিংগলছত আজুৰি আনে স্বৰ্ণ। আনহাতে বেডমিণ্টন পুৰুষৰ ডাবলছত চিৰাগ চেট্টী আৰু সত্বিকচাইৰাজ ৰেঙ্কিৰেড্ডীয়ে ইংলেণ্ডৰ বেন লেন আৰু ছিন ভেণ্ডি যুটিক পৰাস্ত কৰি বেডমিণ্টন দিনটোৰ তৃতীয়টো স্বৰ্ণ আজুৰি আনে। 

অৱশ্যে অন্তিম দিনটোৰ এই অভিনৱ সাফল্যৰ মাজতে ফাইনেলত থমকিব লগীয়া হয় ভাৰতৰ পুৰুষ হকী দলটো। দলটোৱে ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ০-৭ ব্যৱধানত শোচনীয়ভাৱে পৰাজিত হৈ ৰূপৰ পদকতে ক্ষান্ত থাকিব লগীয়া হয়। অন্তিম দিনৰ এই চমৎকাৰ প্ৰদৰ্শনৰ দ্বাৰা ভাৰতে ২২ টা স্বৰ্ণ, ১৬ টা ৰূপ আৰু ২৩ টা ব্ৰঞ্জৰ সৈতে পদক তালিকাত চতুৰ্থ স্থান লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু