--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বজুৰি যক্ষমাৰোগ নিৰ্মূল কৰিবৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই ২০৩৫ চনৰ সময়সীমা নিৰ্ধাৰণ কৰিছিল৷ভাৰতত নৰেন্দ্ৰ মোদী চৰকাৰে ২০২৫ চনৰ ভিতৰত ভাৰতক যক্ষ্মা মুক্ত কৰিব বুলি ঘোষণা কৰিছিল৷বিশ্ব স্বাস্থ্য সংস্থাৰ ‘গ্ল’বেল টিউবাৰকুল'ছিছ ৰিপ’ৰ্ট ২০২৪’ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ভৰাত চৰকাৰে বান্ধিলোৱা এই সময়ৰ ভিতৰত ভাৰত যক্ষ্মামুক্ত হৈ নুঠে৷ এই ক্ষেত্ৰত ব্যৰ্থতাৰ সন্মুখীন হৈছে ভাৰত চৰকাৰ৷ 

আন আন দেশ সমূহৰ দৰে ভাৰতেও যক্ষ্মা নিৰ্মূল সূচকৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হয়৷বিশ্ব স্বাস্থ্য সংস্থাৰ উক্ত প্ৰতিবেদনত স্পষ্ট ৰূপত প্ৰকাশ পাইছে যে ভাৰতে নিজে বান্ধিলোৱা ২০২৫ চনৰ সময় সীমাৰ উপৰিও বিশ্বস্থ্য সংস্থাই বান্ধি দিয়া সময় সীমা ২০৩৫ চনতে যক্ষ্মা মুক্ত হৈ নুঠে ভাৰত৷ 

বিশ্ব স্বাস্থ্য সংস্থাই সকলো দেশৰ বাবে নিৰ্ধাৰণ কৰা ‘যক্ষ্মা নিৰ্মূলৰ কৌশল’ৰ বাবে নিৰ্ধাৰণ কৰা তিনিটা মাইলৰ খুঁটি পাৰ কৰাৰ পাছতহে যক্ষ্মা নিৰ্মূলত সফলতা লাভ কৰিব পাৰিব৷২০৩৫ চনৰ বাবে চূড়ান্ত লক্ষ্য নিৰ্ধাৰণ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ আৰু ২০২০ আৰু ২০২৫ চনলৈকে দুটা অন্তৱৰ্তীকালীন লক্ষ্য পূৰণ কৰাত সফলতা লাভ কৰিছিল৷ ইয়াৰ ভিতৰত ২০১৫ চনৰ তুলনাত টিবিৰ বাবে মৃত্যুৰ হাৰ ৯৫% হ্ৰাস। একেদৰে ২০১৫ চনৰ তুলনাত টিবি ৰোগৰ প্ৰাদুৰ্ভাৱ ৯০% হ্ৰাস। ইয়াৰোপৰি যক্ষ্মা চিকিৎসাৰ বাবে ‘বৃহৎ ব্যয়’ শূন্যলৈ হ্ৰাস কৰা অন্যতম লক্ষ্য৷ 

উল্লেখযোগ্য যে ভাৰতত সমগ্ৰ বিশ্বৰ ভিতৰতে টিবি আক্ৰান্তৰ সংখ্যা সৰ্বাধি হয়।শেহতীয়াকৈ প্ৰকাশিত প্ৰতিবেদন অনুসৰি বিশ্বৰ সৰ্বমুঠ যক্ষ্মা আক্ৰান্তৰ ২৬% ভাৰতত আছে। ইণ্ডোনেছিয়া-১০%,চীন-৬.৮%,ফিলিপাইনছ -৬.৮% আৰু পাকিস্তান-৬.৩% যক্ষ্মা ৰোগী আছে।  বৰ্তমান ভাৰতত প্ৰায় ২০ লাখ লোক যক্ষ্মা ৰোগত আক্ৰান্ত যি বিশ্বৰ ভিতৰতে সৰ্বাধিক। ভাৰতত প্ৰতি ১ লাখ লোকৰ বিপৰীতে ১৯৫ টা যক্ষ্মা ৰোগীৰ হাৰ, যিটো ২০২৫ চনৰ ভিতৰত প্ৰতি ১ লাখ লোকৰ বিপৰীতে ৫৫ জন লোকলৈ হ্ৰাস কৰাৰ লক্ষ্য আছিল বিশ্ব স্বাস্থ্যসংস্থাৰ আছিল৷


উৎস: গ্ল’বেল টিউবাৰকুল'ছিছ ৰিপ’ৰ্ট ২০২৪

যক্ষ্মাগোত মৃত্যুৰ হাৰ হ্ৰাস কৰা এক গুৰুত্বপূৰ্ণ সূচক।ভাৰতত ২০১৫ চনত মৃত্যুৰ সংখ্যাৰ তুলনাত ২০২৩ চনত যক্ষ্মাত মৃত্যুৰ সংখ্যা ২৪% হ্ৰাস কৰিছিল। ২০২০ চনত ৩৫% হে হ্ৰাস হৈছিল৷শেহতীয়া তথ্য অনুসৰি  ভাৰতে যক্ষ্মা প্ৰতিৰোধত অন্তৱৰ্তীকালীন আৰু চূড়ান্ত লক্ষ্যত উপনিত হোৱাত বিফলতা প্ৰকট হৈছে।


উৎস: গ্ল’বেল টিউবাৰকুল'ছিছ ৰিপ’ৰ্ট ২০২৪

ভাৰতত এনে বহু যক্ষ্মা ৰোগী আছে যিসকলৰ চিকিৎসা হোৱা নাই বা চৰকাৰী তথ্যভুক্ত হোৱা নাই৷ এই ৰোগৰ চিকিৎসাৰ বাবে এটা পৰিয়ালৰ বাৰ্ষিক আয়ৰ ২০% খৰছ হয়৷ আৰু এই ৰোগৰ পৰ্যাপ্ত ঔষধৰ যোগনৰ ক্ষেত্ৰতো সমস্য দেখা পোৱা গৈছে৷ 

বিশ্ব স্বাস্থ্য সংস্থাৰ এই প্ৰতিবেদনত ভাৰতত যক্ষ্মা প্ৰতিৰোধৰত নিৰ্ধাৰিত সময় সীমাৰ ভিতৰত সফলতা লাভৰ ক্ষেত্ৰত দেখা দুৰ্বলাত সমূহ স্পষ্ট হৈ পৰিছে৷   

   

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?