--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বজুৰি যক্ষমাৰোগ নিৰ্মূল কৰিবৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই ২০৩৫ চনৰ সময়সীমা নিৰ্ধাৰণ কৰিছিল৷ভাৰতত নৰেন্দ্ৰ মোদী চৰকাৰে ২০২৫ চনৰ ভিতৰত ভাৰতক যক্ষ্মা মুক্ত কৰিব বুলি ঘোষণা কৰিছিল৷বিশ্ব স্বাস্থ্য সংস্থাৰ ‘গ্ল’বেল টিউবাৰকুল'ছিছ ৰিপ’ৰ্ট ২০২৪’ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ভৰাত চৰকাৰে বান্ধিলোৱা এই সময়ৰ ভিতৰত ভাৰত যক্ষ্মামুক্ত হৈ নুঠে৷ এই ক্ষেত্ৰত ব্যৰ্থতাৰ সন্মুখীন হৈছে ভাৰত চৰকাৰ৷ 

আন আন দেশ সমূহৰ দৰে ভাৰতেও যক্ষ্মা নিৰ্মূল সূচকৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হয়৷বিশ্ব স্বাস্থ্য সংস্থাৰ উক্ত প্ৰতিবেদনত স্পষ্ট ৰূপত প্ৰকাশ পাইছে যে ভাৰতে নিজে বান্ধিলোৱা ২০২৫ চনৰ সময় সীমাৰ উপৰিও বিশ্বস্থ্য সংস্থাই বান্ধি দিয়া সময় সীমা ২০৩৫ চনতে যক্ষ্মা মুক্ত হৈ নুঠে ভাৰত৷ 

বিশ্ব স্বাস্থ্য সংস্থাই সকলো দেশৰ বাবে নিৰ্ধাৰণ কৰা ‘যক্ষ্মা নিৰ্মূলৰ কৌশল’ৰ বাবে নিৰ্ধাৰণ কৰা তিনিটা মাইলৰ খুঁটি পাৰ কৰাৰ পাছতহে যক্ষ্মা নিৰ্মূলত সফলতা লাভ কৰিব পাৰিব৷২০৩৫ চনৰ বাবে চূড়ান্ত লক্ষ্য নিৰ্ধাৰণ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ আৰু ২০২০ আৰু ২০২৫ চনলৈকে দুটা অন্তৱৰ্তীকালীন লক্ষ্য পূৰণ কৰাত সফলতা লাভ কৰিছিল৷ ইয়াৰ ভিতৰত ২০১৫ চনৰ তুলনাত টিবিৰ বাবে মৃত্যুৰ হাৰ ৯৫% হ্ৰাস। একেদৰে ২০১৫ চনৰ তুলনাত টিবি ৰোগৰ প্ৰাদুৰ্ভাৱ ৯০% হ্ৰাস। ইয়াৰোপৰি যক্ষ্মা চিকিৎসাৰ বাবে ‘বৃহৎ ব্যয়’ শূন্যলৈ হ্ৰাস কৰা অন্যতম লক্ষ্য৷ 

উল্লেখযোগ্য যে ভাৰতত সমগ্ৰ বিশ্বৰ ভিতৰতে টিবি আক্ৰান্তৰ সংখ্যা সৰ্বাধি হয়।শেহতীয়াকৈ প্ৰকাশিত প্ৰতিবেদন অনুসৰি বিশ্বৰ সৰ্বমুঠ যক্ষ্মা আক্ৰান্তৰ ২৬% ভাৰতত আছে। ইণ্ডোনেছিয়া-১০%,চীন-৬.৮%,ফিলিপাইনছ -৬.৮% আৰু পাকিস্তান-৬.৩% যক্ষ্মা ৰোগী আছে।  বৰ্তমান ভাৰতত প্ৰায় ২০ লাখ লোক যক্ষ্মা ৰোগত আক্ৰান্ত যি বিশ্বৰ ভিতৰতে সৰ্বাধিক। ভাৰতত প্ৰতি ১ লাখ লোকৰ বিপৰীতে ১৯৫ টা যক্ষ্মা ৰোগীৰ হাৰ, যিটো ২০২৫ চনৰ ভিতৰত প্ৰতি ১ লাখ লোকৰ বিপৰীতে ৫৫ জন লোকলৈ হ্ৰাস কৰাৰ লক্ষ্য আছিল বিশ্ব স্বাস্থ্যসংস্থাৰ আছিল৷


উৎস: গ্ল’বেল টিউবাৰকুল'ছিছ ৰিপ’ৰ্ট ২০২৪

যক্ষ্মাগোত মৃত্যুৰ হাৰ হ্ৰাস কৰা এক গুৰুত্বপূৰ্ণ সূচক।ভাৰতত ২০১৫ চনত মৃত্যুৰ সংখ্যাৰ তুলনাত ২০২৩ চনত যক্ষ্মাত মৃত্যুৰ সংখ্যা ২৪% হ্ৰাস কৰিছিল। ২০২০ চনত ৩৫% হে হ্ৰাস হৈছিল৷শেহতীয়া তথ্য অনুসৰি  ভাৰতে যক্ষ্মা প্ৰতিৰোধত অন্তৱৰ্তীকালীন আৰু চূড়ান্ত লক্ষ্যত উপনিত হোৱাত বিফলতা প্ৰকট হৈছে।


উৎস: গ্ল’বেল টিউবাৰকুল'ছিছ ৰিপ’ৰ্ট ২০২৪

ভাৰতত এনে বহু যক্ষ্মা ৰোগী আছে যিসকলৰ চিকিৎসা হোৱা নাই বা চৰকাৰী তথ্যভুক্ত হোৱা নাই৷ এই ৰোগৰ চিকিৎসাৰ বাবে এটা পৰিয়ালৰ বাৰ্ষিক আয়ৰ ২০% খৰছ হয়৷ আৰু এই ৰোগৰ পৰ্যাপ্ত ঔষধৰ যোগনৰ ক্ষেত্ৰতো সমস্য দেখা পোৱা গৈছে৷ 

বিশ্ব স্বাস্থ্য সংস্থাৰ এই প্ৰতিবেদনত ভাৰতত যক্ষ্মা প্ৰতিৰোধৰত নিৰ্ধাৰিত সময় সীমাৰ ভিতৰত সফলতা লাভৰ ক্ষেত্ৰত দেখা দুৰ্বলাত সমূহ স্পষ্ট হৈ পৰিছে৷   

   

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক