--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা ২৫ মাৰ্চত দ্বিতীয়টো কাৰ্যকালৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে যোগী আদিত্যনাথ৷ এইবেলি যোগী আদিত্যনাথৰ দ্বিতীয়টো কাৰ্যকালৰ শপতগ্ৰহণৰ কাৰ্যসূচী কিছু ব্যতিক্ৰমী হ’ব যেন ধাৰণা কৰা হৈছে৷ কিয়নো, উত্তৰ প্ৰদেশৰ নৱ-নিৰ্বাচিত চৰকাৰৰ শপতগ্ৰহণতে দেশৰ ৰাজনৈতিক ইতিহাসত নোহোৱা নোপজা ঘটনা ঘটিবলৈ গৈ আছে৷ খবৰ অনুসৰি, ২৫ মাৰ্চত যোগী আদিত্যনাথৰ শপতগ্ৰহণ অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মন্দিৰসমূহত সম্পূৰ্ণ দুঘণ্টাৰ বাবে বজোৱা হ'ব শংখ-ঘণ্টা৷ যোগীৰ শপতগ্ৰহণৰ সময়ছোৱাক শংখ আৰু ঘণ্টাধ্বনিৰে মুখৰিত কৰি ৰাখিবলৈ প্ৰস্তুতি চলাইছে উত্তৰ প্ৰদেশ বিজেপিয়ে৷ অকল শংখ, ঘণ্টাই নহয়, শপতগ্ৰহণক কেন্দ্ৰ কৰি প্ৰতিটো মুখ্য চাৰিআলিত লগোৱা হ'ব বৃহদাকাৰৰ হৰ্ডিং আৰু বেনাৰ৷ উত্তৰ প্ৰদেশৰ বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক গোবিন্দ নাৰায়ণ শুক্লাই জাৰি কৰা নিৰ্দেশনা অনুসৰি, ২৫ মাৰ্চত লক্ষ্ণৌত অনুষ্ঠিত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ৰাজ্যখনৰ সকলো জিলা, মণ্ডল আৰু শক্তিকেন্দ্ৰৰ কৰ্মীসকলক আমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ বাবে, জিলা সভাপতিসকলক এখন তালিকা প্ৰস্তুত কৰিবলৈ আৰু ৰাজ্যিক মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ উত্তৰ প্ৰদেশত বিজেপিয়ে যোগী আদিত্যনাথ আৰু তেওঁৰ মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠানক এক বিশাল অনুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। এই তৎপৰতা, প্ৰস্তুতি এতিয়া এনেকুৱা পৰ্যায়ত চলিছে যে শপত গ্ৰহণৰ দিনা ৰাজ্যখনৰ প্ৰতিখন জিলা, চহৰ আৰু উত্তৰ গাঁৱৰ মন্দিৰবোৰত ঘণ্টা বজোৱা হ'ব৷ তাত আৰতি পাঠ কৰা হ'ব আৰু মানুহৰ কল্যাণৰ বাবে পূজা আগবঢ়োৱা হ’ব। কেৱল এয়াই নহয়, উত্তৰ প্ৰদেশৰ সকলো মঠ আৰু মন্দিৰৰ সাধু-সন্তসকলক শপত গ্ৰহণৰ বাবে লক্ষ্ণৌলৈ আহিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। আনকি দলৰ দ্বাৰা নিৰ্দেশনা দিয়া হৈছে যে লক্ষ্ণৌলৈ অহা প্ৰতিজন কৰ্মীয়ে তেওঁলোকৰ গাড়ীত একোখনকৈ বিজেপিৰ দলীয়া পতাকা আঁৰি লৈ আহিব লাগিব। এইদৰেই এতিয়া চমকপ্ৰদ কাৰ্যসূচীৰে যোগী আদিত্যনাথৰ শপতৰ বাবে সাজু হৈছে উত্তৰ প্ৰদেশ বিজেপি ৷ ঘণ্টা, শংখধ্বনিৰে মুখৰিত হ’ব যোগীৰ শপতগ্ৰহণৰ অনুষ্ঠান ৷ যেন এক মাংগলিক কাৰ্যসূচীৰ মাজেৰেই পৰৱৰ্তী পাঁচ বছৰৰ বাবে সাজু হৈছে উত্তৰ প্ৰদেশৰ নৱনিৰ্বাচিত চৰকাৰখন৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য