--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা ২৫ মাৰ্চত দ্বিতীয়টো কাৰ্যকালৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে যোগী আদিত্যনাথ৷ এইবেলি যোগী আদিত্যনাথৰ দ্বিতীয়টো কাৰ্যকালৰ শপতগ্ৰহণৰ কাৰ্যসূচী কিছু ব্যতিক্ৰমী হ’ব যেন ধাৰণা কৰা হৈছে৷ কিয়নো, উত্তৰ প্ৰদেশৰ নৱ-নিৰ্বাচিত চৰকাৰৰ শপতগ্ৰহণতে দেশৰ ৰাজনৈতিক ইতিহাসত নোহোৱা নোপজা ঘটনা ঘটিবলৈ গৈ আছে৷ খবৰ অনুসৰি, ২৫ মাৰ্চত যোগী আদিত্যনাথৰ শপতগ্ৰহণ অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মন্দিৰসমূহত সম্পূৰ্ণ দুঘণ্টাৰ বাবে বজোৱা হ'ব শংখ-ঘণ্টা৷ যোগীৰ শপতগ্ৰহণৰ সময়ছোৱাক শংখ আৰু ঘণ্টাধ্বনিৰে মুখৰিত কৰি ৰাখিবলৈ প্ৰস্তুতি চলাইছে উত্তৰ প্ৰদেশ বিজেপিয়ে৷ অকল শংখ, ঘণ্টাই নহয়, শপতগ্ৰহণক কেন্দ্ৰ কৰি প্ৰতিটো মুখ্য চাৰিআলিত লগোৱা হ'ব বৃহদাকাৰৰ হৰ্ডিং আৰু বেনাৰ৷ উত্তৰ প্ৰদেশৰ বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক গোবিন্দ নাৰায়ণ শুক্লাই জাৰি কৰা নিৰ্দেশনা অনুসৰি, ২৫ মাৰ্চত লক্ষ্ণৌত অনুষ্ঠিত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ৰাজ্যখনৰ সকলো জিলা, মণ্ডল আৰু শক্তিকেন্দ্ৰৰ কৰ্মীসকলক আমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ বাবে, জিলা সভাপতিসকলক এখন তালিকা প্ৰস্তুত কৰিবলৈ আৰু ৰাজ্যিক মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ উত্তৰ প্ৰদেশত বিজেপিয়ে যোগী আদিত্যনাথ আৰু তেওঁৰ মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠানক এক বিশাল অনুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। এই তৎপৰতা, প্ৰস্তুতি এতিয়া এনেকুৱা পৰ্যায়ত চলিছে যে শপত গ্ৰহণৰ দিনা ৰাজ্যখনৰ প্ৰতিখন জিলা, চহৰ আৰু উত্তৰ গাঁৱৰ মন্দিৰবোৰত ঘণ্টা বজোৱা হ'ব৷ তাত আৰতি পাঠ কৰা হ'ব আৰু মানুহৰ কল্যাণৰ বাবে পূজা আগবঢ়োৱা হ’ব। কেৱল এয়াই নহয়, উত্তৰ প্ৰদেশৰ সকলো মঠ আৰু মন্দিৰৰ সাধু-সন্তসকলক শপত গ্ৰহণৰ বাবে লক্ষ্ণৌলৈ আহিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। আনকি দলৰ দ্বাৰা নিৰ্দেশনা দিয়া হৈছে যে লক্ষ্ণৌলৈ অহা প্ৰতিজন কৰ্মীয়ে তেওঁলোকৰ গাড়ীত একোখনকৈ বিজেপিৰ দলীয়া পতাকা আঁৰি লৈ আহিব লাগিব। এইদৰেই এতিয়া চমকপ্ৰদ কাৰ্যসূচীৰে যোগী আদিত্যনাথৰ শপতৰ বাবে সাজু হৈছে উত্তৰ প্ৰদেশ বিজেপি ৷ ঘণ্টা, শংখধ্বনিৰে মুখৰিত হ’ব যোগীৰ শপতগ্ৰহণৰ অনুষ্ঠান ৷ যেন এক মাংগলিক কাৰ্যসূচীৰ মাজেৰেই পৰৱৰ্তী পাঁচ বছৰৰ বাবে সাজু হৈছে উত্তৰ প্ৰদেশৰ নৱনিৰ্বাচিত চৰকাৰখন৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক