--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মোদীয়েই শিৱ! প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি তেওঁৰ দলৰ নেতা-কৰ্মীৰ লগতে তেওঁৰ লক্ষ লক্ষ অনুৰাগীৰো আছে অন্ধ আনুগত্য। জনপ্ৰিয়তাৰ সকলো সীমা যেন তেওঁ চেৰাই গৈছে। ২০১৪ চনৰে পৰা তেওঁৰ জনপ্ৰিয়তা কমাৰ পৰিৱৰ্তে দিনক দিনে যেন বাঢ়িহে গৈ আছে। একাংশই এতিয়া মোদীক ভগৱান সজাবলৈকো কুণ্ঠাবোধ কৰা নাই। তেওঁৰ নামত নানা অতিকল্পনা আশ্ৰিত কাহিনী প্ৰচাৰ কৰি তেওঁৰ মহত্ত প্ৰকাশ কৰিবলৈ চেষ্টা কৰি আহিছে তেওঁৰ অনুৰাগীসকলে।কিন্তু এই সকলোৰে সীমা এইবাৰ চেৰাই গৈছে ৰাজস্থানৰ বিজেপি বিদায়ক জ্ঞান চান্দ পৰখে। ৰাজস্থানৰ বিজেপি বিধায়ক জ্ঞান চান্দ পৰখে এটা বিতৰ্কিত মন্তব্য প্ৰকাশ কৰি কয় যে,  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ভগৱান মহাদেৱৰ অৱতাৰ বুলি কোৱাটোও অতিৰঞ্জিত নহ'ব। ৰাজ্য বিধানসভাত বিত্তীয় বিধেয়ক সম্পৰ্কীয় এক আলোচনাৰ সময়তে বিজেপি বিধায়কজনে এই মন্তব্য কৰে। বিধায়কজনৰ এই মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শাসকীয় কংগ্ৰেছ দলে পৰখৰ মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। প্ৰধানমন্ত্ৰী মোডীক প্ৰশংসা কৰি ৰাজস্থানৰ বিজেপি বিধায়কগৰাকীয়ে কয় যে 'এসময়ত হৰ হৰ মহাদেৱৰ শ্ল'গান দিয়া হৈছিল আৰু এতিয়া হৰ হৰ মোডীৰ শ্ল'গান দিয়া হৈছে।’ তেওঁ কয়, "মোডী মহাদেৱৰ অৱতাৰ বুলি কোৱাটো অতিৰঞ্জিত নহ'ব।" ৰাজস্থানৰ বিজেপি বিধায়কজনে প্ৰধানমন্ত্ৰী মোডীক ভগৱান শিৱৰ সৈতে তুলনা কৰিবলৈ কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা তথা ছাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰসংগ উত্থাপন কৰে। "যেতিয়া মহাদেৱৰ তৃতীয় চকু খোলে, তেতিয়াই বিপৰ্যয় হয় বুলি বিশ্বাস কৰা হয়। একেদৰে যেতিয়া মোডীয়ে তেওঁৰ তৃতীয় নয়ন মুকলি কৰিছিল তেতিয়াই কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদীক নিশ্চিহ্ন কৰা হৈছিল, পাকিস্তানৰ মাটিত ছাৰ্জিকেল ষ্ট্ৰাইক হৈছিল," পৰখে কয়। প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বৰ ওপৰত আস্থা প্ৰকাশ কৰি পৰখে কয় যে, তেৱেঁই একমাত্ৰ নেতা যিয়ে দেশক সুৰক্ষিত আৰু শক্তিশালী কৰি তুলিব পাৰে। ইফালে, ৰাজ্যিক মন্ত্ৰী তথা কংগ্ৰেছ নেতা মহেশ যোশীয়ে ৰাজস্থানৰ বিজেপি বিধায়কৰ মন্তব্যক তীব্ৰ প্ৰত্যাহ্বান জনাই কয় যে, এজন মানুহক ঈশ্বৰৰ সৈতে তুলনা কৰাটো ধৃষ্টতাৰ নামান্তৰ। যোশীয়ে পৰখৰ মন্তব্যক ভগৱান শিৱৰ অপমান বুলি অভিহিত কৰে। মন কৰিবলগীয়া যে, প্ৰধানমন্ত্ৰী মোদীৰ অসাধাৰণত্বক প্ৰকাশ কৰিবলৈ মহাৰাষ্ট্ৰৰ বিজেপি মুৰব্বী চন্দ্ৰকান্ত পাটিলে কৈছিল যে প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰতিদিনে মাত্ৰ দুঘণ্টাহে শোৱে আৰু দেশৰ বাবে "প্ৰতি মিনিটত" তেওঁ কৰ্মৰত হৈ থাকে। মোদী বন্দনা তথা তেওঁৰ প্ৰতি এই অন্ধ আনুগত্যৰ নিদৰ্শনে যিকোনো সচেতন লোককে বিস্মিত কৰি তুলিব পাৰে। PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য