--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মোদীয়েই শিৱ! প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি তেওঁৰ দলৰ নেতা-কৰ্মীৰ লগতে তেওঁৰ লক্ষ লক্ষ অনুৰাগীৰো আছে অন্ধ আনুগত্য। জনপ্ৰিয়তাৰ সকলো সীমা যেন তেওঁ চেৰাই গৈছে। ২০১৪ চনৰে পৰা তেওঁৰ জনপ্ৰিয়তা কমাৰ পৰিৱৰ্তে দিনক দিনে যেন বাঢ়িহে গৈ আছে। একাংশই এতিয়া মোদীক ভগৱান সজাবলৈকো কুণ্ঠাবোধ কৰা নাই। তেওঁৰ নামত নানা অতিকল্পনা আশ্ৰিত কাহিনী প্ৰচাৰ কৰি তেওঁৰ মহত্ত প্ৰকাশ কৰিবলৈ চেষ্টা কৰি আহিছে তেওঁৰ অনুৰাগীসকলে।কিন্তু এই সকলোৰে সীমা এইবাৰ চেৰাই গৈছে ৰাজস্থানৰ বিজেপি বিদায়ক জ্ঞান চান্দ পৰখে। ৰাজস্থানৰ বিজেপি বিধায়ক জ্ঞান চান্দ পৰখে এটা বিতৰ্কিত মন্তব্য প্ৰকাশ কৰি কয় যে,  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ভগৱান মহাদেৱৰ অৱতাৰ বুলি কোৱাটোও অতিৰঞ্জিত নহ'ব। ৰাজ্য বিধানসভাত বিত্তীয় বিধেয়ক সম্পৰ্কীয় এক আলোচনাৰ সময়তে বিজেপি বিধায়কজনে এই মন্তব্য কৰে। বিধায়কজনৰ এই মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শাসকীয় কংগ্ৰেছ দলে পৰখৰ মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। প্ৰধানমন্ত্ৰী মোডীক প্ৰশংসা কৰি ৰাজস্থানৰ বিজেপি বিধায়কগৰাকীয়ে কয় যে 'এসময়ত হৰ হৰ মহাদেৱৰ শ্ল'গান দিয়া হৈছিল আৰু এতিয়া হৰ হৰ মোডীৰ শ্ল'গান দিয়া হৈছে।’ তেওঁ কয়, "মোডী মহাদেৱৰ অৱতাৰ বুলি কোৱাটো অতিৰঞ্জিত নহ'ব।" ৰাজস্থানৰ বিজেপি বিধায়কজনে প্ৰধানমন্ত্ৰী মোডীক ভগৱান শিৱৰ সৈতে তুলনা কৰিবলৈ কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা তথা ছাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰসংগ উত্থাপন কৰে। "যেতিয়া মহাদেৱৰ তৃতীয় চকু খোলে, তেতিয়াই বিপৰ্যয় হয় বুলি বিশ্বাস কৰা হয়। একেদৰে যেতিয়া মোডীয়ে তেওঁৰ তৃতীয় নয়ন মুকলি কৰিছিল তেতিয়াই কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদীক নিশ্চিহ্ন কৰা হৈছিল, পাকিস্তানৰ মাটিত ছাৰ্জিকেল ষ্ট্ৰাইক হৈছিল," পৰখে কয়। প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বৰ ওপৰত আস্থা প্ৰকাশ কৰি পৰখে কয় যে, তেৱেঁই একমাত্ৰ নেতা যিয়ে দেশক সুৰক্ষিত আৰু শক্তিশালী কৰি তুলিব পাৰে। ইফালে, ৰাজ্যিক মন্ত্ৰী তথা কংগ্ৰেছ নেতা মহেশ যোশীয়ে ৰাজস্থানৰ বিজেপি বিধায়কৰ মন্তব্যক তীব্ৰ প্ৰত্যাহ্বান জনাই কয় যে, এজন মানুহক ঈশ্বৰৰ সৈতে তুলনা কৰাটো ধৃষ্টতাৰ নামান্তৰ। যোশীয়ে পৰখৰ মন্তব্যক ভগৱান শিৱৰ অপমান বুলি অভিহিত কৰে। মন কৰিবলগীয়া যে, প্ৰধানমন্ত্ৰী মোদীৰ অসাধাৰণত্বক প্ৰকাশ কৰিবলৈ মহাৰাষ্ট্ৰৰ বিজেপি মুৰব্বী চন্দ্ৰকান্ত পাটিলে কৈছিল যে প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰতিদিনে মাত্ৰ দুঘণ্টাহে শোৱে আৰু দেশৰ বাবে "প্ৰতি মিনিটত" তেওঁ কৰ্মৰত হৈ থাকে। মোদী বন্দনা তথা তেওঁৰ প্ৰতি এই অন্ধ আনুগত্যৰ নিদৰ্শনে যিকোনো সচেতন লোককে বিস্মিত কৰি তুলিব পাৰে। PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক