--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
যুৱ প্ৰজন্মৰ মাজত কৰ্কট ৰোগৰ আশংকা উদ্বেগজনক হাৰত বৃদ্ধি পাইছে। হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ গৱেষকসকলৰ শেহতীয়া অধ্যয়নত এই কথা প্ৰকাশ পায়। নেচাৰ আলোচনীত প্ৰকাশিত গৱেষণা পত্ৰ অনুসৰি, সমগ্ৰ বিশ্বতে কৰ্কট ৰোগত আক্ৰান্ত যুৱক-যুৱতীৰ সংখ্যা বৃদ্ধি পাইছে। এই পত্ৰত এয়াও  উল্লেখ কৰা হৈছে যে প্ৰতিটো নতুন প্ৰজন্মৰ মাজত  কৰ্কট ৰোগ অধিক দ্ৰুতগতিত বিয়পি পৰিব।

 বিশেষজ্ঞসকলে মতে, কম বয়সতে কৰ্কট ৰোগ হোৱাৰ কোনো আশংকা নাই বুলি ধাৰণাটোৰ কোনো প্ৰকৃত ভিত্তি নাই। আনকি কম বয়সতে, মাৰাত্মক ৰোগটোৱে শৰীৰক আক্ৰমণ কৰিব পাৰে। গতিকে , এই ক্ষেত্ৰত সদায় সচেতন হোৱা উঠিত। যিকোনো প্ৰকাৰৰ কৰ্কট ৰোগ ৫০  বছৰ বয়সৰ আগতেও  ধৰা পৰিব পাৰে। 

°কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিবলৈ কি সুৰক্ষাৰ প্ৰয়োজন?

কৰ্কট ৰোগ মূলতঃ এক বহু -কাৰকযুক্ত ৰোগ৷  এতিয়ালৈকে এই ৰোগৰ কোনো নিৰ্দিষ্ট কাৰণ পোৱা হোৱা নাই। অস্বাস্থ্যকৰ জীৱনশৈলী, অনিয়মীয়া খাদ্যাভ্যাস, বাহিৰত খাদ্য খোৱাৰ প্ৰৱণতা, তেল-মচলাযুক্ত খাদ্য খোৱাৰ প্ৰৱণতা - ইয়াৰে কিছুমান কাৰকে শৰীৰত কৰ্কট ৰোগ সৃষ্টি কৰে। অৱশ্যে, এই কাৰকবোৰৰ উপৰিও, অত্যাধিক সুৰাপান আৰু ধূমপানৰ অভ্যাসে কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে। চিকিৎসকসকলৰ মতে, কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগৰ পৰা সুৰক্ষিত থাকিবলৈ, সুৰাপানৰ অভ্যাস ত্যাগ কৰা প্ৰয়োজন, কিন্তু লগতে ধূমপান ত্যাগ কৰাও প্ৰয়োজন। ইয়াৰ উপৰিও, স্বাস্থ্যকৰ খাদ্য  খোৱা আৰু দৈনিক ব্যায়ামৰ ওপৰতো গুৰুত্ব দিব লাগে। নিয়মীয়া ব্যায়ামৰ অভ্যাসে কৰ্কট ৰোগৰ আশংকা যথেষ্ট পৰিমাণে হ্ৰাস কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ