--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আপুনি  সৰু সৰু কথাক লৈ সোনকালেই চিন্তিত হৈ পৰে নেকি? অতি সোনকালেই আপোনাৰ উদ্বেগ  আৰম্ভ হয় নেকি?স্বাস্থ্যৰ পক্ষে এইয়া  একেবাৰে ভাল লক্ষণ নহয়। স্বাস্থ্যৱান জীৱন যাপন কৰিবলৈ, স্বাস্থ্যৱান শৰীৰৰ সৈতে, এক স্বাস্থ্যৱান মনৰ প্ৰয়োজন। বহুসময়ত মানসিক উদ্বেগৰ আঁৰত মানসিক সমস্যাবোৰ লুকাই থাকিব পাৰে। যদি এনে সমস্যা দীঘলীয়া সময়ৰ বাবে থাকে, তেন্তে আপুনি মনোবিজ্ঞানী এজনৰ পৰামৰ্শ লোৱা উচিত। অৱশ্যে, যদি সমস্যাটো কম হয়, বিভিন্ন স্বাস্থ্যকৰ অভ্যাসৰ জৰিয়তে  মানসিক স্বাস্থ্য উন্নত কৰাৰ যত্ন কৰিব পাৰে।

 মানসিক উদ্বেগক  নিয়ন্ত্ৰণত ৰাখিবলৈ, বহুলোকে মনৰ কথা লিপিবদ্ধ  কৰিবলৈ  পৰামৰ্শ দিয়ে৷ ইয়াৰ জৰিয়তে মানসিক পীড়া যথেষ্ট উপশম হয়৷ 

 যদি আপোনাৰ  পৰ্যাপ্ত পৰিমাণৰ টোপনি নহয় , তেন্তে আপোনাৰ যিকোনো মানসিক সমস্যা বৃদ্ধি হ'ব পাৰে। অনিদ্ৰা আৰু মানসিক সমস্যাৰ মাজত এক চক্ৰীয় সম্পৰ্ক আছে। অৰ্থাৎ, এটা সমস্যাই আন এটা সমস্যাৰ সৃষ্টি কৰে। একেদৰে, যেতিয়া টোপনি হ্ৰাস হয়, উদ্বেগ বৃদ্ধি হয়। এজন মানুহে  দৈনিক  কমেও ছয়ৰ পৰা আঠ ঘণ্টা টোপনি বিচাৰে৷ 

ইয়াৰোপৰি এৰোমাথেৰাপীয়ে মুখ্যতঃ গোন্ধৰ জৰিয়তে চাপ হ্ৰাস কৰিব বিচাৰে। এই কামত, বিভিন্ন প্ৰকাৰৰ পাৰফিউম স্প্ৰেয়াৰ, ইনহেলাৰ, বিশেষ প্ৰকাৰৰ গা ধোৱা নিমখ, চাবোন আৰু তেল ব্যৱহাৰ কৰা হয়। বিশেষকৈ, লেভেণ্ডাৰ তেল ব্যৱহাৰ  যথেষ্ট লাভজনক৷ 

 উদ্বেগ বৃদ্ধি হ'লে বহুলোকে নিচাৰ আশ্ৰয় লয়। অনিয়ন্ত্ৰিত সুৰাপানে মানসিক সমস্যা বৃদ্ধি কৰিব পাৰে। বিশেষকৈ যদি আসক্তি সৃষ্টি হয়, মানসিক অৱস্থা অধিক বেয়া হৈ যায়। সেয়েহে, মানসিক উদ্বেগৰ সময়ত সুৰা পৰিহাৰ কৰা উচিত।

আমি সেৱন কৰা  কফিত কেফেইন থাকে। এই উপাদানটোৱে স্নায়ুবোৰক অধিক উদ্দীপিত কৰে আৰু উদ্বেগৰ পৰিমাণ বৃদ্ধি কৰে। ইয়াৰ উপৰিও, কফি খালে অনিদ্ৰাৰ সমস্যাও বৃদ্ধি হ'ব পাৰে। গতিকে সুৰাৰ দৰে, উদ্বেগ বৃদ্ধি হ'লে কফিৰ পৰাও  আঁতৰি থাকিব।

কিন্তু মনত ৰাখিব, এই সকলোবোৰ এক ঘৰুৱা আৰু অতি প্ৰাৰম্ভিক পৰ্যায়ৰ সমাধান। যদি মানসিক উদ্বেগ বৃদ্ধিৰ  সমস্যাটো দীৰ্ঘম্যাদী হয়,তেন্তে  মনোবিজ্ঞানী এজনৰ পৰামৰ্শ লোৱা উচিত আৰু সেই অনুসৰি চিকিৎসা গ্ৰহণ কৰা উচিত।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ