--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এফালে থাকিব যুৱৰাজ সিং, হৰভজন সিং, সুৰেশ ৰাইনা। আনফালে থাকিব শ্বাহিদ আফ্ৰিদি, আব্দুৰ ৰাজ্জাকা। অহা ৬ জুলাইত ভাৰত-পাকিস্তানৰ আন এখন মেচ দেখা যাব। লিজেণ্ডছ ৱৰ্ল্ড চেম্পিয়নশ্বিপত দেখা যাব ভাৰত আৰু পাকিস্তানৰ কিংবদন্তিৰে গঠিত দুটা দল।

ইংলেণ্ডত ৩-১৩ জুলাইলৈ অনুষ্ঠিত হ’ব লিজেণ্ডছ ৱৰ্ল্ড চেম্পিয়নশ্বিপ। ইণ্ডিয়া চেম্পিয়ন, পাকিস্তান চেম্পিয়ন, ইংলেণ্ড চেম্পিয়ন, অষ্ট্ৰেলিয়া চেম্পিয়ন, দক্ষিণ আফ্ৰিকা চেম্পিয়ন আৰু ৱেষ্ট ইণ্ডিজ চেম্পিয়ন খেলিব। প্ৰতিযোগিতাখনৰ প্ৰথম ১০খন মেচ আৰু ফাইনেল বাৰ্মিংহামৰ এডগবাষ্টনত অনুষ্ঠিত হ’ব। আৰু ৭খন মেচ আৰু ছেমি ফাইনেল নৰ্থাম্পটনৰ কাউন্টি গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব।

এডগবাষ্টনত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ কিংবদন্তি মেচখন। পাকিস্তান দলত শ্বাহিদ আফ্ৰিদি, শ্বোৱেইব মালিক, মহম্মদ হাফিজ, সোহেইল তনবীৰ, ৱাহাব ৰিয়াজেও খেলাৰ কথা। ৰাউণ্ড ৰবিন ফৰ্মেটত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। অৰ্থাৎ প্ৰতিটো দলে লীগ পৰ্যায়ত এবাৰ ইটোৱে সিটোৰ বিৰুদ্ধে খেলিব। শীৰ্ষ চাৰিটা দলে ছেমি ফাইনেলত খেলিব।

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব ভাৰতে। ৩ জুলাইত প্ৰথমখন খেল। ইয়াৰ পিছত ৫ জুলাইত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে। ৬ জুলাইত পাকিস্তানৰ বিৰুদ্ধে। ৮ জুলাইত অষ্ট্ৰেলিয়া আৰু ১০ জুলাইত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ