--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কুম্ভকৰ্ণৰ দৰে শুই আছিল তাস্কিন আহমেদ! টি-২০ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে খেলখনৰ আগতে তেওঁ সাৰ পোৱা নাছিল। বাংলাদেশৰ ভাইচ অধিনায়কগৰাকীয়ে দলীয় বাছখন ওলাই যোৱাৰ সময়তে খেলপথাৰলৈ পলমকৈ আহিছিল। তেওঁ টিম লিডাৰৰ ফোনটোও তুলি ল’ব পৰা নাছিল। অৱশ্যে পিছত টাস্কিনে ক্ষমা বিচাৰিলে।

টি-২০ বিশ্বকাপৰ ছুপাৰ ৮ৰ পৰা বাহিৰ হ’ল বাংলাদেশ। ছুপাৰ ৮ত ভাৰতৰ বিৰুদ্ধে তেওঁলোকৰ এখন মেচ আছিল। সেই মেচৰ আগতেই এনেকুৱা হৈছিল। বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ এজন বিষয়াই ক্ৰিকেট ৱেবছাইটত দিয়া এক সাক্ষাৎকাৰত কয় -তা‘‘ছকিনে দলীয় বাছ ধৰিব নোৱাৰিলে। ফলত তেওঁ খেলপথাৰত দেৰিকৈ আহিছিল। সঁচা কথা। টোপনি অহাত টাস্কিনে কাৰো ফোন ৰিচিভ নকৰিলে। পিছত অৱশ্যে তেওঁ সতীৰ্থসকলৰ ওচৰত ক্ষমা বিচাৰিলে। বিতৰ্কৰ কোনো কথা নাছিল।"

দলৰ ভাইচ অধিনায়ক হোৱাৰ পিছতো টাস্কিনক ভাৰতৰ বিৰুদ্ধে খেলা নহ’ল। তাৰ পৰিৱৰ্তে জাকেৰ আলীক দললৈ অনা হৈছিল। বাংলাদেশৰ এই সিদ্ধান্তক সমালোচনা কৰা হৈছিল। বিষয়াগৰাকীয়ে কয় যে এই সিদ্ধান্ত সম্পূৰ্ণৰূপে প্ৰশিক্ষকৰ। তেওঁ কয়, ‘ভাৰতৰ মেচখন হয়তো টাস্কিন দলৰ পৰিকল্পনাৰ অংশ নাছিল। তেওঁক কিয় খেলা নহ’ল তাৰ উত্তৰ কেৱল প্ৰশিক্ষকেহে দিব পাৰে। প্ৰশিক্ষক আৰু টাস্কিনৰ মাজত যদি কোনো সমস্যা হ’লহেঁতেন তেন্তে পৰৱৰ্তী মেচত তেওঁক খেলা নহ’লহেঁতেন। কিন্তু টাস্কিনে আফগানিস্তানৰ বিৰুদ্ধে খেলিছিল।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ