--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কৰ’না সংকটে ব্যতিব্যস্ত কৰি কৰি ৰখা বিশ্বলৈ আন এক সংকট কঢ়িয়াই আনিলে ৰাছিয়াই। বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইউক্ৰেইন আক্ৰমণ কৰাৰ কথা ঘোষণা কৰাৰ লগে লগে সমগ্ৰ বিশ্বতে সৃষ্টি হৈছে অস্থিৰতা আৰু উদ্বেগৰ। এখন দেশে যেতিয়া যুদ্ধ ঘোষণা কৰে তাৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে পৰে। ৰাছিয়া ইউক্ৰেইন সংকটক লৈ আমেৰিকা তথা ইউৰোপীয় দেশসমূহেও বিশেষ আগ্ৰহ প্ৰকাশ কৰি অহাৰ পৰিপ্ৰেক্ষিতত এই যুদ্ধ দুখন দেশৰ মাজৰ সংঘাত নহয় বৰং ই এক গোলকীয় বিষয় হৈ পৰিছে আৰু ইয়াৰ কুফল সমগ্ৰ বিশ্বই ভুগিবলগীয়া হোৱাটো নিশ্চিত হৈ পৰিছে। ইতিমধ্যেই ৰাষ্ট্ৰসংঘ আৰু নাটোৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাই ৰাছিয়াৰ এই আক্ৰমণাত্মক ৰূপক গৰিহনা দিছিল যদিও ৰাছিয়া ক্ষান্ত নহ’ল আৰু বৃহস্পতিবাৰে ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰে দেশখনে। ইয়াৰ তাতক্ষণিত প্ৰত্যক্ষ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে তেলৰ বজাৰত। বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম ব্যাপক হাৰত বৃদ্ধি পাইছে আৰু ই শতকৰ ঘৰ অতিক্ৰম কৰিছে। প্ৰতি বেৰেল তেলত এই দাম এতিয়া হৈছেগৈ ১০১.৩৪ডলাৰ। ২০১৪চনৰ ছেপ্টেম্বৰ মাহৰ পাছত এয়াই সৰ্বাধিক দাম হিচাপে চিহ্নিত হৈছে। ইয়াকৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বতে ব্যাপক হাৰত পেট্ৰ’ল ডিজেলৰ দৰে ইন্ধনৰ দাম বৃদ্ধি হোৱাৰ আশংকা তীব্ৰ হৈ পৰিছে। ভাৰততো ইয়াৰ প্ৰত্যক্ষভাৱে পৰিব আৰু অহা মাহৰ পৰা পেট্ৰ’ল-ডিজেল অধিক দুৰ্মূল্য হৈ পৰিব দেশবাসীৰ বাবে। উল্লেখ্য যে, পুটিনৰ পূৰ্ণ পৰ্যায়ৰ যুদ্ধ ঘোষণাৰ পাছতে গোলকীয় শক্তি বিতৰণ প্ৰক্ৰিয়া ব্যাহত হৈ পৰাৰ আশংকা গাঢ় হৈ পৰিছে। উল্লেখ্য যে, ৰাছিয়াই ইউক্ৰেইনৰ বিভিন্ন চহৰত আক্ৰমণ আৰম্ভ কৰি পূৰ্ণ পৰ্যায়ৰ যুদ্ধ ঘোষণা কৰিছে।বৃহস্পতিবাৰে দেশখনৰ পূ্ব প্ৰান্তত আক্ৰমণ সংঘটিত কৰিছে ৰাছিয়াই। নাটোৰ পূব প্ৰান্তলৈ অগ্ৰগতি প্ৰতিৰোধৰ দাবীৰ মাজতে এই পদক্ষেপ গ্ৰহণ কৰে পুটিনে। এই যুদ্ধৰ ফলত আধিপত্য বিস্তাৰৰ যুঁজখনত কোনে কিমানদূৰ অগ্ৰসৰ হ’ব পাৰে সেয়া অন্য এক বিষয় যদিও ইন্ধনৰ দৰে অত্যাৱশ্যকীয় সমগ্ৰীৰ যোগান ব্যাহত হৈ পৰাৰ জৰিয়তে সমগ্ৰ বিশ্বৰে স্বাভাৱিক গতি প্ৰবাহ ৰুদ্ধে হৈ পৰাৰ আশংকা তীব্ৰ হৈ পৰিছে। ৰাছিয়া হৈছে বিশ্বৰত দ্বিতীয় সৰ্বাধিক তেল উতপাদনকাৰী দেশ। তেওঁলোকে মূলতঃ ইউৰোপৰ বিভিন্ন শোধনাগাৰলৈ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ যোগান ধৰে। ইউৰোপলৈ হোৱা খাৰুৱা তেলৰ যোগানক ৩৫শতাংশলৈ যোগান ধৰে ৰাছিয়াই। কিন্তু যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে এই যোগান ব্যাহত হৈ পৰাৰ আশংকা গাঢ় হৈ পৰিছে। যাৰ বাবে খাৰুৱা তেলৰ দাম হোৰাহোৰা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। ৰাছিয়াৰ আধিপত্যবাদী মানসিকতাৰ প্ৰতিফল যিয়েই নহওক লাগিলে অৰ্থনৈতিকভাৱে সমগ্ৰ বিশ্ব যে, পুনৰবাৰ জুৰুলা হ’বলৈ গৈ আছে সেয়া নিশ্চিত হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক