--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এতিয়া যুদ্ধক লৈ ব্যাপক চৰ্চা। ৰাচিয়াই যিকোনো মুহূৰ্ততে আক্ৰমণ কৰিব পাৰে ইউক্ৰেইন। সম্ভাব্য যুদ্ধ প্ৰতিহত কৰিবলৈ ইউক্ৰেইনৰ তৰফৰ পৰাও সামৰিক আৰু কুটনৈতিক কৌশল অব্যাহত ৰাখিছে। কিন্তু এই সকলো প্ৰতিৰোধ কৌশলে ইউক্ৰেইন বচাব পাৰিবনে বা কুটনৈতিক আলোচনাই যুদ্ধৰ বিভীষিকা শেষ কৰিব পাৰিবনে তাক লৈ এতিয়া বিশ্বজুৰি চৰ্চাৰ অন্ত নাই।  ইউক্ৰেইনৰ পৰা উভতি আহক। এনেদৰে কেন্দ্ৰই সেই দেশত বাস কৰা ভাৰতীয় নাগৰিকসকলক অনুৰোধ জনাইছে। দেওবাৰে ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসৰ দ্বাৰা এটা টুইট পোষ্ট কৰা হৈছিল। য’ত এইটো উল্লেখ কৰা হৈছে, যদি ঘূৰি অহা সম্ভৱ এতিয়াই ইউক্ৰেইনৰ পৰা উভতি আহক। প্ৰয়োজন হ’লে বাণিজ্যিক বা চাৰ্টাৰ্ড বিমানৰে ভাৰতলৈ উভতি আহিবলৈ নিৰ্দেশ দিছে ভাৰতীয় দূতবাসে। ভাৰতীয় শিক্ষাৰ্থীকে ধৰি সকলো নাগৰিকক জনোৱা হৈছে যে ইউক্ৰেইনৰ পৰিস্থিতি এই মুহূৰ্তত একেবাৰে অনুকূল নহয়। সমগ্ৰ দেশখনতে যুদ্ধৰ আশংকাই দেখা দিছে। ফলস্বৰূপে, ভাৰতীয়সকল দেশলৈ উভতি অহা উচিত বুলি ভাৰতীয় দূতবাসে কৈছে। একে সময়তে, ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে শিক্ষাৰ্থীসকলক চাৰ্টাৰ্ড বিমান সম্পৰ্কীয় সকলো তথ্য শিক্ষাৰ্থীসকলক দিয়া হৈছে। তদুপৰি, দূতাবাসৰ ফেচবুক, ৱেবছাইট আৰু টুইটাৰৰ ওপৰত নজৰ ৰাখিবলৈও অনুৰোধ জনোৱা হৈছে। কিন্তু এইখিনিতি প্ৰশ্ন উত্থাপন হয়, ইমান যুদ্ধৰ ভয়াবহতাৰ মাজত ভাৰতে নিজাববীয়াকৈ পদক্ষেপ লৈ কিয় দেশৰ নাগৰিকসকলক নিজ দেশলৈ আনিব পৰা নাই। আনহাতে বিমানৰ টিকটো এতিয়া সহজে উপলব্ধ হোৱা নাই বুলিও বহুতো লোকে অভিযোগ উত্থাপন হৈছে। তেনেস্থলত ভাৰত চৰকাৰে কেৱল আহ্বান জনাইয়ে নিজৰ দায়িত্ব সামৰিছে বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰিছে। ইয়াৰ উপৰি, ইউক্ৰেইনত বাস কৰা ভাৰতীয়সকলৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা নিয়ন্ত্ৰণ কক্ষ মুকলি ভাৰত চৰকাৰে দিনে ২৪ ঘণ্টাই ইউক্ৰেইনৰ দূতাবাসৰ সৈতে যোগাযোগ কৰি আছে নিশ্চয়তা প্ৰজান কৰিছে যদিও সেই আশ্বাস এতিয়া সকলোৱে মানি লব পৰা নাই। ইয়াৰ মাজতে, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰশক্তিয়ে এতিয়াও দাবী কৰে যে ৰাছিয়াই যিকোনো সময়তে ইউক্ৰেইন আক্ৰমণ কৰিব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইনে ইতিমধ্যে তেওঁলোকৰ নাগৰিকসকলক ইউক্ৰেইন এৰি যাবলৈ নিৰ্দেশ দিছে। অষ্ট্ৰিয়া আৰু জাৰ্মানীয়ে একেই আদেশ জাৰি কৰিছিল। ফলস্বৰূপে, ৰাছিয়াই মুখামুখি আক্ৰমণৰ সম্ভাৱনা অস্বীকাৰ কৰিছে, কিন্তু পৰিস্থিতি এতিয়াও যথেষ্ট উদ্বেগজনক। এই কথা উপলব্ধি কৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে পুটিনৰ সৈতে আলোচনা কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। অৱশ্যে, পুটিনে তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাব নে নাই সেয়াহে লক্ষ্যণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক