--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভ্লাডিমিৰ পুটিনে সোমবাৰে পূব ইউক্ৰেইনৰ কিছু অংশক ইউক্ৰেইনৰ পৰা স্বতন্ত্ৰ হিচাপে স্বীকৃতি দি এক হুকুমনামা স্বাক্ষৰ কৰে। লগতে ৰাছিয়াৰ সেনা-বাহিনীক অঞ্চলটোত শান্তি বজাই ৰখাৰ স্বাৰ্থত তালৈ প্ৰেৰণ কৰিছে। এই পদক্ষেপে ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদী অঞ্চলটোক স্বাধীনতাৰ মুখ দেখুওৱাৰ বিপৰীতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাছিয়াৰ এনে সিদ্ধান্তই যুদ্ধ সম্ভাৱনা দুগুণ বৃদ্ধি কৰি তুলিছে। লগতে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দূৰদৰ্শনৰ এক ভাষণত এই কথাও উল্লেখ কৰিছে যে পূব ইউক্ৰেইনৰ কিছু অংশ প্ৰাচীন ৰাছিয়াৰ অন্তৰ্গত আছিল। পাছলৈ সেই অঞ্চলবোৰ বিদেশী শক্তিৰ দ্বাৰা পৰিচালিত হৈছিল বুলিও তেওঁ ভাষণৰ মাজতে উল্লেখ কৰিছে। কেৱল সেয়াই নহয়, তেওঁ ইউক্ৰেইন আৰু আমেৰিকাৰ প্ৰতি পোনপটীয়াকৈ অভিযোগ উত্থাপন কৰি কয় যে ইউক্ৰেইনত পুতলা শাসন চলি আছে। ইউক্ৰেইনৰ পুতলা শাসনৰ অচিলা লৈ তাত আমেৰিকা যুক্তৰাষ্ট্ৰই উপনিৱেশ শাসন চলাই আছে। ভাষণ প্ৰসংগত তেওঁ কয় যে ‘ৰক্তপাত হ’লে সেই সিদ্ধান্ত কিয়েভত শাসন কৰি থকা শাসকৰ বিবেকৰ ওপৰত নিৰ্ধাৰিত হ'ব’। মঙলবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে ৰাষ্ট্ৰলৈ এক ভাষণ প্ৰদান কৰি কয় যে ৰাছিয়ান ফেডাৰেচনৰ কাৰ্যকলাপ ইউক্ৰেইন অঞ্চলৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ উলংঘন। তেওঁ কৈছিল যে ইউক্ৰেইনে শান্তি বিচাৰে আৰু ৰাজনৈতিক আৰু কূটনৈতিক মীমাংসা সমৰ্থন কৰে। তেওঁ ঘোষণা কৰে যে ইউক্ৰেইনে তেওঁলোকৰ আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ পৰা স্পষ্ট আৰু কাৰ্যকৰী পদক্ষেপৰ বাবে অপেক্ষা কৰি আছে। সোমবাৰে ৰাছিয়াই ইউক্ৰেইনৰ অঞ্চলটোক স্বতন্ত্ৰ ঘোষণা কৰা কাৰ্যক লৈ আন্তঃৰাষ্ট্ৰীয় মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে। এই সম্পৰ্কত বৰিছ জনছনে কৈছিল যে ৰাছিয়াৰ এই পদক্ষেপ স্পষ্টভাৱে আন্তৰ্জাতিক আইন ভংগ আৰু ইউক্ৰেইনৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ এক স্পষ্ট উলংঘন। তেওঁ লগতে এইদৰে কৈছিল, ‘মই ভাবো এইটো এটা অতি অশুভ লক্ষণ আৰু অতি অন্ধকাৰ চিন’। আনফালে বিচ্ছিন্নতাবাদী অঞ্চলসমূহক স্বাধীন বুলি স্বীকৃতি দিয়াৰ সিদ্ধান্তৰ প্ৰতিক্ৰিয়া স্বৰূপে UK চৰকাৰে মঙলবাৰে ৰাছিয়াৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ঘোষণা কৰিব। বৈদেশিক সচিব লিজ ট্ৰাছে কৈছিল যে তেওঁ আন্তৰ্জাতিক আইন ভংগৰ প্ৰতিক্ৰিয়াস্বৰূপে ব্যৱস্থাসমূহ নিৰ্ধাৰণ কৰিব। ৰাছিয়াৰ এই পদক্ষেপত আমেৰিকাৰ হোৱাইট হাউছে কয় যে ৰাষ্ট্ৰপতি জো বাইডেনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিৰ সৈতে দুয়োটা বিচ্ছিন্ন অঞ্চলৰ মাজত বিনিয়োগ, বাণিজ্য আৰু বিত্তীয় লেনদেন নিষিদ্ধ কৰাৰ নতুন নিষেধাজ্ঞাৰ নিৰ্দেশ দিব। সাময়িকভাৱে ৰাছিয়াৰ এই সিদ্ধান্তৰ প্ৰতি বহুকেইখন ৰাষ্ট্ৰই বিৰোধ প্ৰকাশ কৰিছে। বেছিকৈ অৰ্থনৈতিক অসহযোগিতাৰ কথাই ৰাষ্ট্ৰ নেতাসকলে উল্লেখ কৰিছে। কিন্তু ৰাছিয়াৰ এই অঞ্চলটোত সামৰিক কাৰ্যকলাপক বহু ৰাষ্ট্ৰনেতাই এক অশনি সংকেত বুলি উল্লেখ কৰি শংকা প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক