--°C
Loading...
Listen to Article
2 min read
80%

গুলীচালনা, বোমা বিস্ফোৰণত কঁপি থকা এই যুদ্ধক্ষেত্ৰত ছিন পেনে দেখুৱা সাহসিকতাক লৈ সমগ্ৰ বিশ্বতে চলিছে আলোচনা।

ডিজিটেল ডেস্কঃ ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত ভয়ংকৰ যুদ্ধ অব্যাহত আছে। মানুহে কেনেকৈ প্ৰাণৰক্ষা কৰিব পাৰি তাৰ চিন্তাত দিন কটাইছে কিন্তু হলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা এই ভয়ংকৰ সময়ত উপস্থিত হৈছে যুদ্ধবিধ্বস্ত ইউক্ৰেইনত। নিজৰ জীৱন হাতৰ মুঠিত লৈ আমেৰিকাৰ পৰা ইউক্ৰেইনত উপস্থিত হয়হি হলীউড ষ্টাৰ ছিন পেন। যি সময়ত মানুহে কেনৈকে ইউক্ৰেইনৰ পৰা পৰা পলাব পাৰি সেই চিন্তাত আছে তেনে সময়তে আমেৰিকাৰ পৰা আহি ইউক্ৰেইনত উপস্থিত হোৱা ছিন পেনৰ সাহসক লৈ সমগ্ৰ বিশ্বতে চলিছে চৰ্চা। ৬১ বছৰীয়া ছিন পেনে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধক লৈ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিবৰ বাবে ইউক্ৰেইনলৈ আহে। হলীউডৰ প্ৰবীণ অভিনেতাগৰাকীয়ে তেওঁৰ তথ্যচিত্ৰৰ জৰিয়তে সমগ্ৰ বিশ্বকে জনাব যুদ্ধৰ ভয়াৱহতাৰ কথা। ইউক্ৰেইনৰ ৰাজধানী কীয়েভত থাকি যুদ্ধৰ বিভিন্ন ভয়ংকৰ দৃশ্য কেমেৰাত বন্দী কৰিছে ছিন পেনে। ছিন পেন হৈছে হলীউডৰ এজন প্ৰখ্যাত অভিনেতা, পৰিচালক, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক। অস্কাৰজয়ী অভিনেতাজনে যোৱা কেইদিনমান ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰু বিশ্ব কঁপোৱা এই যুদ্ধক লৈ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি আছে। গুলীচালনা, বোমা বিস্ফোৰণত কঁপি থকা এই যুদ্ধক্ষেত্ৰত ছিন পেনে দেখুৱা সাহসিকতাক লৈ সমগ্ৰ বিশ্বতে চলিছে আলোচনা। নিজৰ কাম সম্পূৰ্ণ কৰাৰ পাছত ছিন পেনে আশ্ৰয় ল'বলৈ পোলেণ্ডলৈ খোজকাঢ়ি গৈ আশ্ৰয়শিবিৰত উপস্থিত হয়গৈ। আন আশ্ৰয় প্ৰাৰ্থীসকলৰ লগত একেলগে আছে ছিন পেন। পোলেণ্ডলৈ খোজকাঢ়ি যোৱা ছিন পেনৰ ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। আৰু পঢ়কঃ কলেজৰ অধ্যক্ষই একেলগে ৮৪ জন ছাত্ৰৰ কাটিলে চুলি! কি কথাত খং উঠিল অধ্যক্ষৰ?  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা