--°C
Loading...
Listen to Article
2 min read
80%

গুলীচালনা, বোমা বিস্ফোৰণত কঁপি থকা এই যুদ্ধক্ষেত্ৰত ছিন পেনে দেখুৱা সাহসিকতাক লৈ সমগ্ৰ বিশ্বতে চলিছে আলোচনা।

ডিজিটেল ডেস্কঃ ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত ভয়ংকৰ যুদ্ধ অব্যাহত আছে। মানুহে কেনেকৈ প্ৰাণৰক্ষা কৰিব পাৰি তাৰ চিন্তাত দিন কটাইছে কিন্তু হলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা এই ভয়ংকৰ সময়ত উপস্থিত হৈছে যুদ্ধবিধ্বস্ত ইউক্ৰেইনত। নিজৰ জীৱন হাতৰ মুঠিত লৈ আমেৰিকাৰ পৰা ইউক্ৰেইনত উপস্থিত হয়হি হলীউড ষ্টাৰ ছিন পেন। যি সময়ত মানুহে কেনৈকে ইউক্ৰেইনৰ পৰা পৰা পলাব পাৰি সেই চিন্তাত আছে তেনে সময়তে আমেৰিকাৰ পৰা আহি ইউক্ৰেইনত উপস্থিত হোৱা ছিন পেনৰ সাহসক লৈ সমগ্ৰ বিশ্বতে চলিছে চৰ্চা। ৬১ বছৰীয়া ছিন পেনে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধক লৈ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিবৰ বাবে ইউক্ৰেইনলৈ আহে। হলীউডৰ প্ৰবীণ অভিনেতাগৰাকীয়ে তেওঁৰ তথ্যচিত্ৰৰ জৰিয়তে সমগ্ৰ বিশ্বকে জনাব যুদ্ধৰ ভয়াৱহতাৰ কথা। ইউক্ৰেইনৰ ৰাজধানী কীয়েভত থাকি যুদ্ধৰ বিভিন্ন ভয়ংকৰ দৃশ্য কেমেৰাত বন্দী কৰিছে ছিন পেনে। ছিন পেন হৈছে হলীউডৰ এজন প্ৰখ্যাত অভিনেতা, পৰিচালক, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক। অস্কাৰজয়ী অভিনেতাজনে যোৱা কেইদিনমান ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰু বিশ্ব কঁপোৱা এই যুদ্ধক লৈ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি আছে। গুলীচালনা, বোমা বিস্ফোৰণত কঁপি থকা এই যুদ্ধক্ষেত্ৰত ছিন পেনে দেখুৱা সাহসিকতাক লৈ সমগ্ৰ বিশ্বতে চলিছে আলোচনা। নিজৰ কাম সম্পূৰ্ণ কৰাৰ পাছত ছিন পেনে আশ্ৰয় ল'বলৈ পোলেণ্ডলৈ খোজকাঢ়ি গৈ আশ্ৰয়শিবিৰত উপস্থিত হয়গৈ। আন আশ্ৰয় প্ৰাৰ্থীসকলৰ লগত একেলগে আছে ছিন পেন। পোলেণ্ডলৈ খোজকাঢ়ি যোৱা ছিন পেনৰ ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। আৰু পঢ়কঃ কলেজৰ অধ্যক্ষই একেলগে ৮৪ জন ছাত্ৰৰ কাটিলে চুলি! কি কথাত খং উঠিল অধ্যক্ষৰ?  

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক