--°C
Loading...
Listen to Article
2 min read
80%

চুজিয়ে অভিযোগ কৰি কয় যে মালিকজন নিশ্চয় 'হট গাৰ্ল ফোবিয়া'ত ভুগি আছে নহ'লে মোৰ লগত এনেকুৱা নকৰিলেহেঁতেন।

ডিজিটেল ডেস্কঃ মই ধুনীয়া আৰু 'হট' বাবে মোক ভাড়াঘৰৰ মালিকে উলিয়াই দিলে! এয়া এগৰাকী মডেলৰ গুৰুতৰ অভিযোগ। ব্ৰাজিলিয়ান মডেলগৰাকীৰ নাম চুজি কৰ্টেজ। ৩১ বছৰীয়া চুজি কৰ্টেজে কয় যে তেওঁ এটা ভাড়াঘৰ ল'বৰ বাবে ৭৫,০০০ টকা খৰচ কৰিছিল। কিন্তু তেওঁ ঘৰটোত ৪৮ ঘণ্টাও থাকিবলৈ নাপালে। ভাড়াঘৰৰ মালিকে তেওঁক জোৰ জবৰদস্তি ঘৰৰ বাহিৰ কৰি দিলে। চুজিয়ে অভিযোগ কৰি কয় যে "মালিকজন নিশ্চয় 'হট গাৰ্ল ফোবিয়া'ত ভুগি আছে নহ'লে মোৰ লগত এনেকুৱা নকৰিলেহেঁতেন। তেওঁ মোক ঘৰৰ পৰা উলিয়াই দিয়াই নহয় মোৰ সামগ্ৰীবোৰো ডাষ্টবিনত পেলাই দিয়ে।" চুজি কৰ্টেজে লগতে কয় যে "মোৰ জীৱনত এয়াই প্ৰথম ইমান ডাঙৰ অপমান। মই অত্যন্ত লজ্জিত অনুভৱ কৰিছো আৰু এই কথাটোৱে মানসিকভাৱে জোকাৰি গৈছে। এই ঘটনাটো মোৰ বাবে ভৌতিক চিনেমাতকৈও ভয়ানক।" উল্লেখ্য যে এপাৰ্টমেণ্টৰ অন্য নিৱাসীসকলে কয় যে ঘৰৰ মালিকৰ চুজি কৰ্টেজৰ কাপোৰক লৈ আপত্তি আছিল। চুজিয়ে ইমানে চুটি চুটি কাপোৰ পিন্ধে যে সেয়া দেখি মালিকৰ খং উঠে আৰু চুজিক ঘৰৰ বাহিৰ কৰি দিয়ে। চুজিয়ে সংবাদ মাধ্যমত কয় যে "মই অতি ধুনীয়া আৰু 'হট' বাবে এই হাৰাশাস্তিৰ সন্মুখীন হ'লোঁ।" ভাড়াঘৰৰ মালিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ সাজু হৈছে ব্ৰাজিলিয়ান মডেলগৰাকী। উল্লেখ্য যে অশ্লীল কাপোৰ পিন্ধাক লৈ পূৰ্বতেও ভিন্ন সমালোচনাৰ সন্মুখীন হৈ আহিছে চুজি কৰ্টেজ। আৰু পঢ়কঃ ‘বিয়া পাতিমেই’! কইনাক নিবলৈ এম্বুলেন্সেত আহিল দৰা,হোমৰ গুৰিলৈ আহিল ষ্ট্ৰেচ্ছাৰত উঠি  

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক