--°C
Loading...
Listen to Article
2 min read
80%

চুজিয়ে অভিযোগ কৰি কয় যে মালিকজন নিশ্চয় 'হট গাৰ্ল ফোবিয়া'ত ভুগি আছে নহ'লে মোৰ লগত এনেকুৱা নকৰিলেহেঁতেন।

ডিজিটেল ডেস্কঃ মই ধুনীয়া আৰু 'হট' বাবে মোক ভাড়াঘৰৰ মালিকে উলিয়াই দিলে! এয়া এগৰাকী মডেলৰ গুৰুতৰ অভিযোগ। ব্ৰাজিলিয়ান মডেলগৰাকীৰ নাম চুজি কৰ্টেজ। ৩১ বছৰীয়া চুজি কৰ্টেজে কয় যে তেওঁ এটা ভাড়াঘৰ ল'বৰ বাবে ৭৫,০০০ টকা খৰচ কৰিছিল। কিন্তু তেওঁ ঘৰটোত ৪৮ ঘণ্টাও থাকিবলৈ নাপালে। ভাড়াঘৰৰ মালিকে তেওঁক জোৰ জবৰদস্তি ঘৰৰ বাহিৰ কৰি দিলে। চুজিয়ে অভিযোগ কৰি কয় যে "মালিকজন নিশ্চয় 'হট গাৰ্ল ফোবিয়া'ত ভুগি আছে নহ'লে মোৰ লগত এনেকুৱা নকৰিলেহেঁতেন। তেওঁ মোক ঘৰৰ পৰা উলিয়াই দিয়াই নহয় মোৰ সামগ্ৰীবোৰো ডাষ্টবিনত পেলাই দিয়ে।" চুজি কৰ্টেজে লগতে কয় যে "মোৰ জীৱনত এয়াই প্ৰথম ইমান ডাঙৰ অপমান। মই অত্যন্ত লজ্জিত অনুভৱ কৰিছো আৰু এই কথাটোৱে মানসিকভাৱে জোকাৰি গৈছে। এই ঘটনাটো মোৰ বাবে ভৌতিক চিনেমাতকৈও ভয়ানক।" উল্লেখ্য যে এপাৰ্টমেণ্টৰ অন্য নিৱাসীসকলে কয় যে ঘৰৰ মালিকৰ চুজি কৰ্টেজৰ কাপোৰক লৈ আপত্তি আছিল। চুজিয়ে ইমানে চুটি চুটি কাপোৰ পিন্ধে যে সেয়া দেখি মালিকৰ খং উঠে আৰু চুজিক ঘৰৰ বাহিৰ কৰি দিয়ে। চুজিয়ে সংবাদ মাধ্যমত কয় যে "মই অতি ধুনীয়া আৰু 'হট' বাবে এই হাৰাশাস্তিৰ সন্মুখীন হ'লোঁ।" ভাড়াঘৰৰ মালিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ সাজু হৈছে ব্ৰাজিলিয়ান মডেলগৰাকী। উল্লেখ্য যে অশ্লীল কাপোৰ পিন্ধাক লৈ পূৰ্বতেও ভিন্ন সমালোচনাৰ সন্মুখীন হৈ আহিছে চুজি কৰ্টেজ। আৰু পঢ়কঃ ‘বিয়া পাতিমেই’! কইনাক নিবলৈ এম্বুলেন্সেত আহিল দৰা,হোমৰ গুৰিলৈ আহিল ষ্ট্ৰেচ্ছাৰত উঠি  

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ