--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰবাদ আছে, প্ৰেমে কোনো বাধা নামানে, নামানে কোনো সীমা। কাহিনী যেন লগা তেনে এখন বিবাহেই সম্পন্ন হ’ল। দিল্লীৰ এজন যুৱকৰ সৈতে প্ৰেম হ’ল ইউক্ৰেইনৰ এগৰাকী যুৱতীৰ। ইয়াকে লৈ এতিয়া নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ২০২০ চন। ভাৰতত, কৰ’নাৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণ লকডাউন হৈ আছিল। লকডাউন ঘোষণা কৰাৰ ঠিক আগতে, আনা হোৰোদাটস্কা নামৰ এগৰাকী যুৱতীয়ে ইউক্ৰেইনৰ কীয়েভৰ পৰা ভাৰত ভ্ৰমণ কৰিবলৈ আহিছিল। মহামাৰীৰ কাৰণে সেইসময়ত আনা ভাৰতত আবদ্ধ হৈ আছিল। সেই সময়ত, আনা দিল্লী উচ্চ ন্যায়ালয়ৰ অধিবক্তা অনুভৱ ভাছিনৰ সৈতে চিনাকী হৈছিল। লাহে-লাহে তেওঁলোকৰ মাজত ঘনিষ্ঠতা বাঢ়ে আৰু পাছত দুয়োৰে মাজত প্ৰেম হয়। ইউক্ৰেইনৰ যুৱতীৰ বিয়া অনুভৱে কয় যে, আন্নাৰ ভাৰত ভ্ৰমণ আৰু ইয়াৰ পৰা ইউক্ৰেইনলৈ উভতি যোৱাৰ সময়ত দুয়োৰে মাজত বন্ধুত্ব আছিল যদিও পাছত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। ৰাছিয়াই বিগত ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰিছিল। তেতিয়াই ইউক্ৰেনীয়সকলে চুবুৰীয়া দেশসমূহত আশ্ৰয় ল’বলৈ আৰম্ভ কৰিলে। কিন্তু আন্না পোলেণ্ড বা হাংগেৰীলৈ পলাই নগৈ তেওঁ হাজাৰ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা দিল্লী পালেহি। প্ৰেমিকে বিমান বন্দৰত ভৰি থোৱাৰ লগে লগে, তেওঁক ভাৰতীয় যুৱকজনে পলম নকৰি পোনপটীয়াকৈ বিবাহৰ প্ৰস্তাৱ দিলে। বিমান বন্দৰত অনুভৱে আগবঢ়োৱা বিবাহৰ প্ৰস্তাৱ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ইউক্ৰেইনৰ যুৱতীৰ বিয়া প্ৰেমিক অনুভৱৰ মতে, কিয়েভৰ পৰা পলায়ন কৰাৰ পাছত, আন্না প্ৰথমে লৌভিভলৈ গৈছিল। তাত এটা ৰাতি কটোৱাৰ পিছত, তেওঁ বাছযোগে স্লোভাকিয়া সীমান্তত উপস্থিত হৈছিল। তাত, অনুভৱৰ বন্ধুসকলে আন্নাক পোলেণ্ড পোৱাত সহায় কৰে। পোলেণ্ডৰ ভাৰতীয় দূতাবাসৰ পৰা ভিছা ৰ অনুমতি লাভ কৰাৰ পিছত আন্না ভাৰতলৈ গুচি আহে। আনা বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে অনুভৱে তাইক বিয়াৰ বাবে প্ৰস্তাৱ দিছিল। তেওঁ কৈছিল যে তেওঁ এমাহৰ ভিতৰত বিবাহ পাশত আৱদ্ধ হোৱাৰ পৰিকল্পনা কৰিছে। বিবাহৰ পাছতে, আন্নাই ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে