--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰবাদ আছে, প্ৰেমে কোনো বাধা নামানে, নামানে কোনো সীমা। কাহিনী যেন লগা তেনে এখন বিবাহেই সম্পন্ন হ’ল। দিল্লীৰ এজন যুৱকৰ সৈতে প্ৰেম হ’ল ইউক্ৰেইনৰ এগৰাকী যুৱতীৰ। ইয়াকে লৈ এতিয়া নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ২০২০ চন। ভাৰতত, কৰ’নাৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণ লকডাউন হৈ আছিল। লকডাউন ঘোষণা কৰাৰ ঠিক আগতে, আনা হোৰোদাটস্কা নামৰ এগৰাকী যুৱতীয়ে ইউক্ৰেইনৰ কীয়েভৰ পৰা ভাৰত ভ্ৰমণ কৰিবলৈ আহিছিল। মহামাৰীৰ কাৰণে সেইসময়ত আনা ভাৰতত আবদ্ধ হৈ আছিল। সেই সময়ত, আনা দিল্লী উচ্চ ন্যায়ালয়ৰ অধিবক্তা অনুভৱ ভাছিনৰ সৈতে চিনাকী হৈছিল। লাহে-লাহে তেওঁলোকৰ মাজত ঘনিষ্ঠতা বাঢ়ে আৰু পাছত দুয়োৰে মাজত প্ৰেম হয়। ইউক্ৰেইনৰ যুৱতীৰ বিয়া অনুভৱে কয় যে, আন্নাৰ ভাৰত ভ্ৰমণ আৰু ইয়াৰ পৰা ইউক্ৰেইনলৈ উভতি যোৱাৰ সময়ত দুয়োৰে মাজত বন্ধুত্ব আছিল যদিও পাছত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। ৰাছিয়াই বিগত ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰিছিল। তেতিয়াই ইউক্ৰেনীয়সকলে চুবুৰীয়া দেশসমূহত আশ্ৰয় ল’বলৈ আৰম্ভ কৰিলে। কিন্তু আন্না পোলেণ্ড বা হাংগেৰীলৈ পলাই নগৈ তেওঁ হাজাৰ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰি যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা দিল্লী পালেহি। প্ৰেমিকে বিমান বন্দৰত ভৰি থোৱাৰ লগে লগে, তেওঁক ভাৰতীয় যুৱকজনে পলম নকৰি পোনপটীয়াকৈ বিবাহৰ প্ৰস্তাৱ দিলে। বিমান বন্দৰত অনুভৱে আগবঢ়োৱা বিবাহৰ প্ৰস্তাৱ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ইউক্ৰেইনৰ যুৱতীৰ বিয়া প্ৰেমিক অনুভৱৰ মতে, কিয়েভৰ পৰা পলায়ন কৰাৰ পাছত, আন্না প্ৰথমে লৌভিভলৈ গৈছিল। তাত এটা ৰাতি কটোৱাৰ পিছত, তেওঁ বাছযোগে স্লোভাকিয়া সীমান্তত উপস্থিত হৈছিল। তাত, অনুভৱৰ বন্ধুসকলে আন্নাক পোলেণ্ড পোৱাত সহায় কৰে। পোলেণ্ডৰ ভাৰতীয় দূতাবাসৰ পৰা ভিছা ৰ অনুমতি লাভ কৰাৰ পিছত আন্না ভাৰতলৈ গুচি আহে। আনা বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে অনুভৱে তাইক বিয়াৰ বাবে প্ৰস্তাৱ দিছিল। তেওঁ কৈছিল যে তেওঁ এমাহৰ ভিতৰত বিবাহ পাশত আৱদ্ধ হোৱাৰ পৰিকল্পনা কৰিছে। বিবাহৰ পাছতে, আন্নাই ভাৰতীয় নাগৰিকত্বৰ বাবে আৱেদন কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন