--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নাৰকীয় হত্যাকাণ্ড। পত্নী-পুত্ৰ-কন্যাক হত্যা। প্ৰথমে পত্নী, তাৰ পাছত পুত্ৰ আৰু তাৰ পাছত হত্যা কন্যাক। এই পাষাণ হৃদয়ৰ হত্যাকাৰীয়ে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ পাছত আপোনঘাতী হোৱাৰ চেষ্টা কৰে। লোকজনক এই নৃশংসতাৰ কাহিনীয়ে তোলপাৰ লগাইছে সৰ্বত্ৰে। দেওবাৰে পুৰুলিয়াৰ কাশীপুৰৰ ৰঙাদী গাঁৱত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হয়। অভিযুক্ত গৌতম মহাটোৱে নিজেই আৰক্ষীক এই দুষ্কাৰ্যৰ বিষয়ে বিৱৰি কৈছিল। বিহ পান কৰাৰ পাছত অসুস্থ হৈ পৰাৰ পাছত হত্যাকাৰীজনক কাশীপুৰৰ কাল্লোলি গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোঁৱা হয়। গৌতমে এগৰাকী ৰে’ল বিভাগৰ ঠিকাদাৰ অধীনত কাম কৰিছিল। জানিব পৰা গৈছে যে ৰঙাদী গাঁৱৰ গৌতমে ১০ বছৰ আগতে চক্ৰ গাঁৱৰ মমতা মহাতোৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ দুটা সন্তান আছিল। পুত্ৰ দেৱজিৎ মহাতোৰ বয়স ছয় বছৰ আৰু কন্যা প্ৰিয়া মহাতোৰ বয়স মাত্ৰ চাৰে তিনি বছৰ। আৰক্ষীৰ সূত্ৰ অনুসৰি, গৌতমে দেওবাৰে পুৱতি নিশা তেওঁৰ পত্নী, পুত্ৰ আৰু জীয়েকক কুঠাৰেৰে হত্যা কৰে আৰু নিজে বিহ সেৱন কৰে। তাৰ পাছত তেওঁ নিজেই আৰক্ষী চকীলৈ ফোন কৰি এই ঘটনাৰ সবিশেষ অৱগত কৰিছিস। আৰক্ষীয়ে তেতিয়া ঘটনাস্থলীলৈ গৈ পৰিয়ালটোৰ আটাইকেইগৰাকী সদস্যকে উদ্ধাৰ কৰে আৰু তেওঁলোকক কাশীপুৰ খণ্ডৰ কাল্লোলী স্বাস্থ্যকেন্দ্ৰলৈ লৈ যায়। তাত, চিকিৎসকে মমতা আৰু তেওঁৰ দুই সন্তানক মৃত বুলি ঘোষণা কৰে। গৌতমক বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসা প্ৰদান কৰি থকা হৈছে। লোকজনে কিহৰ বাবে এই নাৰকীয় কাণ্ড সংঘটিত কৰিছিল আৰু কিহৰ পৰা এই ঘটনাৰ সূত্ৰপাত হয় সেইকতা জানিব পৰা হোৱা নাই। ঘটনাটো সম্পৰ্কত মন্তব্য কৰি পুৰুলিয়াৰ আৰক্ষী অধীক্ষক এছ চেলভামুৰুগানে কয়, ‘ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। অৱশ্যে,  চুবুৰীয়াসকলে অভিযোগ কৰিছিল যে তেওঁ নিচাগ্ৰস্ত হৈয়েই এনে এক নাৰকীয় কাৰ্য সংঘটিত কৰিছিল।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে