--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নাৰকীয় হত্যাকাণ্ড। পত্নী-পুত্ৰ-কন্যাক হত্যা। প্ৰথমে পত্নী, তাৰ পাছত পুত্ৰ আৰু তাৰ পাছত হত্যা কন্যাক। এই পাষাণ হৃদয়ৰ হত্যাকাৰীয়ে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ পাছত আপোনঘাতী হোৱাৰ চেষ্টা কৰে। লোকজনক এই নৃশংসতাৰ কাহিনীয়ে তোলপাৰ লগাইছে সৰ্বত্ৰে। দেওবাৰে পুৰুলিয়াৰ কাশীপুৰৰ ৰঙাদী গাঁৱত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হয়। অভিযুক্ত গৌতম মহাটোৱে নিজেই আৰক্ষীক এই দুষ্কাৰ্যৰ বিষয়ে বিৱৰি কৈছিল। বিহ পান কৰাৰ পাছত অসুস্থ হৈ পৰাৰ পাছত হত্যাকাৰীজনক কাশীপুৰৰ কাল্লোলি গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোঁৱা হয়। গৌতমে এগৰাকী ৰে’ল বিভাগৰ ঠিকাদাৰ অধীনত কাম কৰিছিল। জানিব পৰা গৈছে যে ৰঙাদী গাঁৱৰ গৌতমে ১০ বছৰ আগতে চক্ৰ গাঁৱৰ মমতা মহাতোৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ দুটা সন্তান আছিল। পুত্ৰ দেৱজিৎ মহাতোৰ বয়স ছয় বছৰ আৰু কন্যা প্ৰিয়া মহাতোৰ বয়স মাত্ৰ চাৰে তিনি বছৰ। আৰক্ষীৰ সূত্ৰ অনুসৰি, গৌতমে দেওবাৰে পুৱতি নিশা তেওঁৰ পত্নী, পুত্ৰ আৰু জীয়েকক কুঠাৰেৰে হত্যা কৰে আৰু নিজে বিহ সেৱন কৰে। তাৰ পাছত তেওঁ নিজেই আৰক্ষী চকীলৈ ফোন কৰি এই ঘটনাৰ সবিশেষ অৱগত কৰিছিস। আৰক্ষীয়ে তেতিয়া ঘটনাস্থলীলৈ গৈ পৰিয়ালটোৰ আটাইকেইগৰাকী সদস্যকে উদ্ধাৰ কৰে আৰু তেওঁলোকক কাশীপুৰ খণ্ডৰ কাল্লোলী স্বাস্থ্যকেন্দ্ৰলৈ লৈ যায়। তাত, চিকিৎসকে মমতা আৰু তেওঁৰ দুই সন্তানক মৃত বুলি ঘোষণা কৰে। গৌতমক বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসা প্ৰদান কৰি থকা হৈছে। লোকজনে কিহৰ বাবে এই নাৰকীয় কাণ্ড সংঘটিত কৰিছিল আৰু কিহৰ পৰা এই ঘটনাৰ সূত্ৰপাত হয় সেইকতা জানিব পৰা হোৱা নাই। ঘটনাটো সম্পৰ্কত মন্তব্য কৰি পুৰুলিয়াৰ আৰক্ষী অধীক্ষক এছ চেলভামুৰুগানে কয়, ‘ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। অৱশ্যে,  চুবুৰীয়াসকলে অভিযোগ কৰিছিল যে তেওঁ নিচাগ্ৰস্ত হৈয়েই এনে এক নাৰকীয় কাৰ্য সংঘটিত কৰিছিল।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন