--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইউক্ৰেইন আক্ৰমণ কৰি সমগ্ৰ বিশ্বৰে ৰোষৰ বলি হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। পুটিনৰ সামৰিক আগ্ৰাসনে ইউক্ৰেইনৰ চহৰৰ পাছত চহৰ ধ্বংস কৰি গৈছে। কিন্তু তাৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে পুটিনৰ ব্যক্তিগত জীৱনতো। তেওঁৰ একাধিক সহযোগীয়ে তেওঁৰ সংগ ত্যাগ কৰাৰ লগতে এতিয়া এই যুদ্ধৰ বাবেই তেওঁৰ পৰিয়ালটো ভাঙোন আৰম্ভ হৈছে। ৰাছিয়াৰ ইউক্ৰেইনত আক্ৰমণৰ পৰিপ্ৰক্ষিততে পুটিনৰ পৰিয়ালত মেলিছে ফাঁট। ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ জ্যেষ্ঠ কন্যা ডঃ মাৰিয়া ভোৰোণ্টছোভাৰ জীৱন এতিতা তচনচ হৈ পৰাৰ উপক্ৰম ঘটিছে এই যুদ্ধৰ পৰিপ্ৰেক্ষিততে। ইউক্ৰেইন যুদ্ধৰ ফলত ৰাছিয়াত অতি ধনী বিদেশীসকলৰ বাবে এক অভিজাত চিকিৎসা কেন্দ্ৰ খোলাৰ পৰিকল্পনা কৰা পুটিনৰ কন্যাৰ সপোন ভাঙি পৰিছে। খবৰ অনুসৰি মাৰিয়া ভোৰোণ্টছোভাৰ তেওঁৰ ডাচ্চ ব্যৱসায়ী স্বামীৰ সৈতে বিচ্ছেদ ঘটিছে। মাৰিয়া শিশুৰ বিৰল আনুবংশিক ৰোগৰ এগৰাকী বিশেষজ্ঞ চিকিৎসক। দুয়োৰে সন্তানো আছে।ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন এজন কেজিবিৰ গুপ্তচৰ হৈ থকা সময়তে মাৰিয়াৰ জন্ম হৈছিল। ৰাছিয়াৰ অনুসন্ধানকাৰী সাংবাদিক ছেৰ্গেই কানেভে প্ৰকাশ কৰিছে যে পুটিনৰ ইউক্ৰেইন আক্ৰমণৰ সিদ্ধান্তই তেওঁৰ জীয়েকৰ পৰিয়ালক বিধ্বস্ত কৰি তুলিছে। পশ্চিমীয়া দেশসমূহৰ দ্বাৰা ৰাছিয়াৰ ওপৰত ব্যাপক নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তেওঁ প্ৰকাশ কৰে, 'ছেইণ্ট পিটাৰ্ছবাৰ্গৰ ওচৰত এটা অতি আধুনিক চিকিৎসা কেন্দ্ৰ নিৰ্মাণৰ বাবে বৃহৎ প্ৰকল্পটোত তেওঁৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব আছিল৷ কিন্তু এতিয়া সেয়া হেৰুওৱাৰ উপক্ৰম ঘটিছে।' পুটিনৰ কন্যা মাৰিয়াই ইউৰোপৰ ৰোগী আৰু উপসাগৰীয় দেশৰ ধনী শ্বেখসকলক চিকিৎসাৰ বাবে ৰাছিয়ালৈ আকৰ্ষিত কৰাৰ পৰিকল্পনা কৰিছিল। প্ৰতিবেদনত দাবী কৰা হৈছে যে ইউক্ৰেইনৰ ওপৰত আক্ৰমণৰ পাছত, ইউৰোপ আৰু শ্বেখৰ লোকসকল ইয়ালৈ অহাৰ সম্ভাৱনা স্তিমিত হৈ পৰিছে। পুটিনৰ জ্যেষ্ঠ কন্যা মাৰিয়াৰ স্বামীৰ নাম হৈছে জৰিত ফাছেন। যদিও আনুষ্ঠানিকভাৱে তেওঁলোকে পৃথক হোৱাৰ সিদ্ধান্ত ঘোষণা কৰা নাই, তথাপি তেওঁলোকে যুদ্ধ আৰম্ভ হোৱাৰে পৰাই পৃথকৈ থকা দেখিবলৈ পোৱা গৈছে৷ ফাছেনে দীৰ্ঘদিন ধৰি ৰাছিয়াত কাম কৰিছিল। তেওঁৰ পিতৃ ডাচ সশস্ত্ৰ বাহিনীৰ এজন কৰ্ণেল আছিল। PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে