--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইউক্ৰেইন আক্ৰমণ কৰি সমগ্ৰ বিশ্বৰে ৰোষৰ বলি হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। পুটিনৰ সামৰিক আগ্ৰাসনে ইউক্ৰেইনৰ চহৰৰ পাছত চহৰ ধ্বংস কৰি গৈছে। কিন্তু তাৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে পুটিনৰ ব্যক্তিগত জীৱনতো। তেওঁৰ একাধিক সহযোগীয়ে তেওঁৰ সংগ ত্যাগ কৰাৰ লগতে এতিয়া এই যুদ্ধৰ বাবেই তেওঁৰ পৰিয়ালটো ভাঙোন আৰম্ভ হৈছে। ৰাছিয়াৰ ইউক্ৰেইনত আক্ৰমণৰ পৰিপ্ৰক্ষিততে পুটিনৰ পৰিয়ালত মেলিছে ফাঁট। ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ জ্যেষ্ঠ কন্যা ডঃ মাৰিয়া ভোৰোণ্টছোভাৰ জীৱন এতিতা তচনচ হৈ পৰাৰ উপক্ৰম ঘটিছে এই যুদ্ধৰ পৰিপ্ৰেক্ষিততে। ইউক্ৰেইন যুদ্ধৰ ফলত ৰাছিয়াত অতি ধনী বিদেশীসকলৰ বাবে এক অভিজাত চিকিৎসা কেন্দ্ৰ খোলাৰ পৰিকল্পনা কৰা পুটিনৰ কন্যাৰ সপোন ভাঙি পৰিছে। খবৰ অনুসৰি মাৰিয়া ভোৰোণ্টছোভাৰ তেওঁৰ ডাচ্চ ব্যৱসায়ী স্বামীৰ সৈতে বিচ্ছেদ ঘটিছে। মাৰিয়া শিশুৰ বিৰল আনুবংশিক ৰোগৰ এগৰাকী বিশেষজ্ঞ চিকিৎসক। দুয়োৰে সন্তানো আছে।ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন এজন কেজিবিৰ গুপ্তচৰ হৈ থকা সময়তে মাৰিয়াৰ জন্ম হৈছিল। ৰাছিয়াৰ অনুসন্ধানকাৰী সাংবাদিক ছেৰ্গেই কানেভে প্ৰকাশ কৰিছে যে পুটিনৰ ইউক্ৰেইন আক্ৰমণৰ সিদ্ধান্তই তেওঁৰ জীয়েকৰ পৰিয়ালক বিধ্বস্ত কৰি তুলিছে। পশ্চিমীয়া দেশসমূহৰ দ্বাৰা ৰাছিয়াৰ ওপৰত ব্যাপক নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তেওঁ প্ৰকাশ কৰে, 'ছেইণ্ট পিটাৰ্ছবাৰ্গৰ ওচৰত এটা অতি আধুনিক চিকিৎসা কেন্দ্ৰ নিৰ্মাণৰ বাবে বৃহৎ প্ৰকল্পটোত তেওঁৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব আছিল৷ কিন্তু এতিয়া সেয়া হেৰুওৱাৰ উপক্ৰম ঘটিছে।' পুটিনৰ কন্যা মাৰিয়াই ইউৰোপৰ ৰোগী আৰু উপসাগৰীয় দেশৰ ধনী শ্বেখসকলক চিকিৎসাৰ বাবে ৰাছিয়ালৈ আকৰ্ষিত কৰাৰ পৰিকল্পনা কৰিছিল। প্ৰতিবেদনত দাবী কৰা হৈছে যে ইউক্ৰেইনৰ ওপৰত আক্ৰমণৰ পাছত, ইউৰোপ আৰু শ্বেখৰ লোকসকল ইয়ালৈ অহাৰ সম্ভাৱনা স্তিমিত হৈ পৰিছে। পুটিনৰ জ্যেষ্ঠ কন্যা মাৰিয়াৰ স্বামীৰ নাম হৈছে জৰিত ফাছেন। যদিও আনুষ্ঠানিকভাৱে তেওঁলোকে পৃথক হোৱাৰ সিদ্ধান্ত ঘোষণা কৰা নাই, তথাপি তেওঁলোকে যুদ্ধ আৰম্ভ হোৱাৰে পৰাই পৃথকৈ থকা দেখিবলৈ পোৱা গৈছে৷ ফাছেনে দীৰ্ঘদিন ধৰি ৰাছিয়াত কাম কৰিছিল। তেওঁৰ পিতৃ ডাচ সশস্ত্ৰ বাহিনীৰ এজন কৰ্ণেল আছিল। PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক