--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ব্যাপক অৰ্থনৈতিক সংকটৰ গৰাহত পৰিছে দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকা। ভাৰতৰ চুবুৰীয়া দেশখনৰ অৰ্থনৈতিক সংকটে এতিয়া ভাৰততো পৰোক্ষ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। অৰ্থনৈতিক অনগ্ৰসৰতাৰ কৱলত পৰা দেশখনৰ নাগৰিকে এতিয়া ভাৰতত আশ্ৰয় লোৱাৰ বাবে তৎপৰ হৈ পৰিছে। খাদ্য-জীৱিকাৰ অনিশ্চয়তাই এতিয়া দিশহাৰা কৰি তুলিছে শ্ৰীলংকাৰ নাগৰিকক। তেওঁলোকৰ বাবে এতিয়া আশ্ৰয়ৰ সহজ লক্ষ্য হৈ পৰিছে ভাৰত। ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে মঙলবাৰে দ্বীপৰাষ্ট্ৰখনৰ উত্তৰ অঞ্চলৰ জাফনা আৰু কোকুপাদাইয়ানৰ কেইগৰাকীমান বাসিন্দাক ভাৰতত প্ৰৱেশৰ চেষ্টা কৰাৰ সময়ত আটক কৰে। তিনিটা শিশুসহ ছয়জন শ্ৰীলংকাৰ নাগৰিক আটক হৈছে উপকূলৰক্ষী বাহিনীৰ হাতত। কৰ্ম আৰু খাদ্যৰ অভাৱৰ বাবে তেওঁলোকে দেশ এৰি অহা বুলি জানিব পৰা গৈছে। তেওঁলোকক তামিলনাডুৰ ৰামেশ্বৰমৰ ওচৰৰ এটা দ্বীপৰ পৰা আটক কৰা হৈছিল। উল্লেখ্য সকলো ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱত ভুগিছে শ্ৰীলংকাই। খাদ্য, ৰচদ-পাতিৰ পৰা ইন্ধনলৈকে সকলো বস্তৰে অভাৱ ঘটিছে দেশখনত। সংবাদ সংস্থা এএফপিৰ বাতৰি অনুসৰি শ্ৰীলংকাই মঙলবাৰে পেট্ৰ'ল পাম্পসমূহত সৈন্য মোতায়েন কৰিবলৈ বাধ্য হৈ পৰে। একপ্ৰকাৰ দুৰ্লভ হৈ পৰা ইন্ধনৰ বাবে পেট্ৰ’ল পাম্পত ভিৰ কৰা হাজাৰ হাজাৰ গাড়ী চালকৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাছত সৈন্য বাহিনী মোতায়েন কৰিবলগীয়া হয়। উল্লেখ্য যে, ইন্ধন সংগ্ৰহৰ বাবে শাৰী পাতি থকা তিনিজনকৈ বয়োজ্যেষ্ঠ লোকৰ মৃত্যু হৈছে দেশখনত। দেশখনৰ বৈদেশিক মুদ্ৰা সংকটৰ মাজত পেট্ৰ'লিয়ামৰ মূল্য আকাশচুম্বী হৈছে, যাৰ ফলত মুদ্ৰাস্ফীতি আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানো ব্যাহত হৈছে। আনহাতে শিক্ষাৰ্থীসকলৰ ভৱিষ্যৎ অনিশ্চয়তালৈ থেলি দি দেশখনে কাকতৰ তীব্ৰ অভাৱৰ বাবে সকলো পৰীক্ষা অনিৰ্দিষ্ট কাললৈ বাতিল কৰিবলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। শ্ৰীলংকাৰ বিত্তীয় সংকটৰ মূল কাৰণ বিদেশী মুদ্ৰাৰ আমদানি হ্ৰাস। যাৰ ফলত ব্যৱসায়ীসকলে আমদানিৰ বাবে বিত্তৰ যোগান ধৰিব পৰা নাই। দেশখনৰ পৰ্যটন খণ্ড, বৈদেশিক মুদ্ৰাৰ প্ৰাথমিক উৎস, কোভিড মহামাৰীৰ সময়ত পৰ্যটন খণ্ড ব্যাপৰভাৱে প্ৰভাৱিত হৈ পৰাৰ ফলত দেশখন সংকটৰ সন্মুখীন হৈছে। আনহাতে আন্তঃগাঁথনি প্ৰকল্পৰ বাবে চীনৰ পৰা ব্যাপক ঋণ লোৱাৰ ফলত ইয়াৰ দেশখনৰ অৰ্থনীতি কোঙা হৈ পৰিছে। তদুপৰি সন্ত্ৰাসবাদেও দেশখনৰ পৰ্যটন খণ্ডক ব্যাপকভাৱে প্ৰভাৱিত কৰিছে আৰু তাৰ কুফল এতিয়া দেশে ভুগিবলগীয়া হৈছে। দেশখনৰ এই দুৰৱস্থাৰ বাবে এতিয়া সাধাৰণ নাগৰিকৰ জীৱন দুৰ্বিসহ হৈ পৰিছে। যাৰ ফলত দেশখনৰ ভালেসংখ্যক নাগৰিকে ভাৰতক তেওঁলোকৰ লক্ষ্য বাসস্থান হিচাপে গ্ৰহণ কৰাৰ চেষ্টা কৰিছে। এতিয়া ভাৰতে শ্ৰীলংকান শৰনাৰ্থীৰ বোজা বহন কৰিবলৈ সন্মত হ’ব নে নাই সেয়া লক্ষ্যণীয় হ’ব। PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক