--°C
Loading...
Listen to Article
2 min read
80%

দ্বিতীয় আলোচনাৰ পাছত আকৌ তৃতীয় লানি আলোচনা

ডিজিটেল ডেস্ক: দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ অন্ততো যুদ্ধৰ পৰিৱেশ ক্ষান্ত কৰিব পৰা কোনো সমাধান সূত্ৰ নোলাল। অৱশ্যে যুদ্ধ বিধ্বস্ত নাগৰিকৰ সপক্ষত কিছু সিদ্ধান্তত উপনীত হ’বলৈ দুয়োপক্ষ সক্ষম হৈছিল। আলোচনাৰ অন্তত প্ৰতিনিধিসকলে উল্লেখ কৰিছিল যে অতি সোনকালেই তৃতীয় পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ’ব। ইউক্ৰেইন আৰু ৰাছিয়াৰ আলোচনাকাৰীসকলে বৃহস্পতিবাৰে অনুষ্ঠিত আলোচনাৰ অন্তত কৈছিল যে যুদ্ধৰ ওপৰত তৃতীয় পৰ্যায়ৰ আলোচনা শীঘ্ৰেই অনুষ্ঠিত হ’ব। ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ এজন উপদেষ্টা ভ্লাডিমীৰ মেডিনস্কিয়ে বৃহস্পতিবাৰে ৰাছিয়াৰ প্ৰতিনিধিদলক পোলেণ্ড সীমান্তৰ ওচৰত বেলাৰুছত অনুষ্ঠিত আলোচনাৰ নেতৃত্ব দিছিল। তেওঁ কয় যে ‘দুয়োপক্ষৰ স্থিতি অতি স্পষ্ট, প্ৰতিটো কথা লিপিবদ্ধ কৰা হৈছে। ইয়াৰ ভিতৰত আছে আছে সংঘৰ্ষৰ ৰাজনৈতিক সমাধান সম্পৰ্কীয় বিষয়সমূহ’। ৰাছিয়া আৰু ইউক্ৰেইনৰ অসামৰিক লোকসকলক স্থানান্তৰ কৰাৰ বাবে এক সুৰক্ষিত ক’ৰিডৰ নিৰ্মাণৰ বাবে অস্থায়ী চুক্তিত দুয়ো দেশ উপনীত হৈছে। ৰাছিয়াৰ জ্যেষ্ঠ আইন প্ৰণেতা লিওনিড স্লুটস্কিয়ে কৈছিল যে পৰৱৰ্তী পৰ্যায়ৰ আলোচনাৰ ফলত ৰাছিয়া আৰু ইউক্ৰেইনৰ সংসদৰ দ্বাৰা অনুমোদিত হ’ব লগা চুক্তি হ’ব পাৰে। সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি ‘ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ উপদেষ্টা মাইখাইলো পোডলিকৰ মতে, ইউক্ৰেইন ৰাছিয়াৰ সৈতে দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ ফলাফলত অসন্তুষ্ট। দুয়োখন দেশে শীঘ্ৰেই তৃতীয় পৰ্যায়ৰ বৈঠকৰ বাবে মিলিত হ’ব। মাইখাইলো পোডলিকৰ মতে, ইউক্ৰেইন আৰু ৰাছিয়াই একেলগে অসামৰিক লোকসকলক স্থানান্তৰ কৰিবলৈ আৰু যুঁজাৰু এলেকা সমূহলৈ খাদ্য আৰু ঔষধ প্ৰদান কৰাৰ বাবে মানৱ ক’ৰিডৰ ব্যৱহাৰ কৰিব। ইফালে, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নৰ এক বিবৃতিয়ে বিষয়টো অধিক অৱনতি হৈছে বুলি উল্লেখ কৰিছে। মেক্ৰ’নে বৃহস্পতিবাৰে কৈছিল যে তেওঁ আকৌ এবাৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনক ইউক্ৰেইনৰ ওপৰত আক্ৰমণ বন্ধ কৰিবলৈ কৈছিল। কিন্তু পুটিনে ইয়াৰ প্ৰতি কোনো সদিচ্ছা প্ৰকাশ কৰা নাই। এই কথা মেক্ৰ’নে টুইটাৰযোগে প্ৰকাশ কৰি কয় যে, ‘এই সময়ত, তেওঁ এই প্ৰস্তাৱ অস্বীকাৰ কৰিছে’। ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে নিশ্চিত কৰিছিল যে তেওঁ বৃহস্পতিবাৰে পুটিনৰ সৈতে ফোনযোগে কথা পাতিছিল আৰু কৈছিল যে তেওঁ যোগাযোগ অব্যাহত ৰাখিব যাতে আৰু কোনো মানৱীয় ট্ৰেজেডী সংঘটিত নহয়। তেওঁ লগতে টুইটাৰত এই কথাও লিখিছিল, ‘পৰিস্থিতি অধিক বেয়া হোৱাৰ পৰা আমি বাধা দিব লাগিব’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক