--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভয়ংকৰ বোমা বিস্ফোৰণত কঁপি উঠিল পাকিস্তান। পাকিস্তানৰ পেছাৱৰৰ কোচা ৰিচালদাৰ অঞ্চলৰ কিছা খোৱানী বজাৰৰ এক মছজিদত এক আত্মঘাতী বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। শুকুৰবাৰৰ নামাজৰ সময়ত সংঘটিত হোৱা এই ভয়ংকৰ বিস্ফোৰণত ৩০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫০ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে। আহত লোক কেইজনক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা।আহতসকলৰ ভিতৰত ১০ জনৰো অধিক লোকৰ অৱস্থা অতি সংকটজনক। পেছাৱাৰ আৰক্ষীয়ে সদৰী কৰা অনুসৰি দুজন লোকে চহৰখনৰ কিছা খোৱানী বজাৰৰ মছজিদত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল আৰু তাত থিয় হৈ থকা আৰক্ষীৰ ওপৰত গুলীচালনা কৰিছিল। ইয়াৰে এজন আৰক্ষী নিহত হোৱাৰ লগতে আনজন আৰক্ষী গুৰুতৰভাৱে আহত হৈছিল। ইয়াৰ পাছতে মছজিদত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে সমগ্ৰ অঞ্চলটো বৰ্তমান ঘেৰাও কৰিছে। জোৰদাৰ তদন্তত নামি পৰিছে পাকিস্তান আৰক্ষী। এই বিস্ফোৰণ কোনে সংঘটিত কৰিলে সেয়া জানিব পৰা হোৱা নাই। আৰু পঢ়কঃ বিদ্যালয়ত শিক্ষয়িত্ৰীৰ হাতত ধৰি ছাত্ৰৰ অন্তৰংগ নৃত্য! তীব্ৰ সমালোচনা

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা