--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভয়ংকৰ বোমা বিস্ফোৰণত কঁপি উঠিল পাকিস্তান। পাকিস্তানৰ পেছাৱৰৰ কোচা ৰিচালদাৰ অঞ্চলৰ কিছা খোৱানী বজাৰৰ এক মছজিদত এক আত্মঘাতী বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। শুকুৰবাৰৰ নামাজৰ সময়ত সংঘটিত হোৱা এই ভয়ংকৰ বিস্ফোৰণত ৩০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫০ জনৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে। আহত লোক কেইজনক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা।আহতসকলৰ ভিতৰত ১০ জনৰো অধিক লোকৰ অৱস্থা অতি সংকটজনক। পেছাৱাৰ আৰক্ষীয়ে সদৰী কৰা অনুসৰি দুজন লোকে চহৰখনৰ কিছা খোৱানী বজাৰৰ মছজিদত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল আৰু তাত থিয় হৈ থকা আৰক্ষীৰ ওপৰত গুলীচালনা কৰিছিল। ইয়াৰে এজন আৰক্ষী নিহত হোৱাৰ লগতে আনজন আৰক্ষী গুৰুতৰভাৱে আহত হৈছিল। ইয়াৰ পাছতে মছজিদত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে সমগ্ৰ অঞ্চলটো বৰ্তমান ঘেৰাও কৰিছে। জোৰদাৰ তদন্তত নামি পৰিছে পাকিস্তান আৰক্ষী। এই বিস্ফোৰণ কোনে সংঘটিত কৰিলে সেয়া জানিব পৰা হোৱা নাই। আৰু পঢ়কঃ বিদ্যালয়ত শিক্ষয়িত্ৰীৰ হাতত ধৰি ছাত্ৰৰ অন্তৰংগ নৃত্য! তীব্ৰ সমালোচনা

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক