--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰেমৰ সংজ্ঞা বিচাৰি বহু লোকেই বাস্তৱ পৃথিৱীত উধাতু খাই ফুৰে। প্ৰেম এনে, প্ৰেম তেনে আদি ধাৰণাৰে প্ৰেমক সংজ্ঞায়িত কৰাৰ অভিধানকেন্দ্ৰিক এক দুৰ্বাৰ হেঁপাহৰ পিছত যুযুধান ৰূপত নামি পৰে সকলো। পিছে সঁচাকৈয়ে কোনো এক নিৰ্দিষ্ট সংজ্ঞাৰে এক নিৰ্দিষ্ট বন্ধনীৰ ভিতৰত প্ৰেমক বন্ধনীৰ ভিতৰত জানো আৱদ্ধ কৰিব পাৰি! মূলত: প্ৰেম প্ৰেমেই। কোনো আভিধানিক বাখ্যাৰে প্ৰেমক সংজ্ঞায়িত কৰাৰ কোনো যুক্তিযুক্ততাই প্ৰেমৰ ক্ষেত্ৰত নামানে। সেয়েহে প্ৰেম মুক্ত। 

প্ৰেমৰ এনে এক অভিনৱ দৃশ্যই এতিয়া মন মুহিছে বিশ্ববাসীৰ। তাকো এই দৃশ্য এক মৰণকাতৰ ধ্বংসস্তূপৰ মাজৰ পৰা বিশ্ববাসীৰ সমুখলৈ আহিছে। এই দৃশ্য আহিছে যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা। ৰাছিয়াৰ আক্ৰমণে প্ৰায় ধ্বংসস্তূপত পৰিণত কৰিছে ইউক্ৰেইনক। চাৰি মাহ অতিক্ৰম কৰাৰ পিছতো অব্যাহত থকা ৰুছ আক্ৰমণে সলনি কৰি পেলাইছে ইউক্ৰেইনৰ ৰূপ। যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ ছবিসমূহে ক্ৰন্দনকাতৰ কৰি তুলিছে বিশ্ব সম্প্ৰদায়ক। কিন্তু তাৰ মাজতে এতিয়া ভাইৰেল হৈ পৰা এক বিশেষ দৃশ্যই সমগ্ৰ বিশ্বৰে লোকৰ মনত তুলিছে আনন্দৰ কম্পন। 

প্ৰেমে নামানে যুদ্ধৰ বাধা। কাৰ্যত: এই কথাষাৰেই প্ৰতিফলন ঘটিছে এই বিশেষ দৃশ্যটিত। যুদ্ধৰ বিভীষিকাই চটিয়াই থৈ যোৱা আতংকৰ ছাইৰ মাজতে প্ৰেম প্ৰণয়ত বান্ধ খাইছে ইউক্ৰেইনৰ এহাল দম্পতী। কৰ্তব্যৰ খাতিৰত সামৰিক পোছাক পৰিধান কৰিয়ে ৰীতি অনুসৰি শপত বাক্য বিনিময় কৰি বিবাহ পাশত আৱদ্ধ হৈছে এই দম্পতীহাল। 

সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই বিবাহৰ দৃশ্যটো ইউক্ৰেইনৰ আভ্যন্তৰীণ পৰিক্ৰমা মন্ত্ৰীৰ উপদেষ্টা এণ্টন গেৰাশ্চেঙ্কোৱে টুইটাৰত শ্বেয়াৰ কৰিছে। ভিডিঅ’টোৰ সৈতে তেওঁ লিখিছে, "আজিৰ সময়ৰ ইউক্ৰেনীয় বিবাহ। কোনো বগা পোছাক আৰু টাক্সেডো নাই, কিন্তু প্ৰচুৰ মৰম আৰু সুখ আছে।" 

ভিডিঅ'টোত নৱদম্পতিহালক হাঁহিমুখে গীৰ্জাৰ পৰা ওলাই অহা দেখিবলৈ পোৱা গৈছে। সামৰিক পোছাক পিন্ধি থকা কইনাগৰাকীয়ে পোছাকৰ ওপৰত এখন বগা ওৰণি আঁৰি লোৱা দেখিবলৈ পোৱা গৈছে। 

১২ জুনত ইউক্ৰেইনৰ চেণ্টাৰ ফৰ চিভিল লিবাৰ্টিজৰ মুৰব্বী অলেকচন্দ্ৰা মাতভিচুকে শ্বেয়াৰ কৰা এটা পোষ্ট অনুসৰি বিবাহপাশত আৱদ্ধ হোৱা এই দম্পতীহাল হৈছে ইউক্ৰেইন সেনাৰ দুই সদস্য কেটৰিনা আৰু ভাদিম। ইউক্ৰেইনৰ পল্টাভাত মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে এই বিবাহ খন আয়োজন কৰা হৈছিল।

এই ভিডিঅ’টো শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত দম্পতীহালক শুভাশিষ আৰু আশীৰ্বাদেৰে উপচাই পেলাইছে সকলোৱে। সকলোৰে হৃদয়ৰ পৰা মাথোন এটাই আশা শেষ হওক যুদ্ধৰ দাবানল, যুদ্ধক ভেদ কৰি ওলাই আহক প্ৰেম আৰু শান্তিৰ ৰঙ। এই ৰঙে উদ্ভাসিত হওক মানৱ সমাজ। আজীৱন।
FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ