--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰেমৰ সংজ্ঞা বিচাৰি বহু লোকেই বাস্তৱ পৃথিৱীত উধাতু খাই ফুৰে। প্ৰেম এনে, প্ৰেম তেনে আদি ধাৰণাৰে প্ৰেমক সংজ্ঞায়িত কৰাৰ অভিধানকেন্দ্ৰিক এক দুৰ্বাৰ হেঁপাহৰ পিছত যুযুধান ৰূপত নামি পৰে সকলো। পিছে সঁচাকৈয়ে কোনো এক নিৰ্দিষ্ট সংজ্ঞাৰে এক নিৰ্দিষ্ট বন্ধনীৰ ভিতৰত প্ৰেমক বন্ধনীৰ ভিতৰত জানো আৱদ্ধ কৰিব পাৰি! মূলত: প্ৰেম প্ৰেমেই। কোনো আভিধানিক বাখ্যাৰে প্ৰেমক সংজ্ঞায়িত কৰাৰ কোনো যুক্তিযুক্ততাই প্ৰেমৰ ক্ষেত্ৰত নামানে। সেয়েহে প্ৰেম মুক্ত। 

প্ৰেমৰ এনে এক অভিনৱ দৃশ্যই এতিয়া মন মুহিছে বিশ্ববাসীৰ। তাকো এই দৃশ্য এক মৰণকাতৰ ধ্বংসস্তূপৰ মাজৰ পৰা বিশ্ববাসীৰ সমুখলৈ আহিছে। এই দৃশ্য আহিছে যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰা। ৰাছিয়াৰ আক্ৰমণে প্ৰায় ধ্বংসস্তূপত পৰিণত কৰিছে ইউক্ৰেইনক। চাৰি মাহ অতিক্ৰম কৰাৰ পিছতো অব্যাহত থকা ৰুছ আক্ৰমণে সলনি কৰি পেলাইছে ইউক্ৰেইনৰ ৰূপ। যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ ছবিসমূহে ক্ৰন্দনকাতৰ কৰি তুলিছে বিশ্ব সম্প্ৰদায়ক। কিন্তু তাৰ মাজতে এতিয়া ভাইৰেল হৈ পৰা এক বিশেষ দৃশ্যই সমগ্ৰ বিশ্বৰে লোকৰ মনত তুলিছে আনন্দৰ কম্পন। 

প্ৰেমে নামানে যুদ্ধৰ বাধা। কাৰ্যত: এই কথাষাৰেই প্ৰতিফলন ঘটিছে এই বিশেষ দৃশ্যটিত। যুদ্ধৰ বিভীষিকাই চটিয়াই থৈ যোৱা আতংকৰ ছাইৰ মাজতে প্ৰেম প্ৰণয়ত বান্ধ খাইছে ইউক্ৰেইনৰ এহাল দম্পতী। কৰ্তব্যৰ খাতিৰত সামৰিক পোছাক পৰিধান কৰিয়ে ৰীতি অনুসৰি শপত বাক্য বিনিময় কৰি বিবাহ পাশত আৱদ্ধ হৈছে এই দম্পতীহাল। 

সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই বিবাহৰ দৃশ্যটো ইউক্ৰেইনৰ আভ্যন্তৰীণ পৰিক্ৰমা মন্ত্ৰীৰ উপদেষ্টা এণ্টন গেৰাশ্চেঙ্কোৱে টুইটাৰত শ্বেয়াৰ কৰিছে। ভিডিঅ’টোৰ সৈতে তেওঁ লিখিছে, "আজিৰ সময়ৰ ইউক্ৰেনীয় বিবাহ। কোনো বগা পোছাক আৰু টাক্সেডো নাই, কিন্তু প্ৰচুৰ মৰম আৰু সুখ আছে।" 

ভিডিঅ'টোত নৱদম্পতিহালক হাঁহিমুখে গীৰ্জাৰ পৰা ওলাই অহা দেখিবলৈ পোৱা গৈছে। সামৰিক পোছাক পিন্ধি থকা কইনাগৰাকীয়ে পোছাকৰ ওপৰত এখন বগা ওৰণি আঁৰি লোৱা দেখিবলৈ পোৱা গৈছে। 

১২ জুনত ইউক্ৰেইনৰ চেণ্টাৰ ফৰ চিভিল লিবাৰ্টিজৰ মুৰব্বী অলেকচন্দ্ৰা মাতভিচুকে শ্বেয়াৰ কৰা এটা পোষ্ট অনুসৰি বিবাহপাশত আৱদ্ধ হোৱা এই দম্পতীহাল হৈছে ইউক্ৰেইন সেনাৰ দুই সদস্য কেটৰিনা আৰু ভাদিম। ইউক্ৰেইনৰ পল্টাভাত মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে এই বিবাহ খন আয়োজন কৰা হৈছিল।

এই ভিডিঅ’টো শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত দম্পতীহালক শুভাশিষ আৰু আশীৰ্বাদেৰে উপচাই পেলাইছে সকলোৱে। সকলোৰে হৃদয়ৰ পৰা মাথোন এটাই আশা শেষ হওক যুদ্ধৰ দাবানল, যুদ্ধক ভেদ কৰি ওলাই আহক প্ৰেম আৰু শান্তিৰ ৰঙ। এই ৰঙে উদ্ভাসিত হওক মানৱ সমাজ। আজীৱন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র