--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিনেমাৰ দৰে লগা এটা কাহিনী। আপোনাৰো হয়তো '৩ ইডিয়টছ'ৰ সেই দৃশ্যটো মনত আছেনে, য’ত ৰাঞ্চো আৰু গেঙে ইউটিউবত ভিডিঅ’ চোৱাৰ পাছত চিজাৰিয়ান অস্ত্ৰোপচাৰ কৰিছিল। অপাৰেচনটো পাছত সফলো হৈছিল। অস্ত্ৰোপচাৰৰ পাছত মাতৃ আৰু শিশু দুয়ো স্বাস্থ্যৱান অৱস্থাত আছিল। কিন্তু এইবাৰ ৰীলত নহয়, ৰীয়েল লাইফত '৩ ইডিয়টছ'ৰ সেই ঘটনাটো সংঘটিত হ’ল। খবৰ অনুসৰি, দুজন ফাৰ্মাচীৰ শিক্ষাৰ্থীয়ে 'ইউটিউব টিউটোৰিয়েল'ত যৌন ৰূপান্তৰৰ অপাৰেচন চাই সেই কাম কৰিবলৈ গৈছিল। যাৰ পৰিণাম অতি ভয়ংকৰ হ’ল। আৰক্ষীৰ সূত্ৰ অনুসৰি, জিভা আৰু মস্তান নামৰ ফাৰ্মাচীৰ ছাত্ৰ দুজনে শ্ৰীকান্ত নামৰ এজন ২৮ বছৰীয়া যুৱকৰ সৈতে পৰিচিত হৈছিল। জিভা আৰু মস্তান সৈতে কথা-বতৰা পতাৰ পাছত শ্ৰীকান্তৰ তেওঁলোকৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পাইছিল। তেতিয়াই শ্ৰীকান্তে কৈছিল যে তেওঁ নিজৰ লিংগ সলনি কৰি ছোৱালী হ’ব বিচাৰে। কিন্তু তাৰ বাবে তেওঁক বহুত ধনৰ প্ৰয়োজন হৈছিল। ফাৰ্মাচীৰ ছাত্ৰ দুজনে তেওঁক কৈছিল যে, এই অস্ত্ৰোপচাৰৰ বাবে তেওঁ মুম্বাইলৈ যাব লাগিব আৰু সেইটো কৰিবলৈ বৃহৎ পৰিমাণৰ ধনৰ প্ৰয়োজন হ’ব। তেতিয়া শ্ৰীকান্তে কয় যে, এই অপাৰেচন কৰিবলৈ তেওঁৰ ওচৰত ইমান টকা নাই। কাৰণ তেওঁ এটা সৰু কোম্পানীতহে কাম কৰে। শ্ৰীকান্তৰ কথা শুনি দুয়োজন শিক্ষাৰ্থীয়ে তেওঁক বুজাই দিছিল যে বৃহৎ পৰিমাণৰ ধন খৰচ কৰি মুম্বাইত অস্ত্ৰোপচাৰ কৰিবলৈ যোৱাতকৈ, তেওঁলোক দুয়োজনে অতি কম খৰচত এই অস্ত্ৰোপচাৰ কৰিব পাৰিব। কথা মতেই কাম। শ্ৰীকান্তে তেওঁৰ পত্নীৰ সৈতে পৃথকে থাকিবলৈ লোৱাত এটা ঘৰ ভাড়ালৈ লৈ অকলে বাস কৰিছিল। অস্ত্ৰোপচাৰৰ বাবে দুজন চিকিৎসা বিদ্যাৰ্থীয়ে এটা লজ ভাড়ালৈ লৈছিল আৰু তেওঁলোকে অস্ত্ৰোপচাৰৰ সঁজুলিও আনিছিল। তাৰ পাছত, তেওঁলোকে ইউটিউব চাই শ্ৰীকান্তৰ অস্ত্ৰোপচাৰ আৰম্ভ কৰিছিল। কিন্তু পাছ মুহূৰ্ততে শ্ৰীকান্তৰ শৰীৰৰ পৰা প্ৰচুৰ ৰক্তক্ষৰণ হৈছিল, সেই ৰক্তক্ষৰণ দুয়োজন শিক্ষাৰ্থীয়ে বন্ধ কৰিব নোৱাৰিলে আৰু ভয় খাই তেওঁলোক দুয়োজনে শ্ৰীকান্তক এৰি পলাই যায়। অত্যধিক ৰক্তক্ষৰণৰ বাবে কিছু সময়ৰ পাছতে শ্ৰীকান্তৰ মৃত্যু হৈছিল। ল’জৰ এজন কৰ্মচাৰীয়ে শ্ৰীকান্তক তেজেৰ লুতুৰি-পুতুৰি হৈ পৰি থকা দেখি ঘৰৰ মালিকক খবৰ দিছিল। তাৰ পাছতে ল’জৰ মালিকে আৰক্ষীক খবৰ দিয়ে। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে অত্যধিক ৰক্তক্ষৰণৰ ফলত লোকজনৰ মৃত্যু হৈছে। গোচৰটোৰ অভিযুক্ত দুজন, ফাৰ্মাচীৰ ছাত্ৰ মস্তান আৰু জিভাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে অত্যধিক ৰক্তক্ষৰণ আৰু অত্যধিক টোপনিৰ টেবলেট ব্যৱহাৰৰ ফলত ২৮ বছৰীয়া শ্ৰীকান্তৰ মৃত্যু হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন