--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিনেমাৰ দৰে লগা এটা কাহিনী। আপোনাৰো হয়তো '৩ ইডিয়টছ'ৰ সেই দৃশ্যটো মনত আছেনে, য’ত ৰাঞ্চো আৰু গেঙে ইউটিউবত ভিডিঅ’ চোৱাৰ পাছত চিজাৰিয়ান অস্ত্ৰোপচাৰ কৰিছিল। অপাৰেচনটো পাছত সফলো হৈছিল। অস্ত্ৰোপচাৰৰ পাছত মাতৃ আৰু শিশু দুয়ো স্বাস্থ্যৱান অৱস্থাত আছিল। কিন্তু এইবাৰ ৰীলত নহয়, ৰীয়েল লাইফত '৩ ইডিয়টছ'ৰ সেই ঘটনাটো সংঘটিত হ’ল। খবৰ অনুসৰি, দুজন ফাৰ্মাচীৰ শিক্ষাৰ্থীয়ে 'ইউটিউব টিউটোৰিয়েল'ত যৌন ৰূপান্তৰৰ অপাৰেচন চাই সেই কাম কৰিবলৈ গৈছিল। যাৰ পৰিণাম অতি ভয়ংকৰ হ’ল। আৰক্ষীৰ সূত্ৰ অনুসৰি, জিভা আৰু মস্তান নামৰ ফাৰ্মাচীৰ ছাত্ৰ দুজনে শ্ৰীকান্ত নামৰ এজন ২৮ বছৰীয়া যুৱকৰ সৈতে পৰিচিত হৈছিল। জিভা আৰু মস্তান সৈতে কথা-বতৰা পতাৰ পাছত শ্ৰীকান্তৰ তেওঁলোকৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পাইছিল। তেতিয়াই শ্ৰীকান্তে কৈছিল যে তেওঁ নিজৰ লিংগ সলনি কৰি ছোৱালী হ’ব বিচাৰে। কিন্তু তাৰ বাবে তেওঁক বহুত ধনৰ প্ৰয়োজন হৈছিল। ফাৰ্মাচীৰ ছাত্ৰ দুজনে তেওঁক কৈছিল যে, এই অস্ত্ৰোপচাৰৰ বাবে তেওঁ মুম্বাইলৈ যাব লাগিব আৰু সেইটো কৰিবলৈ বৃহৎ পৰিমাণৰ ধনৰ প্ৰয়োজন হ’ব। তেতিয়া শ্ৰীকান্তে কয় যে, এই অপাৰেচন কৰিবলৈ তেওঁৰ ওচৰত ইমান টকা নাই। কাৰণ তেওঁ এটা সৰু কোম্পানীতহে কাম কৰে। শ্ৰীকান্তৰ কথা শুনি দুয়োজন শিক্ষাৰ্থীয়ে তেওঁক বুজাই দিছিল যে বৃহৎ পৰিমাণৰ ধন খৰচ কৰি মুম্বাইত অস্ত্ৰোপচাৰ কৰিবলৈ যোৱাতকৈ, তেওঁলোক দুয়োজনে অতি কম খৰচত এই অস্ত্ৰোপচাৰ কৰিব পাৰিব। কথা মতেই কাম। শ্ৰীকান্তে তেওঁৰ পত্নীৰ সৈতে পৃথকে থাকিবলৈ লোৱাত এটা ঘৰ ভাড়ালৈ লৈ অকলে বাস কৰিছিল। অস্ত্ৰোপচাৰৰ বাবে দুজন চিকিৎসা বিদ্যাৰ্থীয়ে এটা লজ ভাড়ালৈ লৈছিল আৰু তেওঁলোকে অস্ত্ৰোপচাৰৰ সঁজুলিও আনিছিল। তাৰ পাছত, তেওঁলোকে ইউটিউব চাই শ্ৰীকান্তৰ অস্ত্ৰোপচাৰ আৰম্ভ কৰিছিল। কিন্তু পাছ মুহূৰ্ততে শ্ৰীকান্তৰ শৰীৰৰ পৰা প্ৰচুৰ ৰক্তক্ষৰণ হৈছিল, সেই ৰক্তক্ষৰণ দুয়োজন শিক্ষাৰ্থীয়ে বন্ধ কৰিব নোৱাৰিলে আৰু ভয় খাই তেওঁলোক দুয়োজনে শ্ৰীকান্তক এৰি পলাই যায়। অত্যধিক ৰক্তক্ষৰণৰ বাবে কিছু সময়ৰ পাছতে শ্ৰীকান্তৰ মৃত্যু হৈছিল। ল’জৰ এজন কৰ্মচাৰীয়ে শ্ৰীকান্তক তেজেৰ লুতুৰি-পুতুৰি হৈ পৰি থকা দেখি ঘৰৰ মালিকক খবৰ দিছিল। তাৰ পাছতে ল’জৰ মালিকে আৰক্ষীক খবৰ দিয়ে। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে অত্যধিক ৰক্তক্ষৰণৰ ফলত লোকজনৰ মৃত্যু হৈছে। গোচৰটোৰ অভিযুক্ত দুজন, ফাৰ্মাচীৰ ছাত্ৰ মস্তান আৰু জিভাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে অত্যধিক ৰক্তক্ষৰণ আৰু অত্যধিক টোপনিৰ টেবলেট ব্যৱহাৰৰ ফলত ২৮ বছৰীয়া শ্ৰীকান্তৰ মৃত্যু হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ