--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আগষ্ট মাহৰ প্ৰথম দিনটোৰ পৰাই একাধিক প্ৰভাৱ পেলাবলৈ গৈ আছে সাধাৰণ লোকৰ বাজেটত। যেনে-আয়কৰ ৰিটাৰ্ণ দাখিল কৰা নহয়, তেন্তে জৰিমনা পৰিশোধ কৰিব লাগিব। পুনৰ একাংশ বেংকত সোমবাৰৰ পৰা কাৰ্যকৰী হবলৈ ধৰিছে এই নতুন নিয়ম। ১ আগষ্টৰ পৰা বিত্তীয় খণ্ডত কি পৰিৱৰ্তন আহি আছে তাৰ আভাস দিয়া হল। প্ৰথমে আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ কথা কওঁ।

 আয়কৰ ৰিটাৰ্ণ দাখিলৰ শেষদিন আছিল ৩১ জুলাই। এই মাহত দাখিল নকৰাসকলে জৰিমনা আদায় দিব লাগিব। যিসকলৰ উপাৰ্জন ৫ লাখতকৈ অধিক হব তেওঁলোকে ৫ হাজাৰ টকাৰ জৰিমনা আদায় দিব লাগিব। যিসকলৰ উপাৰ্জন ৫ লাখ টকাতকৈ কম হব তেওঁলোকে ১ হাজাৰ টকাৰ জৰিমনা আদায় দিব লাগিব।

 জানো আহক ১ আগষ্টৰ পৰা কি কি পৰিৱৰ্তন হ’ব-

১. ১ আগষ্টৰ পৰা হ্ৰাস পাইছে ৰন্ধন গেছৰ দাম। ভাৰতীয় তেল নিগমে ১৯ কেজি বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ৩৬ টকা হ্ৰাস কৰিছে।

২. বেংক অব বৰোদাৰ গ্ৰাহকে চেক পেমেণ্ট কৰাৰ সময়ত ‘পজিটিভ পে চিষ্টেম পদ্ধতি গ্ৰহণ কৰিব লাগিব। এই পদ্ধতিত গ্ৰাহকে ৫ লাখতকৈ অধিক টকাৰ চেকৰ ডিজিটেল ডিটেইলত উল্লেখ কৰিব লাগিব।

৩. প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ বাবে কে ৱাই চি প্ৰদানৰ বাবে ৩১ জুলাইলৈ সময়সীমা দিয়া হৈছিল। যিসকল কৃষকে এই কাম কৰা নাই, তেওঁলোকে নাপাব এই আঁচনিৰ দ্বাদশ কিস্তিৰ সুবিধা।

৪. আপুনি HDFC Bankৰ গ্ৰাহক নেকি? আজিৰে পৰা কিছু নতুন নিয়ম প্ৰযোজ্য হ’ব। HDFCৰ সুদৰ হাৰ ০.২৫ শতাংশ বৃদ্ধি পাইছে। HDFCয়ে গৃহ নিৰ্মাণৰ ক্ষেত্ৰতো ঋণৰ হাৰ বৃদ্ধি কৰিছে।

৫. যদি আপুনি ভোটাৰ কাৰ্ডক আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা নাই তেন্তে এইবাৰ কৰক। ভোটাৰ কাৰ্ডক আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰাৰ বাবে আৰম্ভ হৈছে বিশেষ অভিযান।

৬. ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকে ১ আগষ্টৰ পৰা হোম বেংকিং সুবিধাৰ বাবে ডাক বিভাগৰ মাচুল আদায় কৰিব।

৭. বিভিন্ন সেৱাৰ বাবে জিএছটি আৰু ২০ টকা আদায় কৰিব আইপিপিবিয়ে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ