--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আগষ্ট মাহৰ প্ৰথম দিনটোৰ পৰাই একাধিক প্ৰভাৱ পেলাবলৈ গৈ আছে সাধাৰণ লোকৰ বাজেটত। যেনে-আয়কৰ ৰিটাৰ্ণ দাখিল কৰা নহয়, তেন্তে জৰিমনা পৰিশোধ কৰিব লাগিব। পুনৰ একাংশ বেংকত সোমবাৰৰ পৰা কাৰ্যকৰী হবলৈ ধৰিছে এই নতুন নিয়ম। ১ আগষ্টৰ পৰা বিত্তীয় খণ্ডত কি পৰিৱৰ্তন আহি আছে তাৰ আভাস দিয়া হল। প্ৰথমে আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ কথা কওঁ।

 আয়কৰ ৰিটাৰ্ণ দাখিলৰ শেষদিন আছিল ৩১ জুলাই। এই মাহত দাখিল নকৰাসকলে জৰিমনা আদায় দিব লাগিব। যিসকলৰ উপাৰ্জন ৫ লাখতকৈ অধিক হব তেওঁলোকে ৫ হাজাৰ টকাৰ জৰিমনা আদায় দিব লাগিব। যিসকলৰ উপাৰ্জন ৫ লাখ টকাতকৈ কম হব তেওঁলোকে ১ হাজাৰ টকাৰ জৰিমনা আদায় দিব লাগিব।

 জানো আহক ১ আগষ্টৰ পৰা কি কি পৰিৱৰ্তন হ’ব-

১. ১ আগষ্টৰ পৰা হ্ৰাস পাইছে ৰন্ধন গেছৰ দাম। ভাৰতীয় তেল নিগমে ১৯ কেজি বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ৩৬ টকা হ্ৰাস কৰিছে।

২. বেংক অব বৰোদাৰ গ্ৰাহকে চেক পেমেণ্ট কৰাৰ সময়ত ‘পজিটিভ পে চিষ্টেম পদ্ধতি গ্ৰহণ কৰিব লাগিব। এই পদ্ধতিত গ্ৰাহকে ৫ লাখতকৈ অধিক টকাৰ চেকৰ ডিজিটেল ডিটেইলত উল্লেখ কৰিব লাগিব।

৩. প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ বাবে কে ৱাই চি প্ৰদানৰ বাবে ৩১ জুলাইলৈ সময়সীমা দিয়া হৈছিল। যিসকল কৃষকে এই কাম কৰা নাই, তেওঁলোকে নাপাব এই আঁচনিৰ দ্বাদশ কিস্তিৰ সুবিধা।

৪. আপুনি HDFC Bankৰ গ্ৰাহক নেকি? আজিৰে পৰা কিছু নতুন নিয়ম প্ৰযোজ্য হ’ব। HDFCৰ সুদৰ হাৰ ০.২৫ শতাংশ বৃদ্ধি পাইছে। HDFCয়ে গৃহ নিৰ্মাণৰ ক্ষেত্ৰতো ঋণৰ হাৰ বৃদ্ধি কৰিছে।

৫. যদি আপুনি ভোটাৰ কাৰ্ডক আধাৰ কাৰ্ডৰ সৈতে লিংক কৰা নাই তেন্তে এইবাৰ কৰক। ভোটাৰ কাৰ্ডক আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰাৰ বাবে আৰম্ভ হৈছে বিশেষ অভিযান।

৬. ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকে ১ আগষ্টৰ পৰা হোম বেংকিং সুবিধাৰ বাবে ডাক বিভাগৰ মাচুল আদায় কৰিব।

৭. বিভিন্ন সেৱাৰ বাবে জিএছটি আৰু ২০ টকা আদায় কৰিব আইপিপিবিয়ে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক