--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক'ভিড পৰিস্থিতি সামান্য উন্নত হোৱালৈ লক্ষ্য ৰাখি বহুকেইখন ৰাজ্যত জাৰি কৰা নীতি-নিৰ্দেশনাসমূহ শিথিল কৰা হৈছে৷ দিল্লীতো বৃহস্পতিবাৰে সপ্তহান্তিক লকডাউন উঠাই লোৱাৰ উপৰি চিনেমা হলসমূহো ৫০শতাংশৰে খুলিবলৈ অনুমতি দিছিল৷ তামিলনাডুতো বৰ্তমান পৰিস্থিলৈ লক্ষ্য কৰি জাৰি কৰা নিষেধাজ্ঞাসমূহ শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। ৰাজ্যখনত দেওবাৰৰে পৰা লকডাউন পৰিহাৰ কৰাৰ লগতে ২৮ জানুৱাৰীৰ নিশা ১০ বজাৰ পৰা নৈশ সান্ধ্য আইনো নাথাকিব। ৰাজ্যখনত অহা ১ ফেব্ৰুৱাৰীৰ পৰা প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ বাবে নিয়মীয়া পাঠদানসমূহ অফলাইন পদ্ধতিৰে পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে তামিলনাডু চৰকাৰে। লগতে, মহাবিদ্যালয় আৰু উচ্চ শিক্ষানুষ্ঠানসমূহেও পাঠদান পুনৰ আৰম্ভ কৰিব। আনহাতে, ৰাজ্যখনত হোটেল আৰু ৰেষ্টুৰেণ্টসমূহ ৫০শতাংশৰ কৰ্মচাৰীৰে খোলাৰ অনুমতি দিয়াৰ লগতে প্ৰায় ১০০ জন লোকৰ উপস্থিতিৰে বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰাৰ অনুমতি দিয়া হৈছে। লগতে অন্ত্যেষ্টিক্রিয়াত লোকৰ সংখ্যা ৫০ত সীমাবদ্ধ কৰা হৈছে। অৱশ্যে সাংস্কৃতিক, ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত ৰাজহুৱা সমাৱেশৰ ওপৰত নিষেধাজ্ঞা অব্যাহত আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ