--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক'ভিড পৰিস্থিতি সামান্য উন্নত হোৱালৈ লক্ষ্য ৰাখি বহুকেইখন ৰাজ্যত জাৰি কৰা নীতি-নিৰ্দেশনাসমূহ শিথিল কৰা হৈছে৷ দিল্লীতো বৃহস্পতিবাৰে সপ্তহান্তিক লকডাউন উঠাই লোৱাৰ উপৰি চিনেমা হলসমূহো ৫০শতাংশৰে খুলিবলৈ অনুমতি দিছিল৷ তামিলনাডুতো বৰ্তমান পৰিস্থিলৈ লক্ষ্য কৰি জাৰি কৰা নিষেধাজ্ঞাসমূহ শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। ৰাজ্যখনত দেওবাৰৰে পৰা লকডাউন পৰিহাৰ কৰাৰ লগতে ২৮ জানুৱাৰীৰ নিশা ১০ বজাৰ পৰা নৈশ সান্ধ্য আইনো নাথাকিব। ৰাজ্যখনত অহা ১ ফেব্ৰুৱাৰীৰ পৰা প্ৰথমৰ পৰা দ্বাদশ শ্ৰেণীৰ বাবে নিয়মীয়া পাঠদানসমূহ অফলাইন পদ্ধতিৰে পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে তামিলনাডু চৰকাৰে। লগতে, মহাবিদ্যালয় আৰু উচ্চ শিক্ষানুষ্ঠানসমূহেও পাঠদান পুনৰ আৰম্ভ কৰিব। আনহাতে, ৰাজ্যখনত হোটেল আৰু ৰেষ্টুৰেণ্টসমূহ ৫০শতাংশৰ কৰ্মচাৰীৰে খোলাৰ অনুমতি দিয়াৰ লগতে প্ৰায় ১০০ জন লোকৰ উপস্থিতিৰে বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰাৰ অনুমতি দিয়া হৈছে। লগতে অন্ত্যেষ্টিক্রিয়াত লোকৰ সংখ্যা ৫০ত সীমাবদ্ধ কৰা হৈছে। অৱশ্যে সাংস্কৃতিক, ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত ৰাজহুৱা সমাৱেশৰ ওপৰত নিষেধাজ্ঞা অব্যাহত আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন