--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসাৰক মায়াভৰা সংসাৰ বুলি কোৱা হয়। সঁচাকৈয়ে কেতিয়াবা এই সংসাৰত মায়াৰ খেল দেখিবলৈ পোৱা যায়। এগৰাকী মহিলাই এবছৰ, দুবছৰ নহয় ২২ বছৰ ধৰি বিধৱা জীৱন কটাইছিল। কিন্তু ২২ বছৰৰ পাছত হঠাতে ঘৰত আহি উপস্থিত হৈছিলহি তেওঁৰ মৰমৰ স্বামী। ২২ বছৰ আগতে মানুহজন হঠাতে নোহোৱা হৈছিল। বহু বাট চাই চাইয়ো তেওঁৰ কোনো সন্ধান নোলোৱাত পৰিয়ালৰ লোকে তেওঁক মৃত বুলি ভাবি লৈছিল। মৃত বুলি ভাবি থকা মানুহজন হঠাতে ঘৰলৈ উভতি অহাত পৰিয়ালৰ লগতে গোটেই গাওঁখনৰ লোকসকল আচৰিত হৈ পৰে। এই ঘটনাটো সংঘটিত হৈছে ঝাৰখণ্ড ৰাজ্যৰ গড়ৱা জিলাৰ কান্দিখণ্ডত। মানুহজনৰ নাম উদয় চাও। উদয়ে কান্দিখণ্ড নামৰ গাঁওখনত পত্নী আৰু দুই সন্তানৰ সৈতে বাস কৰিছিল। হঠাতে এদিন তেওঁৰ সাংসাৰিক জীৱনৰ প্ৰতি মোহভংগ ঘটিছিল আৰু পৰিয়ালৰ সদস্যসকলক নজনোৱাকৈ উদয়ে ঘৰৰ পৰা ওলাই গৈছিল। উদয় হঠাতে নোহোৱা হোৱাৰ পাছত উদয়ৰ পৰিয়ালৰ সদস্যসকলে তেওঁক বিচাৰি উলিয়াবলৈ যথেষ্ট চেষ্টা কৰিছিল কিন্তু বহুত অনুসন্ধান কৰাৰ পাছতো উদয়ৰ কোনো সন্ধান পোৱা নগ'ল। অৱশেষত উদয়ৰ পৰিয়ালৰ সদস্যসকলে তেওঁক মৃত বুলি ভাবিবলৈ বাধ্য হৈ পৰিছিল। পত্নীয়েও স্বামীৰ মৃত্যু ঘটা বুলি ভাবি ২২ বছৰ দিন ধৰি বিধৱা হৈ থাকিল। উদয়ৰ সন্তানেও প্ৰতি পদে পদে পিতৃহীনতাৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছিল। উদয়ে কিছুদিন পূৰ্বে যোগীৰ ছদ্মবেশত ভিক্ষা বিচাৰি তেওঁৰ গাওঁলৈ আহিছিল আৰু নিজৰ ঘৰলৈ গৈ তেওঁ পত্নীৰ পৰা ভিক্ষা বিচাৰিছিল।ভিক্ষা দিবলৈ গৈ পত্নীয়ে স্বামী উদয়ক লগালগ চিনি পাইছিল। উদয়ে বাৰে বাৰে অস্বীকাৰ কৰি থাকিল যে তেওঁ উদয় নহয়, কিন্তু তেওঁৰ পত্নীৰ সম্পূৰ্ণ বিশ্বাস আছিল যে সেই যোগী আন কোনো নহয়.. সেইজনেই তেওঁৰ স্বামী উদয় চাও। পত্নীয়ে এই খবৰ চিঞৰি চিঞৰি সকলোকে দিয়ে আৰু গাওঁবাসীও সেই স্থানত উপস্থিত হয়হি। সকলোৱে উদয়ক দেখি চিনি পায়। অৱশেষত যোগীজনে স্বীকাৰ কৰে যে হয় তেওঁ উদয় চাও হয়। তেওঁ ২২ বছৰ ধৰি যোগীৰ জীৱন কটাই আছে। কেতিয়াবা সাৰংগী বজাই বজাই মানুহৰ ঘৰে ঘৰে ভিক্ষা বিচাৰি যায়। উদয়ে গাঁওবাসীক কয় যে পত্নীৰ পৰা ভিক্ষা নোলোৱাকৈ তেওঁৰ যোগী জীৱন সাৰ্থক নহ'ব বুলি তেওঁ অনুভৱ কৰিছিল সেয়েহে পত্নীৰ পৰা ভিক্ষা লবলৈ তেওঁ গাওঁলৈ ঘূৰি আহিছে। তেওঁ কৈছিল যে ''মোৰ পত্নীৰ ভিক্ষা অবিহনে মই সিদ্ধি প্ৰাপ্ত কৰিব নোৱাৰো। গতিকে মোক ভিক্ষা দি মোৰ কৰ্তব্য পালন কৰিবলৈ দিয়ক।'' পৰিয়ালৰ লগতে গাঁৱৰ সকলো মানুহে তেওঁক যোগী জীৱন ত্যাগ কৰি ঘৰত থাকিবলৈ অনুৰোধ জনালে। গাঁওবাসীয়ে উদয়ক গাওঁ এৰি নাযাবলৈ আহ্বান জনাইছিল কিন্তু তেওঁ ঘৰত থাকিবলৈ অস্বীকাৰ কৰিলে। তেওঁ আনকি ভিক্ষা গ্ৰহণ কৰাৰ পাছত সেই গাঁওখনৰ পৰা ওলাই আহিছিল আৰু এখন কলেজত আশ্ৰয় লৈছিল। গাঁওখনৰ বহুলোকে তেওঁক যোগী জীৱন ত্যাগ কৰাবৰ বাবে চেষ্টা কৰি আছে। ইয়াৰ বাবে গাঁওখনৰ লোকসকলে বাবা গোৰখনাথৰ ধামত যজ্ঞ আৰু পূজা-সেৱা আগবঢ়াবলৈ ধন সংগ্ৰহ কৰিবলৈ একত্ৰিত হৈছে। সঁচাকৈয়ে উদয় চাও পুনৰ এজন সাধাৰণ মানুহ হৈ পৰিয়ালৰ মাজলৈ উভতি আহিবনে...সেই প্ৰশ্নই এতিয়া পৰিয়ালৰ লোকসকলৰ লগতে সমগ্ৰ গাঁওবাসীৰ মনত উদয় হৈছে। আৰু পঢ়কঃ শৈশৱতে হেৰুৱাইছিল দুয়োখন হাত,এতিয়া সাঁতোৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন এই কিশোৰ  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ