--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে অহা ১ ফেব্ৰুৱাৰীত উত্থাপন কৰিব ২০২২চনৰ কেন্দ্ৰীয় বাজেট। ক’ভিড মহামাৰীসৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত দেশৰ বিত্তীয় পৰিস্থিতি উন্নত কৰা তথা অৰ্থনৈতিক বিকাশৰ হাৰ তৰান্বিত কৰাৰ ওপৰত এই বাজেটত গুৰুত্ব আৰোপ কৰা হ’ব। ইফালে এইবাৰ কেন্দ্ৰীয় চৰকাৰে বাজেটৰ এটা পৰম্পৰা সলনি কৰিছে। কেন্দ্ৰীয় বাজেট প্ৰস্তুতিৰ কাম পূৰ্বৰে পৰা ‘হালৱা চেৰেমনী’ৰ জৰিয়তে আৰম্ভ কৰা হৈ আহিছে। কিন্তু এইবাৰ এই পৰম্পৰা সলনি কৰা হৈছে। এইবাৰ ক’ভিড পৰিস্থিতিৰ দোহাই দি বাতিল কৰা হৈছে হালৱা চেৰেমনী। এইবাৰ তাৰ সলনি বাজেট প্ৰস্তুতৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত লোকসকলক প্ৰদান কৰা হয় মিঠাইৰ টোপোলা। পূ্ৰ্বৰ পৰম্পৰা মতে হালৱা চেৰেমনীৰ পাছতে বাজেট প্ৰস্তুতৰ মূল গোটটোৱে বিত্ত মন্ত্ৰণালয়ৰ এটা বিশেষ কোঠাত আবদ্ধ হৈ পৰে। সংসদত বাজেট উত্থাপনৰ পাছতহে তেওঁলোকে আন কাৰোবাৰ সৈতে মিলিত হ’ব পাৰে। কিন্তু এইবাৰ এই হালৱাৰ পৰম্পৰাক বাদ দিছে বিত্ত মন্ত্ৰণালয়ে। এইবাৰো বাজেট পেপাৰলেছ হ’ব বুলি প্ৰকাশ পাইছে। মোবাইল এপৰ জৰিয়তে এই বাজেট উপলব্ধ কৰোঁৱা হ’ব। ইয়াৰ বাবে ইউনিয়ন বাজেট মোবাইল এপৰ ব্যৱহাৰ কৰা হ’ব। হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে সুলভ এই মোবাইল এপ কেন্দ্ৰীয় বাজেটৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পৰা যাব। বাজেটৰ সকলো দস্তাবেজ ৱেবছাইটতো পোৱা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা