--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে অহা ১ ফেব্ৰুৱাৰীত উত্থাপন কৰিব ২০২২চনৰ কেন্দ্ৰীয় বাজেট। ক’ভিড মহামাৰীসৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত দেশৰ বিত্তীয় পৰিস্থিতি উন্নত কৰা তথা অৰ্থনৈতিক বিকাশৰ হাৰ তৰান্বিত কৰাৰ ওপৰত এই বাজেটত গুৰুত্ব আৰোপ কৰা হ’ব। ইফালে এইবাৰ কেন্দ্ৰীয় চৰকাৰে বাজেটৰ এটা পৰম্পৰা সলনি কৰিছে। কেন্দ্ৰীয় বাজেট প্ৰস্তুতিৰ কাম পূৰ্বৰে পৰা ‘হালৱা চেৰেমনী’ৰ জৰিয়তে আৰম্ভ কৰা হৈ আহিছে। কিন্তু এইবাৰ এই পৰম্পৰা সলনি কৰা হৈছে। এইবাৰ ক’ভিড পৰিস্থিতিৰ দোহাই দি বাতিল কৰা হৈছে হালৱা চেৰেমনী। এইবাৰ তাৰ সলনি বাজেট প্ৰস্তুতৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত লোকসকলক প্ৰদান কৰা হয় মিঠাইৰ টোপোলা। পূ্ৰ্বৰ পৰম্পৰা মতে হালৱা চেৰেমনীৰ পাছতে বাজেট প্ৰস্তুতৰ মূল গোটটোৱে বিত্ত মন্ত্ৰণালয়ৰ এটা বিশেষ কোঠাত আবদ্ধ হৈ পৰে। সংসদত বাজেট উত্থাপনৰ পাছতহে তেওঁলোকে আন কাৰোবাৰ সৈতে মিলিত হ’ব পাৰে। কিন্তু এইবাৰ এই হালৱাৰ পৰম্পৰাক বাদ দিছে বিত্ত মন্ত্ৰণালয়ে। এইবাৰো বাজেট পেপাৰলেছ হ’ব বুলি প্ৰকাশ পাইছে। মোবাইল এপৰ জৰিয়তে এই বাজেট উপলব্ধ কৰোঁৱা হ’ব। ইয়াৰ বাবে ইউনিয়ন বাজেট মোবাইল এপৰ ব্যৱহাৰ কৰা হ’ব। হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে সুলভ এই মোবাইল এপ কেন্দ্ৰীয় বাজেটৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পৰা যাব। বাজেটৰ সকলো দস্তাবেজ ৱেবছাইটতো পোৱা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন