--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ “ওৱাইন মদ নহয়”- শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এই মত ব্যক্ত কৰাৰ পাছতে এতিয়া মহাৰাষ্ট্ৰৰ চাৰিওফালে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ কালি কেবিনেটে ছুপাৰমাৰ্কেটৰ দোকানসমূহত বিলাসী সুৰা বিক্ৰী কৰিবলৈ অনুমতি দিছে৷ ৰাজ্যিক মন্ত্ৰী নৱাব মালিকে সংবাদ মাধ্যমৰ আগত কয় যে ১,০০০ বৰ্গফুট বা ততোধিক এলেকা থকা ছুপাৰমাৰ্কেট আৰু দোকানসমূহত বৈধভাৱে ৱাইন বিক্ৰী কৰিবলৈ অনুমতি দিয়া হৈছে৷ ৰাজ্যিক মন্ত্ৰীগৰাকীৰ মতে, এই পদক্ষেপে মহাৰাষ্ট্ৰৰ সুৰা উৎপাদকসকলৰ লগতে কৃষকসকলক লাভান্বিত কৰিব। শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে কয় যে চৰকাৰৰ এই পদক্ষেপে কৃষকৰ উপাৰ্জন দুগুণ কৰিব। ৰাজ্যখনত সুৰা তৈয়াৰ কৰিবলৈ ফল, ফুল আৰু মৌ ব্যৱহাৰ কৰা হয়। মহাৰাষ্ট্ৰ চৰকাৰে দাবী কৰিছে যে এই পদক্ষেপ কেৱল কৃষকসকলৰ হিতৰ বাবে। আনহাতে শিৱসেনাৰ নেতাগৰাকীয়ে বিজেপিক সমালোচনা কৰি কয় যে, বিজেপিয়ে কেৱল জনসাধাৰণক উৎপীড়ন কৰে কিন্তু কৃষকসকলৰ হিতৰ বাবে একো কাম নকৰে। বিৰ্তকিত কৃষি আইন কেইখনে বিজেপিৰ ব্যৰ্থতাৰ দিশটোকে উদঙাই দিলে। [caption id="attachment_126152" align="aligncenter" width="415"]সঞ্জয় ৰাউত শিৱসেনাৰ নেতা সঞ্জয় ৰাউত[/caption] অৱশ্যে, ঠাকৰে চৰকাৰৰ এই সিদ্ধান্ত ঘোৰ বিৰোধিতা কৰিছে ৰাজ্যখনৰ বিৰোধী শিবিৰে। মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে চৰকাৰৰ এই সিদ্ধান্তক সমালোচনা কৰি কয় যে “মহাৰাষ্ট্ৰক 'সুৰাৰাজ্য' বা 'সুৰাযুক্ত ৰাজ্য'লৈ পৰিণত কৰাৰ প্ৰচেষ্টা সহ্য কৰা নহ’ব।" তেওঁ এই বিষয়ে টুইট কৰি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। জ্যেষ্ঠ নেতাজনে কয়, "পেট্ৰ’ল আৰু ডিজেলতকৈ সুৰা সস্তা। আনহাতে, বিজেপিৰ প্ৰাক্তন মন্ত্ৰী সুধীৰ মুঙ্গন্তিৱাৰে উদ্ধৱ ঠাকৰে চৰকাৰৰ সিদ্ধান্তক লৈ সোচ্চাৰ হৈ উঠে। তেওঁ আনকি কঠোৰ সুৰত চৰকাৰক সমালোচনা কৰি কয় যে "যদি চৰকাৰ কৃষকসকলক লৈ ইমান চিন্তিত, তেন্তে কেবিনেট বৈঠকত চাহৰ সলনি সুৰা কিয় দিয়া হোৱা নাই!" ইফালে, নৱাব মালিকেও চৰকাৰৰ এই সিদ্ধান্তক সমৰ্থন জনাইছে। তেওঁ বিজেপিক একে সুৰতে প্ৰত্যুত্তৰ দিয়ে যে, বিজেপিৰ চুবুৰীয়া ৰাজ্য গোৱাত একেই নীতি গ্ৰহণ কৰিছে, তেনেস্থলত বিজেপিয়ে ইয়াক কিয় বিৰোধ কৰা নাই। লক্ষ্যণীয় যে মহাৰাষ্ট্ৰ চৰকাৰে কোনো ধৰ্মীয় প্ৰতিষ্ঠান বা শিক্ষানুষ্ঠানৰ কাষত অৱস্থিত ছুপাৰমাৰ্কেটত সুৰা বিক্ৰী কৰিবলৈ অনুমতি দিয়া নাই। তেওঁ কয় যে কৃষকসকলৰ সুবিধাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। শিৱসেনা চৰকাৰৰ এই পদক্ষেপৰ পাছত বিৰোধী বিজেপিয়ে এই কাৰ্যৰ বিৰোধিতা কৰিছে আৰু ইয়াৰ বিৰুদ্ধে বিজেপিয়ে ৰাজপথত নামি প্ৰতিবাদ কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, মহাৰাষ্ট্ৰত বৰ্তমান মিত্ৰজোঁটৰ চৰকাৰ চলি আছে। ইয়াৰ অংশীদাৰ দল হৈছে শিৱসেনা, জাতীয়তাবাদী কংগ্ৰেছ দল আৰু কংগ্ৰেছ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ