--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্লাষ্টিকমুক্ত ৰাজধানী গঢ়াৰ দিশে আৰু এটা খোজ আগবঢ়াইছে চৰকাৰে। দেশৰ ৰাজধানী দিল্লীত ১ জুলাইত কেইবাবিধো প্লাষ্টিকজাতীয় সামগ্ৰী নিষিদ্ধ কৰাৰ ঘোষণা কৰা হৈছে। ১ জুলাইৰ পৰা দিল্লীৰ পৰিৱেশ বিভাগে ১৯ বিধ প্লাষ্টিকজাতীয় সামগ্ৰী বন্ধ কৰাৰ বাবে অভিযান আৰম্ভ কৰিব। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে, ১৯ বিধ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰীৰ উৎপাদন, আমদানি, জমা কৰি ৰখা, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। কেৱল দিল্লীতে নহয় সমগ্ৰ দেশজুৰি কেইবাবিধো প্লাষ্টিকজাতীয় সামগ্ৰী নিষিদ্ধ কৰা হৈছে।  

 

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, চৰকাৰে বন্ধ কৰিবলগীয়া এই সামগ্ৰী ১৯ বিধ হৈছে এয়াৰ বাড, বেলুনত ব্যৱহাৰ কৰা প্লাষ্টিক ষ্টীক, পতাকা, চামুছ, চকলেটৰ ঠাৰি, আইচক্ৰীমৰ ঠাৰি, থাৰ্মোকল প্লেট, কাপ, গিলাছ, কাঁটা চামুছ, চানুছ, ছুৰী, ষ্ট্ৰ, ট্ৰে, মিঠাইৰ টোপোলাত মেৰিওৱা বা টোপোলা বন্ধা কাগজ, আমন্ত্ৰণী পত্ৰ, চিগাৰেট পেকেট, ১০০ মাইক্ৰ’নছতকৈ কম প্লাষ্টিক বা পিভিচি বেনাৰ আদি।

 

এগৰাকী জ্যেষ্ঠ বিষয়াই এই বিষয়াই এই বিষয়ে প্ৰকাশ কৰি কৈছে যে, ‘আমি এনে ১৯ বিধ সামগ্ৰীৰ উৎপাদন, বিতৰণ, ব্যৱহাৰ, বিক্ৰী আদি নিষিদ্ধ কৰাৰ বাবে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছোঁ। এই নিৰ্দেশনা নমনা প্ৰতিষ্ঠান বন্ধ কৰি দিয়া হ’ব।

 

বিষয়াবৰ্গই এনে সামগ্ৰী উৎপাদন কৰা প্ৰতিষ্ঠানবোৰত অভিযানো চলাব। উল্লেখ্য যে, চৰকাৰে কেৱল এই সামগ্ৰীসমূহ বন্ধ কৰাই নহয়, ইয়াৰ বিকল্পসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে ১ জুলাইৰ পৰা এখন তিনিদিনীয়া মেলাৰো আয়োজন কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা