--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্লাষ্টিকমুক্ত ৰাজধানী গঢ়াৰ দিশে আৰু এটা খোজ আগবঢ়াইছে চৰকাৰে। দেশৰ ৰাজধানী দিল্লীত ১ জুলাইত কেইবাবিধো প্লাষ্টিকজাতীয় সামগ্ৰী নিষিদ্ধ কৰাৰ ঘোষণা কৰা হৈছে। ১ জুলাইৰ পৰা দিল্লীৰ পৰিৱেশ বিভাগে ১৯ বিধ প্লাষ্টিকজাতীয় সামগ্ৰী বন্ধ কৰাৰ বাবে অভিযান আৰম্ভ কৰিব। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে যে, ১৯ বিধ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰীৰ উৎপাদন, আমদানি, জমা কৰি ৰখা, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। কেৱল দিল্লীতে নহয় সমগ্ৰ দেশজুৰি কেইবাবিধো প্লাষ্টিকজাতীয় সামগ্ৰী নিষিদ্ধ কৰা হৈছে।  

 

সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, চৰকাৰে বন্ধ কৰিবলগীয়া এই সামগ্ৰী ১৯ বিধ হৈছে এয়াৰ বাড, বেলুনত ব্যৱহাৰ কৰা প্লাষ্টিক ষ্টীক, পতাকা, চামুছ, চকলেটৰ ঠাৰি, আইচক্ৰীমৰ ঠাৰি, থাৰ্মোকল প্লেট, কাপ, গিলাছ, কাঁটা চামুছ, চানুছ, ছুৰী, ষ্ট্ৰ, ট্ৰে, মিঠাইৰ টোপোলাত মেৰিওৱা বা টোপোলা বন্ধা কাগজ, আমন্ত্ৰণী পত্ৰ, চিগাৰেট পেকেট, ১০০ মাইক্ৰ’নছতকৈ কম প্লাষ্টিক বা পিভিচি বেনাৰ আদি।

 

এগৰাকী জ্যেষ্ঠ বিষয়াই এই বিষয়াই এই বিষয়ে প্ৰকাশ কৰি কৈছে যে, ‘আমি এনে ১৯ বিধ সামগ্ৰীৰ উৎপাদন, বিতৰণ, ব্যৱহাৰ, বিক্ৰী আদি নিষিদ্ধ কৰাৰ বাবে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছোঁ। এই নিৰ্দেশনা নমনা প্ৰতিষ্ঠান বন্ধ কৰি দিয়া হ’ব।

 

বিষয়াবৰ্গই এনে সামগ্ৰী উৎপাদন কৰা প্ৰতিষ্ঠানবোৰত অভিযানো চলাব। উল্লেখ্য যে, চৰকাৰে কেৱল এই সামগ্ৰীসমূহ বন্ধ কৰাই নহয়, ইয়াৰ বিকল্পসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে ১ জুলাইৰ পৰা এখন তিনিদিনীয়া মেলাৰো আয়োজন কৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ