--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ  ভূতৰ ওপৰতে যেন  পৰিছে দানহ! হয়, মহাৰাষ্ট্ৰত উদ্ধৱ ঠাকৰেৰ চৰকাৰৰ অস্তিত্বৰ প্ৰতি আহি পৰা ভাবুকিৰ মাজতে মুখ্যমন্ত্ৰী থাকৰেই আজি বিয়লি জৰুৰী কেবিনেট বৈঠক আহ্বান কৰিছিল। সংকট মোচনৰ উপায়ৰ সন্ধান কৰিবলৈ নিজৰ বাসভৱনতে কেবিনেট বৈঠক আহ্বান কৰা মুখ্যমন্ত্ৰী থাকৰেৰ কোভিড পৰীক্ষাৰ ফলাফল পজিটিভ আহিছে।

ফলত বিপাঙত পৰিছে মুখ্যমন্ত্ৰী গৰাকী।  বুধবাৰে মহা বিকাশ আগহাদী চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকৰ পূৰ্বে কংগ্ৰেছ নেতা একাংশই দাবী কৰিছে   যে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে কোভিডত আক্ৰান্ত হৈছে। ৰাজ্যিক কংগ্ৰেছৰ মুৰব্বী নানা পাটোলে আৰু ৰাজ্যখনৰ কংগ্ৰেছ পৰ্যবেক্ষক কমল নাথে দাবী কৰিছে যে উদ্ধৱ থাকৰেৰ কোভিড পৰীক্ষাৰ ফলাফল ইতিবাচক আহিছে। কমল নাথে কয়  যে তেওঁ কেবিনেট বৈঠকৰ আগতে উদ্ধৱ থাকৰেক লগ কৰাৰ কথা আছিল, কিন্তু  থাকৰে কোভিডত আক্ৰান্ত হোৱাৰ পিছত মুখ্যমন্ত্ৰীক লগ ধৰিব পৰা নাই। 
অৱশ্যে, উদ্ধৱ থাকৰেই কেবিনেট বৈঠকত  ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে তেওঁৰ বাসগৃহৰ পৰাই অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। শিৱসেনাৰ ৫৫ জন বিধায়কৰ ভিতৰত প্ৰায় ৪০ জন বিধায়কে গুৱাহাটীত বিদ্ৰোহী একনাথ চিন্দেৰ সৈতে পদত্যাগ কৰিব পাৰে বুলি  তীব্ৰ গুঞ্জন উঠিছে। 

সংকটৰ মাজতে সঞ্জয় ৰাউতে লগতে ইংগিত দিছে যে ৰাজ্যখন ৰাজ্য বিধানসভা ভংগ হোৱাৰ দিশে আগবাঢ়িছে।ৰাউতে এটা টুইটাৰ পোষ্টত এই আশংকা ব্যক্ত কৰিছিল। শিৱসেনাৰ ৩৩ জন আৰু ৭ জন নিৰ্দলীয়সহ মহাৰাষ্ট্ৰৰ মুঠ ৪০ জন বিধায়কে একনাথ চিন্দেলৈ তেওঁলোকৰ সমৰ্থন আগবঢ়াইছে বুলি বিভিন্ন মহলত চৰ্চা হৈছে। 

এক কথাত  পতনৰ দিশে অগ্ৰসৰ হৈছে মহাৰাষ্ট্ৰৰ শিৱসেনা নেতৃত্বৰ ত্ৰিদলীয় চৰকাৰ। সহযোগী দুয়োটা দল ক্ৰমে, কংগ্ৰেছ আৰু এনচিপিৰ মাজত বিভাজন দেখিবলৈ পোৱা নাই যদিও শিৱসেনাৰ বিধায়কসকলৰ মাজত হোৱা বিভাজনে এতিয়া অস্থিৰ কৰি তুলিছে মহাৰাষ্ট্ৰ চৰকাৰ। একনাথ সিন্দেৰ নেতৃত্বত মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙাৰ সকলো পৰিকল্পনা ৰচনা হৈছে। আৰু স্বাভাৱিকতে আঁৰৰ পৰা এই সকলো প্ৰক্ৰিয়াৰে আঁত ধৰিছে বিজেপিয়ে। 

অৱশ্যে একনাথ সিন্দেই বিজেপিৰে সম্পৰ্কত থকাৰ কথা অস্বীকাৰ কৰিছে। কিন্তু মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ বৃহৎ দলটোৱে গুৱাহাটী ৰেডিচন ব্লু হোটেলত বাহৰ পতাটোৱে বহু কথাই স্পষ্ট কৰি তুলিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এটা সময় আহিব ভাৰতীয়ই ইংৰাজী ক'বলৈ লাজ পাব : অমিত শ্বাহ
আজিৰে পৰা আৰম্ভ অম্বুবাচী মেলা
অম্বুবাচী মহাযোগক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা
পেৰিছ ডায়মণ্ড লীগৰ শীৰ্ষ স্থানত নীৰজ চোপ্ৰা
আটছা'ৰ অনুষ্ঠানত শিক্ষা বিভাগক তুলা-ধুনা সাংসদ কামাখ্যা তাছাৰ
টী বেগ ব্যৱহাৰে আপোনাৰ জীৱনলৈ আনিব পাৰে ভয়ংকৰ বিপদ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত