--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ  ভূতৰ ওপৰতে যেন  পৰিছে দানহ! হয়, মহাৰাষ্ট্ৰত উদ্ধৱ ঠাকৰেৰ চৰকাৰৰ অস্তিত্বৰ প্ৰতি আহি পৰা ভাবুকিৰ মাজতে মুখ্যমন্ত্ৰী থাকৰেই আজি বিয়লি জৰুৰী কেবিনেট বৈঠক আহ্বান কৰিছিল। সংকট মোচনৰ উপায়ৰ সন্ধান কৰিবলৈ নিজৰ বাসভৱনতে কেবিনেট বৈঠক আহ্বান কৰা মুখ্যমন্ত্ৰী থাকৰেৰ কোভিড পৰীক্ষাৰ ফলাফল পজিটিভ আহিছে।

ফলত বিপাঙত পৰিছে মুখ্যমন্ত্ৰী গৰাকী।  বুধবাৰে মহা বিকাশ আগহাদী চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকৰ পূৰ্বে কংগ্ৰেছ নেতা একাংশই দাবী কৰিছে   যে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে কোভিডত আক্ৰান্ত হৈছে। ৰাজ্যিক কংগ্ৰেছৰ মুৰব্বী নানা পাটোলে আৰু ৰাজ্যখনৰ কংগ্ৰেছ পৰ্যবেক্ষক কমল নাথে দাবী কৰিছে যে উদ্ধৱ থাকৰেৰ কোভিড পৰীক্ষাৰ ফলাফল ইতিবাচক আহিছে। কমল নাথে কয়  যে তেওঁ কেবিনেট বৈঠকৰ আগতে উদ্ধৱ থাকৰেক লগ কৰাৰ কথা আছিল, কিন্তু  থাকৰে কোভিডত আক্ৰান্ত হোৱাৰ পিছত মুখ্যমন্ত্ৰীক লগ ধৰিব পৰা নাই। 
অৱশ্যে, উদ্ধৱ থাকৰেই কেবিনেট বৈঠকত  ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে তেওঁৰ বাসগৃহৰ পৰাই অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। শিৱসেনাৰ ৫৫ জন বিধায়কৰ ভিতৰত প্ৰায় ৪০ জন বিধায়কে গুৱাহাটীত বিদ্ৰোহী একনাথ চিন্দেৰ সৈতে পদত্যাগ কৰিব পাৰে বুলি  তীব্ৰ গুঞ্জন উঠিছে। 

সংকটৰ মাজতে সঞ্জয় ৰাউতে লগতে ইংগিত দিছে যে ৰাজ্যখন ৰাজ্য বিধানসভা ভংগ হোৱাৰ দিশে আগবাঢ়িছে।ৰাউতে এটা টুইটাৰ পোষ্টত এই আশংকা ব্যক্ত কৰিছিল। শিৱসেনাৰ ৩৩ জন আৰু ৭ জন নিৰ্দলীয়সহ মহাৰাষ্ট্ৰৰ মুঠ ৪০ জন বিধায়কে একনাথ চিন্দেলৈ তেওঁলোকৰ সমৰ্থন আগবঢ়াইছে বুলি বিভিন্ন মহলত চৰ্চা হৈছে। 

এক কথাত  পতনৰ দিশে অগ্ৰসৰ হৈছে মহাৰাষ্ট্ৰৰ শিৱসেনা নেতৃত্বৰ ত্ৰিদলীয় চৰকাৰ। সহযোগী দুয়োটা দল ক্ৰমে, কংগ্ৰেছ আৰু এনচিপিৰ মাজত বিভাজন দেখিবলৈ পোৱা নাই যদিও শিৱসেনাৰ বিধায়কসকলৰ মাজত হোৱা বিভাজনে এতিয়া অস্থিৰ কৰি তুলিছে মহাৰাষ্ট্ৰ চৰকাৰ। একনাথ সিন্দেৰ নেতৃত্বত মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙাৰ সকলো পৰিকল্পনা ৰচনা হৈছে। আৰু স্বাভাৱিকতে আঁৰৰ পৰা এই সকলো প্ৰক্ৰিয়াৰে আঁত ধৰিছে বিজেপিয়ে। 

অৱশ্যে একনাথ সিন্দেই বিজেপিৰে সম্পৰ্কত থকাৰ কথা অস্বীকাৰ কৰিছে। কিন্তু মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ বৃহৎ দলটোৱে গুৱাহাটী ৰেডিচন ব্লু হোটেলত বাহৰ পতাটোৱে বহু কথাই স্পষ্ট কৰি তুলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ