--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপিৰ নিলম্বিত নেত্ৰী নূপুৰ শৰ্মাৰ মন্তব্যক সমৰ্থন কৰা বাবেই ৰাজস্থানৰ উদয়পুৰত কালি অতি নৃশংসভাৱে হত্যা কৰা হৈছিল এগৰাকী দৰ্জী কানহায়ালাল লালক৷ আৰু সেই হত্যাকাণ্ডৰ পাছতেই ক্ষোভৰ দাবানলে দহিছে ৰাজস্থান৷ এমাহ পৰ্যন্ত জাৰি হৈছে সান্ধ্য আইন৷ বাতিল হৈছে ইণ্টাৰনেট সেৱা৷ সমগ্ৰ ৰাজস্থানত নিষিদ্ধ কৰা হৈছে বৃহৎ সমাৱেশ৷

আৰু শেহতীয়া খবৰ অনুসৰি, উদয়পুৰৰ দৰ্জী কানহাইয়া লালৰ এজন হত্যাকাৰীৰ পাক-ভিত্তিক সন্ত্ৰাসবাদী গোটৰ সৈতে সম্পৰ্ক আছিল বুলি তথ্য পোহৰলৈ আহিছে আৰু তেওঁৰ ফোনত ১০টা পাকিস্তানৰ নম্বৰ আছিল বুলি সূত্ৰযোগে প্ৰকাশ৷ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই তদন্ত চলাই থকা গোচৰটোত আৰু পাঁচজনক আটক কৰা হৈছে।

এজন অভিযুক্ত মহম্মদ ৰিয়াছ আনছাৰী পাকিস্তানভিত্তিক সন্ত্ৰাসবাদী গোটৰ সৈতে সম্পৰ্কত আছিল। গুলাম গাউছে ২০১৪ চনত কৰাচী ভ্ৰমণ কৰিছিল। কানহাইয়া লালক হত্যা কৰাৰ আগতে তেওঁলোকে বহুতো আইএছআইএছ ভিডিঅ’ চাইছিল আৰু পাকিস্তানলৈ একাধিক ফোন কৰিছিল৷ এই চাঞ্চল্যকৰ তথ্য সদৰী কৰিছে আৰক্ষী আৰু অশোক গেহলট চৰকাৰৰ দ্বাৰা গঠন কৰা বিশেষ অনুসন্ধান দলৰ বিশেষ সূত্ৰই৷ 

সূত্ৰই জনোৱা মতে ৰিয়াছ আনছাৰীয়ে দাৱাত-ই-ইছলাম নামৰ পাকিস্তানভিত্তিক সন্ত্ৰাসবাদী সংগঠন এটাৰ সৈতে সম্পৰ্কত আছিল। আনজন অভিযুক্ত দুবাৰ নেপাললৈ গৈছে আৰু কেইটামান সন্ত্ৰাসবাদী গোটৰ সৈতে যোগাযোগত আছিল। ডুবাইতো তেওঁৰ সম্পৰ্ক আছিল বুলি সূত্ৰই সদৰী কৰে৷

ৰিয়াছে যোৱা এসপ্তাহ ধৰি কানহাইয়া লালৰ দোকান খোলাৰ বাবে অপেক্ষা কৰি আছিল। আৰু অতি সুপৰিকল্পিতভাৱে ব্লুপ্ৰিণ্ট ৰচিছিল কানহায়ালালক হত্যাৰ৷

আৰু এই ঘটনাত ইন্ধন যোগাই সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিবপৰা এটা টুইট কৰিছিল ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এগৰাকী সাংবাদিকে৷ জনৈক ভদৌৰিয়া নামৰ সাংবাদিকগৰাকীয়ে উদয়পুৰৰ ঘটনাৰ আলম লৈ কৰিছিল এটি আপত্তিজনক টুইট৷ ভুৱা তথ্যৰে বিভ্ৰান্তিৰ সৃষ্টি কৰিব পৰা সেই টুইটটোৰ পাছতে সৃষ্টি হৈছিল বিতৰ্কৰ৷ আৰু তীব্ৰ বিতৰ্ক আৰু বাদানুবাদৰ পাছত আৰক্ষীৰ ৰোষত পৰাৰ ভয়ত উক্ত টুইটটো ডিলিট কৰিবলৈ বাধ্য হয় সাংবাদিকগৰাকী৷ সাংবাদিকগৰাকীৰ এই কাৰ্যই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৰ্বত্ৰ৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ