--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপিৰ নিলম্বিত নেত্ৰী নূপুৰ শৰ্মাৰ মন্তব্যক সমৰ্থন কৰা বাবেই ৰাজস্থানৰ উদয়পুৰত কালি অতি নৃশংসভাৱে হত্যা কৰা হৈছিল এগৰাকী দৰ্জী কানহায়ালাল লালক৷ আৰু সেই হত্যাকাণ্ডৰ পাছতেই ক্ষোভৰ দাবানলে দহিছে ৰাজস্থান৷ এমাহ পৰ্যন্ত জাৰি হৈছে সান্ধ্য আইন৷ বাতিল হৈছে ইণ্টাৰনেট সেৱা৷ সমগ্ৰ ৰাজস্থানত নিষিদ্ধ কৰা হৈছে বৃহৎ সমাৱেশ৷

আৰু শেহতীয়া খবৰ অনুসৰি, উদয়পুৰৰ দৰ্জী কানহাইয়া লালৰ এজন হত্যাকাৰীৰ পাক-ভিত্তিক সন্ত্ৰাসবাদী গোটৰ সৈতে সম্পৰ্ক আছিল বুলি তথ্য পোহৰলৈ আহিছে আৰু তেওঁৰ ফোনত ১০টা পাকিস্তানৰ নম্বৰ আছিল বুলি সূত্ৰযোগে প্ৰকাশ৷ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই তদন্ত চলাই থকা গোচৰটোত আৰু পাঁচজনক আটক কৰা হৈছে।

এজন অভিযুক্ত মহম্মদ ৰিয়াছ আনছাৰী পাকিস্তানভিত্তিক সন্ত্ৰাসবাদী গোটৰ সৈতে সম্পৰ্কত আছিল। গুলাম গাউছে ২০১৪ চনত কৰাচী ভ্ৰমণ কৰিছিল। কানহাইয়া লালক হত্যা কৰাৰ আগতে তেওঁলোকে বহুতো আইএছআইএছ ভিডিঅ’ চাইছিল আৰু পাকিস্তানলৈ একাধিক ফোন কৰিছিল৷ এই চাঞ্চল্যকৰ তথ্য সদৰী কৰিছে আৰক্ষী আৰু অশোক গেহলট চৰকাৰৰ দ্বাৰা গঠন কৰা বিশেষ অনুসন্ধান দলৰ বিশেষ সূত্ৰই৷ 

সূত্ৰই জনোৱা মতে ৰিয়াছ আনছাৰীয়ে দাৱাত-ই-ইছলাম নামৰ পাকিস্তানভিত্তিক সন্ত্ৰাসবাদী সংগঠন এটাৰ সৈতে সম্পৰ্কত আছিল। আনজন অভিযুক্ত দুবাৰ নেপাললৈ গৈছে আৰু কেইটামান সন্ত্ৰাসবাদী গোটৰ সৈতে যোগাযোগত আছিল। ডুবাইতো তেওঁৰ সম্পৰ্ক আছিল বুলি সূত্ৰই সদৰী কৰে৷

ৰিয়াছে যোৱা এসপ্তাহ ধৰি কানহাইয়া লালৰ দোকান খোলাৰ বাবে অপেক্ষা কৰি আছিল। আৰু অতি সুপৰিকল্পিতভাৱে ব্লুপ্ৰিণ্ট ৰচিছিল কানহায়ালালক হত্যাৰ৷

আৰু এই ঘটনাত ইন্ধন যোগাই সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিবপৰা এটা টুইট কৰিছিল ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এগৰাকী সাংবাদিকে৷ জনৈক ভদৌৰিয়া নামৰ সাংবাদিকগৰাকীয়ে উদয়পুৰৰ ঘটনাৰ আলম লৈ কৰিছিল এটি আপত্তিজনক টুইট৷ ভুৱা তথ্যৰে বিভ্ৰান্তিৰ সৃষ্টি কৰিব পৰা সেই টুইটটোৰ পাছতে সৃষ্টি হৈছিল বিতৰ্কৰ৷ আৰু তীব্ৰ বিতৰ্ক আৰু বাদানুবাদৰ পাছত আৰক্ষীৰ ৰোষত পৰাৰ ভয়ত উক্ত টুইটটো ডিলিট কৰিবলৈ বাধ্য হয় সাংবাদিকগৰাকী৷ সাংবাদিকগৰাকীৰ এই কাৰ্যই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সৰ্বত্ৰ৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ