--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্রতিযোগিতাত মুঠ ৮ দলে খিতাপ জয়ৰ বাবে প্রতিদ্বন্দ্বিতা কৰিব। সূর্যকুমাৰ যাদৱৰ নেতৃত্বৰ ভাৰতীয় দলটোক প্রতিযোগিতাৰ ফেভাৰিট বুলি ধৰা হৈছে।

ডিজিটেল ডেস্ক : এছিয়া কাপ ক্রিকেট প্রতিযোগিতা আজিৰে পৰা সংযুক্ত আৰব আমিৰাটত (ইউ এ ই) আৰম্ভ হ'ব। উল্লেখযোগ্য যে প্রতিযোগিতাখনৰ আয়োজক হ'ল ভাৰত। আজি সন্ধিয়া ৮ বজাৰ পৰা আৰু ঢাবিত হ'বলগীয়া উদ্বোধনী মেচত প্রতিদ্বন্দ্বিতা কৰিব আফগানিস্তানে হংকঙৰ বিৰুদ্ধে। দুয়োটা দলে ইয়াৰ আগতে ৫খন মেচ খেলিছে। ইয়াৰে তিনিখনত আফগানিস্তান আৰু দুখনত হংকং জয়ী হৈছে।


প্রতিযোগিতাত মুঠ ৮ দলে খিতাপ জয়ৰ বাবে প্রতিদ্বন্দ্বিতা কৰিব। সূর্যকুমাৰ যাদৱৰ নেতৃত্বৰ ভাৰতীয় দলটোক প্রতিযোগিতাৰ ফেভাৰিট বুলি ধৰা হৈছে। অৱশ্যে পাকিস্তান আৰু শ্রীলংকায়ো প্রতিযোগিতাখনত যে তীব্র প্রত্যাহ্বানৰ সৃষ্টি কৰিব সেইটো নিশ্চিত। প্রতিযোগিতাত অংশগ্ৰহণ কৰা ৮ দলৰ ভিতৰত সূর্যকুমাৰ যাদৱৰ নেতৃত্বৰ ভাৰতে টি-২০ বিশ্ব কাপৰ পাছত যোৱা ১৫ মাহত খেলা ৮০% মেচত জয় লাভ কৰিছে।


বিশ্ব চেম্পিয়ন ভাৰতে যোৱা ১৫ মাহত খেলা ২০খন টি-২০ মেচৰ ভিতৰত ১৬খনত জয়ী আৰু তিনিখনত পৰাজিত হৈছে। ইফালে, পাকিস্তানে এই সময়ছোৱাত খেলা ২৪খন টি-২০ মেচৰ ভিতৰত ১১খনত জয়ী আৰু ১৩খনত পৰাজিত হৈছে। পাকিস্তানৰ জয়ৰ হাৰ হ'ল ৪৬%। এছিয়াম কাপত পাকিস্তানক নেতৃত্ব দিব ছলমান আগাই। বিশ্ব কাপত ছেমি ফাইনেল খেলা আফগানিস্তানে যোৱা ১৫ মাহত খেলা ৫খন মেচৰ তিনিখনত জয়ী হৈছে আৰু দুখনত পৰাজিত হৈছে। আফগানিস্তানক নেতৃত্ব দিছে বাছিদ খানে। ইফালে, এছিয়া কাপৰ পূৰ্বৰ চেম্পিয়ন শ্রীলংকাই বিশ্ব কাপৰ পাছত খেলা ১৪খন মেচত জয়ৰ হাৰ হ'ল মাত্র ৩৫%। চৰিত আছালেংকাৰ দলটোৱে ৮খনত পৰাজয় আৰু ৫খনত জয়ী হৈছে। দলটো তিনিটা শৃংখলাত পৰাজিত হৈছে।


ইফালে, মেচৰ ১০খনত জয়ী আৰু সমসংখ্যক মেচত পৰাজিত হৈছে। প্রতিযোগিতাত লিটন দাসে নেতৃত্ব দিয়া দলটো সাতটা শৃংখলাৰ চাৰিটাত জয়ী আৰু তিনিটাত পৰাজিত হৈছে। এই সময়ছোৱাত ইউ এ ইয়ে খেলা ২৭খন মেচৰ ২০খনত জয়ী হৈছে। হংকঙে বিশ্ব কাপৰ পাছত খেলা ২৭খন মেচৰ ১৪খনত জয়লাভ কৰিছে। ইফালে প্ৰথমবাৰৰ বাবে এছিয়া কাপত খেলা ওমানৰ প্রদর্শন ভাল নহয়। দলটোৱে যোৱা বছৰ অনুষ্ঠিত হোৱা বিশ্ব কাপৰ পাছত খেলা ১৫খন মেচৰ মাত্র চাৰিখনতহে জয়ী হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল