--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰাচীন ভাৰতীয় সভ্যতাত এক পৰিচিত শব্দ হৈছে ‘ইচ্ছামৃত্যু’৷ জীৱনৰ গতিশীলতাক ৰুদ্ধ কৰিবৰ বাবে এটা সময়ত ইচ্ছামৃত্যুক আঁকোৱালি লোৱাৰ কথা বৰ্তমান সময়ত সহজজাত নহয়৷ বিশ্বত আত্মহত্যাৰ দৰে ঘটনা ক্ৰমাৎ বৃদ্ধি হ’বলৈ ধৰিছে৷ বহুলোকে মানসিক অশান্তি, আৰ্থিক দুৰৱস্থা, দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আত্মহত্যাৰ দৰে পথ বাছি লোৱা দেখা যায়৷ বৰ্তমানেও কিন্তু ভাৰতত ইচ্ছামৃত্যু বৈধ বুলি ঘোষণা কৰা নাই আইন-আদালতে৷

ইপিনে দেশত দিনক দিনে বৃদ্ধি পাই আহিব ধৰা বিভিন্ন দুৰাৰোগ্যত আক্ৰান্ত ৰোগীয়ে বহু সময়ত ইচ্ছামৃত্যুক কামনা কৰে৷ বহুতে আকৌ আৰ্থিক দুৰৱস্থা তথা বহু মানসিক ৰোগত আক্ৰান্ত হৈয়ো কামনা কৰে ইচ্ছামৃত্যুৰ৷

কোনো যন্ত্ৰণা, বেদনা নোহোৱাকৈ মৃত্যুক সাবটি লোৱাৰ এক যন্ত্ৰ তৈয়াৰ কৰি উলিয়াইছে ছুইজাৰলেণ্ডে৷ কেৱল মাত্ৰ ১ মিনিটতে বেদনাবিহীনভাৱে মৃত্যুৰ কোলাত শুই পৰিব পৰা ছুইজাৰলেণ্ডৰ ডাঃ ফিলিপ নিৎসেৰ পৰামৰ্শমৰ্মে এই বিশেষ পডটো তৈয়াৰ কৰা হৈছিল৷ দেখাত কেপচুল আকৃতিৰ এই ছুইচাইড পডটোৰ ভিতৰত অক্সিজেনৰ মাত্ৰা ইমানেই কম কৰি দিয়া হৈছে যে, ইয়াৰ ভিতৰত প্ৰৱেশ কৰাৰ এক মিনিটৰ পাছতে মৃত্যুক সাবটি লয়৷ অৱশ্যে এই ছুইচাইড পডটো ২০২২ চনতহে আনুষ্ঠানিকভাৱে মুকলি কৰিব বুলি জানিবলৈ পোৱা গৈছে৷

উল্লেখ্য যে ছুইজাৰলেণ্ডত বিভিন্ন কাৰণত বিগত বৰ্ষত ১৩০০জনে ইচ্ছামৃত্যুৰ বাবে আৱেদন জনাইছিল৷ ভাৰততো বহুলোকে ইচ্ছামৃত্যুৰ আৱেদন জনাইছিল যদিও ভাৰতত এতিয়াও ইচ্ছামৃত্যুক বৈধতা ঘোষণা কৰা নাই৷ অৱশ্যে বহু মানৱধিকাৰ সংগঠনে এই মেচিনটোৰ জৰিয়তে ছুইজাৰলেণ্ডত মহিমামণ্ডিত কৰা বুলি দাবী জনাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু