--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰাচীন ভাৰতীয় সভ্যতাত এক পৰিচিত শব্দ হৈছে ‘ইচ্ছামৃত্যু’৷ জীৱনৰ গতিশীলতাক ৰুদ্ধ কৰিবৰ বাবে এটা সময়ত ইচ্ছামৃত্যুক আঁকোৱালি লোৱাৰ কথা বৰ্তমান সময়ত সহজজাত নহয়৷ বিশ্বত আত্মহত্যাৰ দৰে ঘটনা ক্ৰমাৎ বৃদ্ধি হ’বলৈ ধৰিছে৷ বহুলোকে মানসিক অশান্তি, আৰ্থিক দুৰৱস্থা, দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আত্মহত্যাৰ দৰে পথ বাছি লোৱা দেখা যায়৷ বৰ্তমানেও কিন্তু ভাৰতত ইচ্ছামৃত্যু বৈধ বুলি ঘোষণা কৰা নাই আইন-আদালতে৷

ইপিনে দেশত দিনক দিনে বৃদ্ধি পাই আহিব ধৰা বিভিন্ন দুৰাৰোগ্যত আক্ৰান্ত ৰোগীয়ে বহু সময়ত ইচ্ছামৃত্যুক কামনা কৰে৷ বহুতে আকৌ আৰ্থিক দুৰৱস্থা তথা বহু মানসিক ৰোগত আক্ৰান্ত হৈয়ো কামনা কৰে ইচ্ছামৃত্যুৰ৷

কোনো যন্ত্ৰণা, বেদনা নোহোৱাকৈ মৃত্যুক সাবটি লোৱাৰ এক যন্ত্ৰ তৈয়াৰ কৰি উলিয়াইছে ছুইজাৰলেণ্ডে৷ কেৱল মাত্ৰ ১ মিনিটতে বেদনাবিহীনভাৱে মৃত্যুৰ কোলাত শুই পৰিব পৰা ছুইজাৰলেণ্ডৰ ডাঃ ফিলিপ নিৎসেৰ পৰামৰ্শমৰ্মে এই বিশেষ পডটো তৈয়াৰ কৰা হৈছিল৷ দেখাত কেপচুল আকৃতিৰ এই ছুইচাইড পডটোৰ ভিতৰত অক্সিজেনৰ মাত্ৰা ইমানেই কম কৰি দিয়া হৈছে যে, ইয়াৰ ভিতৰত প্ৰৱেশ কৰাৰ এক মিনিটৰ পাছতে মৃত্যুক সাবটি লয়৷ অৱশ্যে এই ছুইচাইড পডটো ২০২২ চনতহে আনুষ্ঠানিকভাৱে মুকলি কৰিব বুলি জানিবলৈ পোৱা গৈছে৷

উল্লেখ্য যে ছুইজাৰলেণ্ডত বিভিন্ন কাৰণত বিগত বৰ্ষত ১৩০০জনে ইচ্ছামৃত্যুৰ বাবে আৱেদন জনাইছিল৷ ভাৰততো বহুলোকে ইচ্ছামৃত্যুৰ আৱেদন জনাইছিল যদিও ভাৰতত এতিয়াও ইচ্ছামৃত্যুক বৈধতা ঘোষণা কৰা নাই৷ অৱশ্যে বহু মানৱধিকাৰ সংগঠনে এই মেচিনটোৰ জৰিয়তে ছুইজাৰলেণ্ডত মহিমামণ্ডিত কৰা বুলি দাবী জনাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ