--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সাধাৰণতে বহুজাতিক কোম্পানীত কৰ্মৰত কৰ্মচাৰীয়ে ঊৰ্ধ্বতন কৰ্তৃপক্ষ বা ব’চৰ কঠোৰ অনুশাসন মানি চলিব লাগে৷ বিভিন্ন সময়ত কোম্পানীৰ ব’চে কৰ্মচাৰীক নানান গালি-গালাজ পাৰি কোম্পানীৰ কাম আদায় কৰা কথা তেনেই সাধাৰণ৷ কিন্তু বৰ্তমান কোম্পানীৰ ব’চে কৰ্মচাৰীৰৰ হিতৰ বিপৰীতে লোৱা এক আশ্চৰ্যকৰ ঘটনাই এতিয়া সকলোৰে চকু কপালত তুলিছে৷


যাক গণছাঁটাই বুলি কোৱা হয়, তাৰ যে উপযুক্ত উদাহৰণ দেখুৱালে ব’চে৷ নিউয়ৰ্কৰ এটা প্ৰতিষ্ঠান যাৰ নাম হৈছে ‘Better.com’৷ এই কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াজন হৈছে ভাৰতীয় মূলৰ যাৰ নাম বিশাল গাৰ্গ৷ প্ৰবাসী এই ভাৰতীয়জনে মাত্ৰ তিনি মিনিটৰ জুম মিটিঙত কোম্পানীত কৰ্মৰত ১৫ শতাংশ কৰ্মচাৰীক ছাঁটাই কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যমৰ মতে, এই ১৫ শতাংশ ভিতৰত প্ৰায় ৯০০ৰো অধিক কৰ্মচাৰী অন্তৰ্ভুক্ত হৈছে৷ কোম্পানীটোৱে এক গুৰুত্বপূৰ্ণ বৈঠক আহ্বান কৰিছিল আৰু কৰ্মচাৰীসকলও সময়মতে উপস্থিত হৈছিল। হঠাতে, চিই্’-এ সভাত উপস্থিত হৈছিল আৰু ঘোষণা কৰিছিল যে কোম্পানীটোৱে ১৫ শতাংশ কৰ্মচাৰীক ছাঁটাই কৰাৰ সিদ্ধান্ত লৈছিল। এই কথা শুনি স্বাভাৱিকতে কৰ্মচাৰীসকলৰ মূৰত যেন সৰগ খহি পৰিল। কাৰণ তেওঁলোকে তেতিয়ালৈকে অৱগত নাছিল যে, কিহৰ ফলত তেওঁলোকৰ ছাঁটাই কৰা হৈছে৷

সভাত বিশালে কয়, “মই আপোনালোকৈ ভাল খবৰ অনা নাই। আমাৰ বজাৰখন দ্ৰুতগতিত সলনি হ’ব ধৰিছে। কোম্পানীটোৱে যথেষ্ট লোকচানৰ সন্মুখীন হৈছে৷ বজাৰত টিকি থাকিব লগা হোৱাৰ বাবে কোম্পানীটোৱে এই কঠিন সিদ্ধান্ত ল’বলগা হৈছে। দ্বিতীয়বাৰৰ বাবে মই কৰ্মচাৰীসকলক এনেধৰণে ছাঁটাই কৰিব লগা হৈছে, যিটো অতিকৈ এটা কঠিন কাম।” জুম কলৰ ভিডিঅ’ ইতিমধ্যে নেটত ভাইৰেল হৈ পৰিছে। উল্লেখ্য যে, চাকৰিৰ পৰা অব্যাহতি দিয়া কিছুমান কৰ্মচাৰীয়ে ইয়াক ৰাজহুৱা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ