--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সাধাৰণতে বহুজাতিক কোম্পানীত কৰ্মৰত কৰ্মচাৰীয়ে ঊৰ্ধ্বতন কৰ্তৃপক্ষ বা ব’চৰ কঠোৰ অনুশাসন মানি চলিব লাগে৷ বিভিন্ন সময়ত কোম্পানীৰ ব’চে কৰ্মচাৰীক নানান গালি-গালাজ পাৰি কোম্পানীৰ কাম আদায় কৰা কথা তেনেই সাধাৰণ৷ কিন্তু বৰ্তমান কোম্পানীৰ ব’চে কৰ্মচাৰীৰৰ হিতৰ বিপৰীতে লোৱা এক আশ্চৰ্যকৰ ঘটনাই এতিয়া সকলোৰে চকু কপালত তুলিছে৷


যাক গণছাঁটাই বুলি কোৱা হয়, তাৰ যে উপযুক্ত উদাহৰণ দেখুৱালে ব’চে৷ নিউয়ৰ্কৰ এটা প্ৰতিষ্ঠান যাৰ নাম হৈছে ‘Better.com’৷ এই কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াজন হৈছে ভাৰতীয় মূলৰ যাৰ নাম বিশাল গাৰ্গ৷ প্ৰবাসী এই ভাৰতীয়জনে মাত্ৰ তিনি মিনিটৰ জুম মিটিঙত কোম্পানীত কৰ্মৰত ১৫ শতাংশ কৰ্মচাৰীক ছাঁটাই কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যমৰ মতে, এই ১৫ শতাংশ ভিতৰত প্ৰায় ৯০০ৰো অধিক কৰ্মচাৰী অন্তৰ্ভুক্ত হৈছে৷ কোম্পানীটোৱে এক গুৰুত্বপূৰ্ণ বৈঠক আহ্বান কৰিছিল আৰু কৰ্মচাৰীসকলও সময়মতে উপস্থিত হৈছিল। হঠাতে, চিই্’-এ সভাত উপস্থিত হৈছিল আৰু ঘোষণা কৰিছিল যে কোম্পানীটোৱে ১৫ শতাংশ কৰ্মচাৰীক ছাঁটাই কৰাৰ সিদ্ধান্ত লৈছিল। এই কথা শুনি স্বাভাৱিকতে কৰ্মচাৰীসকলৰ মূৰত যেন সৰগ খহি পৰিল। কাৰণ তেওঁলোকে তেতিয়ালৈকে অৱগত নাছিল যে, কিহৰ ফলত তেওঁলোকৰ ছাঁটাই কৰা হৈছে৷

সভাত বিশালে কয়, “মই আপোনালোকৈ ভাল খবৰ অনা নাই। আমাৰ বজাৰখন দ্ৰুতগতিত সলনি হ’ব ধৰিছে। কোম্পানীটোৱে যথেষ্ট লোকচানৰ সন্মুখীন হৈছে৷ বজাৰত টিকি থাকিব লগা হোৱাৰ বাবে কোম্পানীটোৱে এই কঠিন সিদ্ধান্ত ল’বলগা হৈছে। দ্বিতীয়বাৰৰ বাবে মই কৰ্মচাৰীসকলক এনেধৰণে ছাঁটাই কৰিব লগা হৈছে, যিটো অতিকৈ এটা কঠিন কাম।” জুম কলৰ ভিডিঅ’ ইতিমধ্যে নেটত ভাইৰেল হৈ পৰিছে। উল্লেখ্য যে, চাকৰিৰ পৰা অব্যাহতি দিয়া কিছুমান কৰ্মচাৰীয়ে ইয়াক ৰাজহুৱা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু