--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াই ভাৰতক ঘূৰাই দিলে ৫০০ বছৰ পুৰণি এটা হনুমানৰ মূৰ্তি। তামিলনাডুৰ আৰিয়ালুৰ জিলাৰ এটা মন্দিৰৰ পৰা চুৰি হৈছিল ব্ৰঞ্জৰে নিৰ্মিত হনুমানৰ মূৰ্তিটো। ২০১২ চনৰ ৯ এপ্ৰিলত আৰিয়ালুৰৰ ভেলুৰ গাঁৱৰ বৰধাৰাজা পেৰুমল মন্দিৰৰ পৰা মূৰ্তিটো চুৰি হোৱাৰ তথ্য পোহৰলৈ আহিছিল। ১০ বছৰৰ পাছত পুনৰ উদ্ধাৰ হ'ল হনুমানৰ মূৰ্তিটো। নিউয়ৰ্কৰ ক্ৰিষ্টিত নিলাম হোৱা সেই বিশেষ মূৰ্তিটো ক্ৰয় কৰিছিল অষ্ট্ৰেলিয়াৰ এজন ব্যক্তিয়ে। তামিলনাডুৰ আইডল শাখাই উদ্ধাৰ কৰে মূৰ্তিটো। এডিএছপি ৰাজাৰামে প্ৰতিমূৰ্তিটো ক্ৰিষ্টিজৰ নিলাম ৱেবছাইটত বিক্ৰীৰ বাবে ৰখাৰ পিছত ইয়াক চিনাক্ত কৰিছিল। তাৰ পিছত তেওঁ মূৰ্তিটোৰ ছবিখন ডাউনলোড কৰি মূৰ্তিটো তন্নতন্নকৈ পৰীক্ষা কৰাৰ পাছত নিশ্চিত হৈছিল যে এই মূৰ্তিটো বৰধাৰাজা পেৰুমল মন্দিৰৰ পৰা চুৰি হোৱা হনুমানজীৰ মূৰ্তিটো হয়। অষ্ট্ৰেলিয়া কৰ্তৃপক্ষই এই কথা গম পোৱাৰ পাছত মূৰ্তিটো ভাৰতলৈ ঘূৰাই পঠোৱাৰ ব্যৱস্থা কৰে। কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে বুধবাৰে কয় যে "তামিলনাডুৰ পৰা এক দশক আগতে চুৰি হোৱা আৰু বিদেশলৈ চোৰাংকৈ অনা ভগৱান হনুমানৰ এটা ব্ৰঞ্জৰ মূৰ্তি শীঘ্ৰেই ভাৰতলৈ ঘূৰাই অনা হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হোমলেণ্ড চিকিউৰিটিৰ দ্বাৰা উদ্ধাৰ কৰা চুৰি হোৱা মূৰ্তিটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিডিএ-য়ে হস্তান্তৰ কৰিছিল। মঙলবাৰে মূৰ্তিটো কেনবেৰাত অষ্ট্ৰেলিয়ান চাৰ্গে ডি'এফেয়াৰ্ছ মাইকেল গোল্ডমেনে ভাৰতীয় উচ্চায়ুক্ত মনপ্ৰীত ভোহৰাক ঘূৰাই দিয়ে। নিউয়ৰ্কস্থিত নিলাম প্ৰতিষ্ঠানটো আৰু অষ্ট্ৰেলিয়াৰ ক্ৰেতাগৰাকীয়ে হনুমানৰ মূৰ্তিটো চুৰি মূৰ্তি হোৱাৰ বিষয়ে অজ্ঞাত আছিল বুলি সদৰী কৰে। উল্লেখ্য যে তামিলনাডু চৰকাৰে যোৱা সাত বছৰত প্ৰায় ২১২ টা শিল্পকলা উদ্ধাৰ কৰিছে, ইয়াৰ সৰহসংখ্যকেই মুখ্যতঃ মূৰ্তি। আৰু পঢ়কঃ বলীউডত খোজ পেলাবলৈ সাজু শ্বাহৰুখ কন্যা ছুহানা খান;ছবি পৰিচালনা কাৰ?

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ