--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াই ভাৰতক ঘূৰাই দিলে ৫০০ বছৰ পুৰণি এটা হনুমানৰ মূৰ্তি। তামিলনাডুৰ আৰিয়ালুৰ জিলাৰ এটা মন্দিৰৰ পৰা চুৰি হৈছিল ব্ৰঞ্জৰে নিৰ্মিত হনুমানৰ মূৰ্তিটো। ২০১২ চনৰ ৯ এপ্ৰিলত আৰিয়ালুৰৰ ভেলুৰ গাঁৱৰ বৰধাৰাজা পেৰুমল মন্দিৰৰ পৰা মূৰ্তিটো চুৰি হোৱাৰ তথ্য পোহৰলৈ আহিছিল। ১০ বছৰৰ পাছত পুনৰ উদ্ধাৰ হ'ল হনুমানৰ মূৰ্তিটো। নিউয়ৰ্কৰ ক্ৰিষ্টিত নিলাম হোৱা সেই বিশেষ মূৰ্তিটো ক্ৰয় কৰিছিল অষ্ট্ৰেলিয়াৰ এজন ব্যক্তিয়ে। তামিলনাডুৰ আইডল শাখাই উদ্ধাৰ কৰে মূৰ্তিটো। এডিএছপি ৰাজাৰামে প্ৰতিমূৰ্তিটো ক্ৰিষ্টিজৰ নিলাম ৱেবছাইটত বিক্ৰীৰ বাবে ৰখাৰ পিছত ইয়াক চিনাক্ত কৰিছিল। তাৰ পিছত তেওঁ মূৰ্তিটোৰ ছবিখন ডাউনলোড কৰি মূৰ্তিটো তন্নতন্নকৈ পৰীক্ষা কৰাৰ পাছত নিশ্চিত হৈছিল যে এই মূৰ্তিটো বৰধাৰাজা পেৰুমল মন্দিৰৰ পৰা চুৰি হোৱা হনুমানজীৰ মূৰ্তিটো হয়। অষ্ট্ৰেলিয়া কৰ্তৃপক্ষই এই কথা গম পোৱাৰ পাছত মূৰ্তিটো ভাৰতলৈ ঘূৰাই পঠোৱাৰ ব্যৱস্থা কৰে। কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে বুধবাৰে কয় যে "তামিলনাডুৰ পৰা এক দশক আগতে চুৰি হোৱা আৰু বিদেশলৈ চোৰাংকৈ অনা ভগৱান হনুমানৰ এটা ব্ৰঞ্জৰ মূৰ্তি শীঘ্ৰেই ভাৰতলৈ ঘূৰাই অনা হ'ব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ হোমলেণ্ড চিকিউৰিটিৰ দ্বাৰা উদ্ধাৰ কৰা চুৰি হোৱা মূৰ্তিটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিডিএ-য়ে হস্তান্তৰ কৰিছিল। মঙলবাৰে মূৰ্তিটো কেনবেৰাত অষ্ট্ৰেলিয়ান চাৰ্গে ডি'এফেয়াৰ্ছ মাইকেল গোল্ডমেনে ভাৰতীয় উচ্চায়ুক্ত মনপ্ৰীত ভোহৰাক ঘূৰাই দিয়ে। নিউয়ৰ্কস্থিত নিলাম প্ৰতিষ্ঠানটো আৰু অষ্ট্ৰেলিয়াৰ ক্ৰেতাগৰাকীয়ে হনুমানৰ মূৰ্তিটো চুৰি মূৰ্তি হোৱাৰ বিষয়ে অজ্ঞাত আছিল বুলি সদৰী কৰে। উল্লেখ্য যে তামিলনাডু চৰকাৰে যোৱা সাত বছৰত প্ৰায় ২১২ টা শিল্পকলা উদ্ধাৰ কৰিছে, ইয়াৰ সৰহসংখ্যকেই মুখ্যতঃ মূৰ্তি। আৰু পঢ়কঃ বলীউডত খোজ পেলাবলৈ সাজু শ্বাহৰুখ কন্যা ছুহানা খান;ছবি পৰিচালনা কাৰ?

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপৰ পূৰ্বে শুভমন গিল অসুস্থ ! দুলীপ ট্ৰফীৰ পৰা বাহিৰ হ'ল শুভমন গিল
কলিয়াবৰত শিৰত সেন্দূৰ লৈ, ডিঙিত মংগলসূত্ৰ পিন্ধি হিন্দু বুলি পৰিচয় মুছলিম মহিলাৰ! আটক ৩
আহমেদাবাদত অনুষ্ঠিত কমনৱেলথ গেছমত চৰাইদেউৰ চাৰি ভাৰ উত্তোলকৰ সোণৰ পদক অৰ্জন
ৰ’দৰ সংস্পৰ্শলৈ নাহিও ভিটামিন ডিৰ অভাৱ পূৰণ কৰিব পৰা যায়;  এই খাদ্যসমূহ খাব লাগিব
১ টা বলত ২২ ৰান ! CPL ২০২৫-ত আৰ চি বিৰ খেলুৱৈয়ে ৰচিলে ইতিহাস
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক