--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ২৩ ফেব্ৰুৱাৰীত বিধানসভাত ৰাজস্থান বাজেট ২০২২-২৩ উপস্থাপন কৰে। ৰাজস্থানত বাজেট উপস্থাপনৰ পাছত প্ৰতিবাৰেই বিধায়কসকলক এটা ব্যয়বহুল উপহাৰ দিয়া হৈছিল। ৰাজস্থানৰ বাজেট উপস্থাপনৰ পাছত ২০০গৰাকী বিধায়কক এপ'ল আইফোন 13 উপহাৰ দিয়ে ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে। বিধায়কসকলক প্ৰায় ৭৫,০০০ টকাৰ পৰা ১ লাখ টকাৰ মূল্যৰ আইফোন ১৩ দিয়া হৈছে। তথ্য অনুসৰি ৰাজস্থান চৰকাৰে শেহতীয়াকৈ ২৫০ টা আইফোন ক্ৰয় কৰিছে। ইয়াৰ ভিতৰত বিধানসভাৰ সদস্যসকলক ২০০ টা আইফোন প্ৰদান কৰা হ'ব। বিধায়কসকলক এই ফোনটো দিয়াৰ আগতে বিধানসভাৰ এপটোও উন্নীত কৰা হৈছে। এয়া প্ৰথমবাৰৰ বাবে নহয় যে ৰাজ্য চৰকাৰে বিধায়কসকলক ইমান ব্যয়বহুল উপহাৰ দিছে,ইয়াৰ পূৰ্বেও বাজেটৰ সময়ত বিধায়কসকলক বহুতো ব্যয়বহুল উপহাৰ দিয়া হৈছিল।চৰকাৰে বাজেটত ৰাজ্যখনৰ ১ কোটি ৩৩ লাখ মহিলাক স্মাৰ্টফোন প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। এই মোবাইলসমূহ মুখ্যমন্ত্ৰীৰ ডিজিটেল সেৱা আঁচনিৰ অধীনত প্ৰদান কৰা হ'ব। ৩ বছৰৰ ইণ্টাৰনেট সংযোগ থকা ৩৩ লাখ চিৰঞ্জীৱী পৰিয়ালৰ মহিলা মুৰব্বীসকলক মোবাইলটো দিয়া হ'ব। ২০২১-২২ বৰ্ষৰ বাজেট সদনত উপস্থাপন কৰাৰ পাছত বিধায়কসকলক ব্ৰিফকেছত বাজেট সম্পৰ্কীয় নথিপত্ৰ ৰাখি তেওঁলোকক এপ'লৰ আইপেড প্ৰদান কৰিছিল। তাৰ আগৰ বাজেটত লেপটপ দিয়া হৈছিল। একে সময়তে এইবাৰ বিধায়কসকলৰ বাবে নতুন ঘৰো নিৰ্মাণ কৰা হৈছে। জয়পুৰত বিধায়কসকলক মানসৰোবৰত ফ্লেট দিয়া হৈছে। অশোক গেহলটৰ এইবাৰৰ উপহাৰৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰায় ২ কোটি টকা খৰচ হৈছে। একাংশ বিধায়কে কৈছিল যে যিহেতু চৰকাৰে তেওঁলোকক ফোনটো দিছে তেওঁলোকে ইয়াক জনসাধাৰণৰ কামৰ বাবে ব্যৱহাৰ কৰিব। ইফালে, ৰাজ্যিক বিজেপিৰ সভাপতি তথা বিধায়ক সতীশ পুনিয়াই ঘোষণা কৰে যে ৰাজ্য চৰকাৰৰ ওপৰত থকা বিত্তীয় বোজাৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ সকলো বিধায়কে আইফোন ঘূৰাই দিব। আৰু পঢ়কঃ ১০ বছৰ পূৰ্বে চুৰি হৈছিল ৫০০ বছৰীয়া হনুমানৰ মূৰ্তি! অষ্ট্ৰেলিয়াত উদ্ধাৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিৰাপত্তা বাহিনীৰ দ্বাৰা জম্মু-কাশ্মীৰৰ LoCত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ, এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী
মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ পত্নীৰ শোকাবহ মৃত্যু
ভূটানত পুনাটছাংচু-২ জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ, শক্তি ক্ষমতা ৪০ শতাংশলৈ বৃদ্ধি
ড° ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া ৰূপৰ মুদ্ৰাৰ সবিশেষ প্রকাশ
'বনতাৰা'ৰ তদন্তৰ বাবে SIT গঠন উচ্চতম ন্যায়ালয়ৰ
সম্ভাব্য বান পৰিস্থিতিক লৈ পাকিস্তানক পুনৰ কৰিলে সতৰ্ক ; ভাৰতৰ মানৱীয়তাৰ বাবেই প্রাণ বাচিল ২ লক্ষ পাকিস্তানীৰ
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ