--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ২৩ ফেব্ৰুৱাৰীত বিধানসভাত ৰাজস্থান বাজেট ২০২২-২৩ উপস্থাপন কৰে। ৰাজস্থানত বাজেট উপস্থাপনৰ পাছত প্ৰতিবাৰেই বিধায়কসকলক এটা ব্যয়বহুল উপহাৰ দিয়া হৈছিল। ৰাজস্থানৰ বাজেট উপস্থাপনৰ পাছত ২০০গৰাকী বিধায়কক এপ'ল আইফোন 13 উপহাৰ দিয়ে ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে। বিধায়কসকলক প্ৰায় ৭৫,০০০ টকাৰ পৰা ১ লাখ টকাৰ মূল্যৰ আইফোন ১৩ দিয়া হৈছে। তথ্য অনুসৰি ৰাজস্থান চৰকাৰে শেহতীয়াকৈ ২৫০ টা আইফোন ক্ৰয় কৰিছে। ইয়াৰ ভিতৰত বিধানসভাৰ সদস্যসকলক ২০০ টা আইফোন প্ৰদান কৰা হ'ব। বিধায়কসকলক এই ফোনটো দিয়াৰ আগতে বিধানসভাৰ এপটোও উন্নীত কৰা হৈছে। এয়া প্ৰথমবাৰৰ বাবে নহয় যে ৰাজ্য চৰকাৰে বিধায়কসকলক ইমান ব্যয়বহুল উপহাৰ দিছে,ইয়াৰ পূৰ্বেও বাজেটৰ সময়ত বিধায়কসকলক বহুতো ব্যয়বহুল উপহাৰ দিয়া হৈছিল।চৰকাৰে বাজেটত ৰাজ্যখনৰ ১ কোটি ৩৩ লাখ মহিলাক স্মাৰ্টফোন প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। এই মোবাইলসমূহ মুখ্যমন্ত্ৰীৰ ডিজিটেল সেৱা আঁচনিৰ অধীনত প্ৰদান কৰা হ'ব। ৩ বছৰৰ ইণ্টাৰনেট সংযোগ থকা ৩৩ লাখ চিৰঞ্জীৱী পৰিয়ালৰ মহিলা মুৰব্বীসকলক মোবাইলটো দিয়া হ'ব। ২০২১-২২ বৰ্ষৰ বাজেট সদনত উপস্থাপন কৰাৰ পাছত বিধায়কসকলক ব্ৰিফকেছত বাজেট সম্পৰ্কীয় নথিপত্ৰ ৰাখি তেওঁলোকক এপ'লৰ আইপেড প্ৰদান কৰিছিল। তাৰ আগৰ বাজেটত লেপটপ দিয়া হৈছিল। একে সময়তে এইবাৰ বিধায়কসকলৰ বাবে নতুন ঘৰো নিৰ্মাণ কৰা হৈছে। জয়পুৰত বিধায়কসকলক মানসৰোবৰত ফ্লেট দিয়া হৈছে। অশোক গেহলটৰ এইবাৰৰ উপহাৰৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰায় ২ কোটি টকা খৰচ হৈছে। একাংশ বিধায়কে কৈছিল যে যিহেতু চৰকাৰে তেওঁলোকক ফোনটো দিছে তেওঁলোকে ইয়াক জনসাধাৰণৰ কামৰ বাবে ব্যৱহাৰ কৰিব। ইফালে, ৰাজ্যিক বিজেপিৰ সভাপতি তথা বিধায়ক সতীশ পুনিয়াই ঘোষণা কৰে যে ৰাজ্য চৰকাৰৰ ওপৰত থকা বিত্তীয় বোজাৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ সকলো বিধায়কে আইফোন ঘূৰাই দিব। আৰু পঢ়কঃ ১০ বছৰ পূৰ্বে চুৰি হৈছিল ৫০০ বছৰীয়া হনুমানৰ মূৰ্তি! অষ্ট্ৰেলিয়াত উদ্ধাৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য