--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : তথাকথিত গোৰক্ষকৰ হাতত পুনৰ প্ৰাণ গ’ল সংখ্যালঘু লোকৰ। গোৰক্ষকৰ নাম লৈ বাটে-পথে একাংশ দুষ্কৃতিকাৰীয়ে সন্ত্ৰাস চলাই অহাটো এতিয়া এক সাধাৰণ কথাত পৰিণত হৈছে।পুনৰ এনে দুষ্কৃতিকাৰীৰ নৃশংসতাৰ বলি হৈছে এজন লোক। এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে, এজন সংখ্যালঘু লোকক একাংশ তথাকথিত গোৰক্ষকে নানা নিৰ্যাতন চলায়। এইসকল লোকৰ আক্ৰমণত লোকজনৰ মৃত্যু হয় আৰু তাৰ পাছতে তেওঁক এটা খাৱৈত পুতি থোৱা বুলি অভিযোগ উঠিছে। বিহাৰত এই ঘটনা সংঘটিত হৈছে। আক্ৰমণকাৰী লোকসকলৰ নিষ্ঠুৰতাৰ নিদৰ্শন দাঙি ধৰি লোকজনক আক্ৰমণকাৰীসকলে পেট্ৰ’ল ঢালি জ্বলাই দিয়া বুলিও অভিযোগ উঠিছে। লোকজনৰ মৃতদেহত নিমখ ঢালি দি পুতি থোৱা বুলিও অভিযোগ উঠিছে যাতে, মৃতদেহটো সোনকালে পচি যায়। জনতা দল ইউনাইটেডৰ এগৰাকী সদস্য তথা বিহাৰৰ সমষ্টিপুৰ জিলাৰ বাসিন্দা ভুক্তভোগী মহম্মদ খলিল আলম নামৰ লোকজনে আক্ৰমণকাৰী কেইজনক হাতে-ভৰিয়ে ধৰি তেওঁক মাৰ-ধৰ নকৰিবলৈ অনুৰোধ কৰা দেখা গৈছিল। কিন্তু তেওঁৰ অনুৰোধ তথা প্ৰাৰ্থনাত ক্ষান্ত নহ’ল আক্ৰমণকাৰীকেইজন। ভিডিঅ’টোত আক্ৰমণকাৰীকেইজন দৃষ্টিগোচৰ হোৱা নাই। কিন্তু তেওঁলোকে নানা ভয়-ভাবুকিৰে গো সৰবৰাহ আৰু গো মাংস বিক্ৰী সম্পৰ্কত বিভিন্ন প্ৰশ্ন কৰা শুনিবলৈ পোৱা যায়। আনকি লোকজনে কিমান গোমাংস তেওঁৰ জীৱনত খাইছে আৰু ল’ৰা ছোৱালীক খুৱাইছে সেই সম্পৰ্কতো প্ৰশ্ন কৰে আক্ৰমণকাৰীকেইজনে। এই ঘটনাৰ বিষয়ে পোহৰলৈ অহাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ৰাজ্যখনৰ বিৰোধী দলৰ নেতা তেজস্বী যাদৱে ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি সম্পৰ্কত প্ৰস্ন উত্থাপন কৰি কয় যে, এনে ঘটনাই চৰকাৰৰ ব্যৰ্থতাকে সূচাইছে। দেশত সাম্প্ৰদায়িক ঘৃণা তথা এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ লোকৰ প্ৰতি এনে নিষ্ঠুৰতা এতিয়া অতি উদ্বেগৰ বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ টা বলত ২২ ৰান ! CPL ২০২৫-ত আৰ চি বিৰ খেলুৱৈয়ে ৰচিলে ইতিহাস
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ত ৰাহুলক সংগ দিলে প্ৰিয়ংকা-ৰেৱন্ত ৰেড্ডীয়ে
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ