--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : তথাকথিত গোৰক্ষকৰ হাতত পুনৰ প্ৰাণ গ’ল সংখ্যালঘু লোকৰ। গোৰক্ষকৰ নাম লৈ বাটে-পথে একাংশ দুষ্কৃতিকাৰীয়ে সন্ত্ৰাস চলাই অহাটো এতিয়া এক সাধাৰণ কথাত পৰিণত হৈছে।পুনৰ এনে দুষ্কৃতিকাৰীৰ নৃশংসতাৰ বলি হৈছে এজন লোক। এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে, এজন সংখ্যালঘু লোকক একাংশ তথাকথিত গোৰক্ষকে নানা নিৰ্যাতন চলায়। এইসকল লোকৰ আক্ৰমণত লোকজনৰ মৃত্যু হয় আৰু তাৰ পাছতে তেওঁক এটা খাৱৈত পুতি থোৱা বুলি অভিযোগ উঠিছে। বিহাৰত এই ঘটনা সংঘটিত হৈছে। আক্ৰমণকাৰী লোকসকলৰ নিষ্ঠুৰতাৰ নিদৰ্শন দাঙি ধৰি লোকজনক আক্ৰমণকাৰীসকলে পেট্ৰ’ল ঢালি জ্বলাই দিয়া বুলিও অভিযোগ উঠিছে। লোকজনৰ মৃতদেহত নিমখ ঢালি দি পুতি থোৱা বুলিও অভিযোগ উঠিছে যাতে, মৃতদেহটো সোনকালে পচি যায়। জনতা দল ইউনাইটেডৰ এগৰাকী সদস্য তথা বিহাৰৰ সমষ্টিপুৰ জিলাৰ বাসিন্দা ভুক্তভোগী মহম্মদ খলিল আলম নামৰ লোকজনে আক্ৰমণকাৰী কেইজনক হাতে-ভৰিয়ে ধৰি তেওঁক মাৰ-ধৰ নকৰিবলৈ অনুৰোধ কৰা দেখা গৈছিল। কিন্তু তেওঁৰ অনুৰোধ তথা প্ৰাৰ্থনাত ক্ষান্ত নহ’ল আক্ৰমণকাৰীকেইজন। ভিডিঅ’টোত আক্ৰমণকাৰীকেইজন দৃষ্টিগোচৰ হোৱা নাই। কিন্তু তেওঁলোকে নানা ভয়-ভাবুকিৰে গো সৰবৰাহ আৰু গো মাংস বিক্ৰী সম্পৰ্কত বিভিন্ন প্ৰশ্ন কৰা শুনিবলৈ পোৱা যায়। আনকি লোকজনে কিমান গোমাংস তেওঁৰ জীৱনত খাইছে আৰু ল’ৰা ছোৱালীক খুৱাইছে সেই সম্পৰ্কতো প্ৰশ্ন কৰে আক্ৰমণকাৰীকেইজনে। এই ঘটনাৰ বিষয়ে পোহৰলৈ অহাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ৰাজ্যখনৰ বিৰোধী দলৰ নেতা তেজস্বী যাদৱে ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি সম্পৰ্কত প্ৰস্ন উত্থাপন কৰি কয় যে, এনে ঘটনাই চৰকাৰৰ ব্যৰ্থতাকে সূচাইছে। দেশত সাম্প্ৰদায়িক ঘৃণা তথা এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ লোকৰ প্ৰতি এনে নিষ্ঠুৰতা এতিয়া অতি উদ্বেগৰ বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ