--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নবীৰ পিতৃ-মাতৃ, ভাতৃ আৰু ভাতৃবধুকে ধৰি পৰিয়ালৰ বেছিভাগ লোক উক্ত দুমহলীয়া ঘৰটোত বাস কৰিছিল।

ডিজিটেল ডেস্ক : সোমবাৰে লালকিল্লাৰ সমীপত সংঘটিত কাৰ-বোমা বিস্ফোৰণৰ গাড়ীখন চলাই যোৱা ডাঃ ওমৰ উন-নবীৰ জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ কোলা নগৰত থকা পৰিয়ালৰ ঘৰটো বিস্ফোৰক ব্যৱহাৰ কৰি ধ্বংস কৰা হয়।


নবীৰ পিতৃ-মাতৃ, ভাতৃ আৰু ভাতৃবধুকে ধৰি পৰিয়ালৰ বেছিভাগ লোক উক্ত দুমহলীয়া ঘৰটোত বাস কৰিছিল।


পুলৱামাৰ চৰকাৰী বিষয়াই শুকুৰবাৰে পুৱা জনায় যে বৃহস্পতিবাৰে নিশা ঘৰটোৰ বাসিন্দাক বাহিৰলৈ উলিয়াই দি ঘৰটো বিস্ফোৰণ ঘটাই ধ্বংস কৰা হয়। স্থানীয় লোকে অভিযোগ কৰে যে উক্ত বিস্ফোৰণৰ বাবে কাষৰীয়া কেইবাটাও ঘৰ ক্ষতিগ্রস্ত হয়। অৱশ্যে জম্মু-কাশ্মীৰ আৰক্ষীয়ে এই সন্দৰ্ভত কোনো বিবৃতি জাৰি কৰা নাই।


ইয়াৰ পূৰ্বে উগ্রপন্থা সম্পর্কীয় গোচৰত অভিযুক্তৰ ঘৰ বে-আইনী কার্যকলাপ (প্রতিৰোধ) আইনৰ (ইউ এ পি এ) উপবন্ধৰ (প্রভিজিয়ন) অধীনত বাজেয়াপ্ত কৰা হৈছিল। শুকুৰবাৰৰ আগতে কাশ্মীৰত অভিযুক্তৰ ঘৰ ধ্বংস কৰা হৈছিল এপ্ৰিলৰ পহলগাম সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাৰ পাছত।


নবীয়ে হাৰিয়ানাৰ ফৰিদাবাদৰ আল ফালাহ বিশ্ববিদ্যালয়ৰ স্কুল অব্ মেডিকেল ছায়েন্সেজ এণ্ড ৰিছাৰ্চ চেণ্টাৰত চাকৰি কৰিছিল। বিস্ফোৰণৰ দুদিনমান আগতে উক্ত বিশ্ববিদ্যালয়ৰ দুগৰাকী চিকিৎসক ডাঃ মুজাম্মিল আহমদ গানাই আৰু ডাঃ শ্বাহীন শ্বাহিদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ