--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নবীৰ পিতৃ-মাতৃ, ভাতৃ আৰু ভাতৃবধুকে ধৰি পৰিয়ালৰ বেছিভাগ লোক উক্ত দুমহলীয়া ঘৰটোত বাস কৰিছিল।

ডিজিটেল ডেস্ক : সোমবাৰে লালকিল্লাৰ সমীপত সংঘটিত কাৰ-বোমা বিস্ফোৰণৰ গাড়ীখন চলাই যোৱা ডাঃ ওমৰ উন-নবীৰ জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ কোলা নগৰত থকা পৰিয়ালৰ ঘৰটো বিস্ফোৰক ব্যৱহাৰ কৰি ধ্বংস কৰা হয়।


নবীৰ পিতৃ-মাতৃ, ভাতৃ আৰু ভাতৃবধুকে ধৰি পৰিয়ালৰ বেছিভাগ লোক উক্ত দুমহলীয়া ঘৰটোত বাস কৰিছিল।


পুলৱামাৰ চৰকাৰী বিষয়াই শুকুৰবাৰে পুৱা জনায় যে বৃহস্পতিবাৰে নিশা ঘৰটোৰ বাসিন্দাক বাহিৰলৈ উলিয়াই দি ঘৰটো বিস্ফোৰণ ঘটাই ধ্বংস কৰা হয়। স্থানীয় লোকে অভিযোগ কৰে যে উক্ত বিস্ফোৰণৰ বাবে কাষৰীয়া কেইবাটাও ঘৰ ক্ষতিগ্রস্ত হয়। অৱশ্যে জম্মু-কাশ্মীৰ আৰক্ষীয়ে এই সন্দৰ্ভত কোনো বিবৃতি জাৰি কৰা নাই।


ইয়াৰ পূৰ্বে উগ্রপন্থা সম্পর্কীয় গোচৰত অভিযুক্তৰ ঘৰ বে-আইনী কার্যকলাপ (প্রতিৰোধ) আইনৰ (ইউ এ পি এ) উপবন্ধৰ (প্রভিজিয়ন) অধীনত বাজেয়াপ্ত কৰা হৈছিল। শুকুৰবাৰৰ আগতে কাশ্মীৰত অভিযুক্তৰ ঘৰ ধ্বংস কৰা হৈছিল এপ্ৰিলৰ পহলগাম সন্ত্রাসবাদী আক্ৰমণৰ ঘটনাৰ পাছত।


নবীয়ে হাৰিয়ানাৰ ফৰিদাবাদৰ আল ফালাহ বিশ্ববিদ্যালয়ৰ স্কুল অব্ মেডিকেল ছায়েন্সেজ এণ্ড ৰিছাৰ্চ চেণ্টাৰত চাকৰি কৰিছিল। বিস্ফোৰণৰ দুদিনমান আগতে উক্ত বিশ্ববিদ্যালয়ৰ দুগৰাকী চিকিৎসক ডাঃ মুজাম্মিল আহমদ গানাই আৰু ডাঃ শ্বাহীন শ্বাহিদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু